PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 06 OCT 2020 6:26PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত দ্ৰুতগতিত হ্ৰাস চিকিসাধীন ৰোগীৰ হাৰ; মুঠ আক্ৰান্তৰ ১৩.৭৫%হে চিকিসাধীন ৰোগী; নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ ৭৪% ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ; ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ নিশ্চিত হোৱা আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিছে নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই

ভাৰতত দ্ৰুতগতিত কমিছে চিকিসাধীন ৰোগীৰ % হাৰ। আজিৰ তাৰিখত মুঠ আক্ৰান্তৰ ১৩.৭৫%হে চিকিসাধীন ৰোগী বুলি তথ্য লাভ কৰা হৈছে। শেহতীয়া তথ্য মতে দেশত এই মুহূৰ্তত ক’ভিডৰ উপস্থিতি নিশ্চিত হোৱা লোকৰ সংখ্যা হৈছে ৯,১৯,০২৩গৰাকী। সক্ৰিয় ৰোগীৰ % হাৰৰ অৱনমিত ধাৰাক সমৰ্থন আগবঢ়াইছে আৰোগ্য লাভ কৰা ব্যক্তিৰ ক্ৰমবৰ্দ্ধমান হাৰে। এতিয়ালৈকে দেশত আৰো্গ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা হৈছেগৈ ৫৬,৬২,৪৯০গৰাকী। ইফালে, আৰোগ্য লাভ কৰা আৰু সক্ৰিয় ৰোগীৰ সংখ্যাৰ মাজৰ ব্যৱধানে ৪৭লাখ(৪৭,৪৩,৪৬৭)ৰ সীমা অতিক্ৰম কৰিছে। আৰোগ্য লাভ কৰোতা ব্যক্তিৰ সংখ্যা বৃদ্ধিৰ ক্ৰমবৰ্দ্ধমান ধাৰাই এই ব্যৱধান অধিকৰ পৰা অধিকতৰ কৰি ৰাখিছে। আৰোগ্য লাভ কৰোতাৰ উচ্চ হাৰে আৰোগ্য লাভৰ ৰাষ্ট্ৰীয় হাৰ ৮৪.৭০%লৈ উন্নীত কৰিছে। শেহতীয়া ২৪ ঘণ্টাত ৭৫,৭৮৭গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ লগতে চিকিত্সালয়ৰ পৰা ওভতাৰ অনুমতি লাভ কৰাৰ বিপৰীতে ৬১,২৬৭গৰাকী লোকৰ দেহত কভিডৰ উপস্থিতি নিশ্চিত কৰা হৈছে। ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ নিশ্চিত হোৱা আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিছে নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই। নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ ৭৪%ই মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিল নাডু, কেৰালা, উত্তৰ প্ৰদেশ, ওড়িশা, দিল্লী, চত্তিশগড় আৰু পশ্চিম বংগকে ধৰি ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। কেৱল মহাৰাষ্ট্ৰতে এটা দিনত প্ৰায় ১৩,০০০লোকে আৰোগ্য লাভ কৰা বুলি তথ্য উপলব্ধ হৈছে। যোৱা ২৪ ঘণ্টাত দেশত ৬১,২৬৭গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1661969

ক’ভিড-১৯ প্রতিৰোধেৰ বাবে আয়ুর্বেদ আৰু যোগনির্ভৰ চিকিসাগত ব্যস্থাপনাৰ ৰাষ্ট্ৰীয় খচৰা প্রকাশ কৰিলে ড০ হর্ষবর্ধন

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড০ হর্ষবর্ধন আজি ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে আয়ুর্বেদ আৰু যোগনির্ভৰ চিকিসা পদ্ধতিৰ ব্যস্থাপনাৰ এক ৰাষ্ট্ৰীয় খচৰা প্ৰকাশ কৰে৷ ভাৰ্চুয়েল এই অনুষ্ঠানত আয়ুষ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্রী শ্রীপদ য়েছো নায়ক, নীতি আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰ আৰু নীতি আয়োগৰ স্বাস্থ্য সংক্রান্তীয় বিভাগৰ সদস্য ড০ ভি কে পাল উপস্থিত থাকে৷ আয়ুর্বেদ আৰু যোগ চিকিসাৰ জৰিয়তে ক’ভিড-১৯ ৰোগ প্ৰতিৰোধৰ বাবে এক আন্তঃবিষয়ক কমিটী গঠন কৰা হয়। আইচিএমআৰৰ প্রাক্তন সঞ্চালক ড০ ভি এম কাটোছক এই কমিটীৰ মুৰব্বীৰ দায়িত্ব দিয়া হৈছে৷ চিকিসা সংক্রান্তীয় বিভিন্ন তথ্য, যিবোৰ পৰীক্ষা-নিৰীক্ষাত সফল হৈছে- সেইবোৰৰ ওপৰ ভিত্তি কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰা হয়। এই প্ৰতিবেদনত বিভিন্ন ঔষধৰ উপকাৰিতা আৰু সেইবোৰ ৰোগীৰ ওপৰত প্ৰয়োগ কৰিলে তাৰ কোনো প্ৰাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হ’ব নেকি ইত্যাদি তথ্য সন্নিৱিষ্ট কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1662002

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী পৰিষদৰ পঞ্চম বিশেষ অধিৱেশনত অধ্যক্ষতা ড০ হৰ্ষ বৰ্ধনৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে কালি ভাৰ্চুৱেলী বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী পৰিষদৰ পঞ্চম বিশেষ অধিৱেশনত অধ্যক্ষতা কৰে৷  অধিৱেশনত নিৰীক্ষক অংশগ্ৰহণকাৰী আৰু বিশ্ব স্বাস্থ্য কেন্দ্ৰৰ মুখ্য কাৰ্যালয়ৰ একাংশ জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে৷ অধিৱেশনত ক’ভিড-১৯ৰ প্ৰতি সংস্থাটোৱে গ্ৰহণ কৰৰা প্ৰয়োজনীয় পদক্ষেপ আৰু ইয়াৰ কাৰ্যকৰী ৰূপায়ণৰ সন্দৰ্ভত আলোচনা হয়৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1661847

ভিড-১৯ৰ প্ৰতিষেধকৰ মূল্যায়ন কৰাৰ বাবে ডিবিটি-টিএইচএছটিআইৰ বিশ্ব বায়এছক পৰীক্ষাগাৰ হিচাপে মান্যতা প্ৰদান চিইপিআইৰ

জৈৱ-প্ৰযুক্তি বিভাগৰ এক স্বতন্ত্ৰ সংস্থা ট্ৰান্সনেল হেল্থ ছায়েস্থ এণ্ড টেকনলজিকেল ইনষ্টিটিউট(টিএইচএছটিআই) ভিড-১৯ৰ প্ৰতিষেধকৰ মূল্যায়ন কৰাৰ বাবে বিশ্ব বায়এছক পৰীক্ষাগাৰ হিচাপে মান্যতা প্ৰদান কৰিছে চিইপিআয়ে৷ চিইপিআইৰ নেটৱৰ্কত আৰম্ভণিতে ৬টা পৰীক্ষাগাৰ থাকিব৷ সেইকেইটা ক্ৰমে কানাডা, ব্ৰিটেইন, ইটালী, নেডাৰলেণ্ড, বাংলাদেশ আৰু ভাৰতত স্থাপন কৰিব৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1661807

কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত বৃহ ভাৰ্চুৱেল সন্মিলন ৰেইজ, ২০২০ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত বৃহ ভাৰ্চুৱেল সন্মিলন ৰেইজ, ২০২০ উদ্বোধন কৰে। ৰেইজ, ২০২০ হৈছে এখনি বৈশ্বিক সভা হেল্থকেয়াৰ, কৃষি, শিক্ষা আৰু স্মাৰ্ট বিলিটি তথা আন ক্ষেত্ৰসমূহত সামাজিক ৰূপান্তৰ, অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ অৰ্থে এআই ব্যৱহাৰ সন্দৰ্ভত ধাৰণৰ বিনিময় আৰু ভৱিষ্যতৰ ৰূপৰেখা অংকন কৰা ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত আলোচনাক ৎসাহিত কৰিবলৈ উদ্যোক্তাসকলৰ এই প্ৰচেষ্টাৰ শলাগ লয়। তেখেতে কয়, প্ৰযুক্তিয়ে আমাৰ কৰ্মস্থানৰ ৰূপান্তৰ সাধন কৰিছে আৰু যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিছে। তেখেতে সামাজিক দায়বদ্ধতা আৰু এআইৰ মাজৰ সংমিশ্ৰণত মানৱস্পৰ্শিত এআইৰ বিকাশ সাধন হোৱাৰ আশা প্ৰকাশ কৰে। তেখেতে কয়, মানৱ স্পৰ্শিত এআইৰ টীমৱৰ্কে আমাৰ গ্ৰহটোৰ আশ্চৰ্য্য সাধন কৰিব। তেখেতে উল্লেখ কৰে যে জ্ঞান শিক্ষাৰ ক্ষেত্ৰত ভাৰতে বিশ্বখনক নেতৃত্ব প্ৰদান কৰিছে আৰু ডিজিটেল ক্ষেত্ৰটো কৃষ্টতা প্ৰদৰ্শন কৰি যাব আৰু বিশ্বখনক প্ৰোজ্জ্বল কৰিব। শ্ৰী মোদীয়ে কয়, স্বচ্ছতাৰ অগ্ৰগতি সাধন আৰু সেৱা আগবঢ়োৱাত প্ৰযুক্তিয়ে কিদৰে সহায় আগবঢ়াই, সেই ক্ষেত্ৰত ভাৰতে অভিজ্ঞতা আহৰণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কিদৰে বিশ্বৰ সৰ্ববৃহ একক পৰিচয় প্ৰণালী- আধাৰ তথা বিশ্বখনৰ অতিশয় উদ্ভাৱনীমূলক ডিজিটেল পেমেন্ট প্ৰণালী- ইউপিআয়ে দুখীয়া আৰু উপান্তলৈ প্ৰত্যক্ষ ধন হস্তান্তৰৰ দৰে বিত্তীয় সেৱাকে ধৰি ডিজিটেল সেৱাসমূহ সুগম কৰি তুলিছে সেই কথা উল্লেখ কৰে। মহামাৰীটোৰ সময়ছোৱাত, ইয়াৰ জৰিয়তে ক্ষীপ্ৰতাৰে আৰু অতিশয় ফলপ্ৰসূ উপায়েৰে জনসাধাৰণক সহায় আগবঢ়োৱা যায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ভাৰত বৈশ্বিক কেন্দ্ৰ হোৱাৰ কামনা কৰে আৰু আগন্তুক সময়ছোৱাত অধিক ভাৰতীয়ই ইয়াত কাম কৰিবলৈ আৰম্ভ কৰাৰ আশা প্ৰকাশ কৰে। তেখেতে কয়, এই লক্ষ্যৰ দিশে অগ্ৰগতি কেইটামান মূল নীতিৰ ওপৰত নিৰ্ভৰশীল। সেইকেইটা হৈছেঃ টীমৱৰ্ক, বিশ্বাস, সহযোগিতা, দায়বদ্ধতা আৰু অন্তৰ্ভুক্তি।

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1661859

সামাজিক সৱলীকৰণ ২০২০ৰ বাবে দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তাসন্মিলনৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ

অধিক বিৱৰণ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1661885

ইজৰাইলৰ প্ৰধানমন্ত্ৰী মিঃ বেঞ্জামিন নেতানিয়াহুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মিঃ বেঞ্জামিন নেতানিয়াহুৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে ইহুদী নৱবৰ্ষ আৰু সুক্কোত উত্সৱ উপলক্ষ্যে মিঃ নেতানয়াহু আৰু ইজৰাইলৰ জনসাধাৰণক উষ্ম অভিনন্দন জনায়। দুয়োগৰাকী নেতাই কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশেষভাৱে গৱেষণা, বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু ৰোগ নিৰ্ণয়ৰ যন্ত্ৰ-পাতিৰ ক্ষেত্ৰ পৰীক্ষণ আৰু ভেকচিনৰ বিকাশৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ অগ্ৰগতি ইতিবাচকভাৱে মূল্যায়ন কৰে। তেওঁলোকে কেৱল দুয়োখন দেশৰ জনসাধাৰণৰ হিতৰ বাবেই নহয়, মানৱতাৰ বৃহত্ কল্যাণৰ বাবেও এই গুৰুত্বপূৰ্ণ অঞ্চলবোৰত নিকট সহযোগিতাৰ ওপৰত সন্মত হয়। জল,কৃষি স্বাস্থ্য, ব্যৱসায়-বাণিজ্য, নতুন উদ্যোগ আৰু উদ্ভাৱনৰ দৰে বিষয়সমূহত যি সহযোগিতা দুয়োখন দেশৰ মাজত অব্যাহত আছে তাক লৈ উভয় নেতাই পৰ্যালোচনা কৰে আৰু এই সম্পৰ্কক আৰু অধিক গভীৰ কৰাৰ বাবে কি কৰা উচিত তাক লৈও আলোচনা কৰে। দুয়োগৰাকী নেতাই আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সমস্যা আৰু সম্ভাৱনাক লৈ নিয়মিতভাৱে আলোচনা অব্যাহত ৰখাত সহমত ব্যক্ত কৰে । ইয়াৰ ফলত দ্বি-পাক্ষিক অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় হব।

অধিক বিৱৰণ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1661828

চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে এছঅপি প্ৰকাশ শ্ৰী প্ৰকাশ জাভড়েকাৰৰ; ৫০% আসন ক্ষমতাৰে চিনেমা হলসমূহ মুকলিৰ অনুমতি

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰে আজি ইয়াত চলচ্চিত্ৰ প্ৰদৰ্শনৰ অৰ্থে সাধাৰণ মানসম্পন্ন পদ্ধতিৰ মুকলি কৰে। স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰে আলোচনা মৰ্মে চলচ্চিত্ৰ প্ৰদৰ্শনৰ অৰ্থে প্ৰতিৰোধী ব্যৱস্থাৰে এই এছঅপি যুগুত কৰা হৈছে৷ এই এছঅপি প্ৰকাশ কৰি, মন্ত্ৰীজনে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ১৫ অক্টোবৰ, ২০২০ৰপৰা চিনেমা হলসমূহ পুনৰ মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে এই এছঅপি প্ৰস্তুত কৰি উলিয়াইছে। এই নীতি-নিৰ্দেশনাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আগবঢ়োৱা সাধাৰণ নীতি-নিয়ম। আছে সকলো দৰ্শনাৰ্থী/ষ্টাফৰ থাৰ্মেল স্ক্ৰীণিং, যথোচিত শাৰীৰিক ব্যৱধান, ফেচ ভাৰ/মাস্কৰ ব্যৱহাৰ, ঘনাই হাত ধোৱা, হেণ্ড ছেনিটাইজাৰ আদিৰ ব্যৱস্থা ৰখা। চলচ্চিত্ৰ প্ৰদৰ্শনৰ অৰ্থে বিশেষভাৱে শ্বসন আচাৰ-বিধিক অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰালয়টোৱে এই খণ্ডটোত জাৰি কৰা আন্তঃৰাষ্ট্ৰীয় অনুশীলনৰ বিবেচনা সাপেক্ষে এই সাধাৰণ এছঅপি প্ৰস্তুত কৰে। সেই অনুসৰি, ইয়াত শাৰীৰিক দূৰত্ব, নিৰ্দিষ্ট শাৰী চিহ্নইদি প্ৰৱেশ আৰু প্ৰস্থান, ছেনিটাইজেশ্যন, ষ্টাফৰ সুৰক্ষা, সংস্পৰ্শ ন্যূনতম কৰাৰ কথা উল্লেখ কৰা হৈছে। আসনৰ ব্যৱস্থা মুঠ আসন ক্ষমতাৰ ৫০ শতাংশলৈ সীমিত কৰাৰ নিৰ্দেশনা প্ৰদান কৰা যায়। মাল্টিপ্লেক্সৰ প্ৰদৰ্শনৰ সময় সীমিত যাতে প্ৰদৰ্শনৰ সময়ৰ ওপৰা-ওপৰি নহয়। তাপমানৰ সীমা ২৪°-৩০° চেলিছিয়াছ ৰখা ব।

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1661973

৪২সংখ্যক জিএছটি বৈঠকৰ পৰাৱৰ্শৱলী

কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত কালি জিএছটি পৰিষদৰ ৪২সংখ্যক বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ উপৰি প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্ত মন্ত্ৰী তথা মন্ত্ৰালয়ৰ একাংশ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ এই উপলক্ষে বৈঠকত বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1661827

বিদ্যালয় পুনৰ খোলাৰ সন্দৰ্ভত শিক্ষা মন্ত্ৰালয়ৰ স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে জাৰি কৰিলে কেতবোৰ এছঅ’পি/নিৰ্দেশনা

শিক্ষা মন্ত্ৰালয়ৰ স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে কালি বিদ্যালয় পুনৰ খোলাৰ সন্দৰ্ভত কেতবোৰ এছঅ’পি/নিৰ্দেশনা জাৰি কৰে৷ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা ক’ভিড প্ৰট’কলৰ ভিত্তিত প্ৰস্তুত কৰা নিৰ্দেশনাসমূহ টুইটাৰযোগে ঘোষণা কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংকে’৷ এই নিৰ্দেশনা স্বাস্থ্য সম্পৰ্কীয় সাৱধানতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1661806

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ ৫ অক্টোবৰৰ পৰা মহাৰাষ্ট্ৰত ৰেষ্টুৰেণ্ট, বাৰসমূহত খোলাৰ বাবে দিয়া অনুমতিৰ প্ৰতি উদ্যোগখণ্ডই আদৰণি জনালেও গ্ৰাহকে সঁহাৰি জনোৱা পৰিলক্ষিত হোৱা নাই৷ মুম্বাইত বন্ধ হৈ ১৪,০০০ ৰেষ্টুৰেণ্টৰ ২৫-৩০% খোলা হৈছে যদিও কম গ্ৰাহক, কৰ্মচাৰী অনা-নিয়া আৰু থকাৰ অসুবিধাৰ সন্মুখীন হৈছে মালিকপক্ষ৷ সোমবাৰে, ৰাজ্যখনত ১০,২৪৪গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১২,৯৮২গৰাকী ৰোগী আৰোগ্য হৈছে৷
  • গুজৰাটঃ সোমবাৰে ১,৩২৭গৰাকী লোক নতুন আক্ৰান্তসহ গুজৰাটৰ ক’ভিড আক্ৰান্ত সংখ্যা ১.৪৪লাখলৈ বৃদ্ধি পালে৷ ইফালে কালি ৰাজ্যখনত ১,৪০৫গৰাকী ৰোগী আৰোগ্য হৈছে৷ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৮৫.৯৪%৷
  • ৰাজস্থানঃ মঙলবাৰে পুৱা ৰাজস্থানৰ ভিলৱাৰাৰ ছহৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক কৈলাস ত্ৰিৱেদীৰ ক’ভিডত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ পাছত গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিসালয়ত স্বাস্থ্যজনিত কাৰণত ৬৫বছৰ বয়সত মৃত্যু হয়৷ ৰাজস্থান চৰকাৰে পাঁচদিন পূৰ্বে এয়াৰ এম্বুলেন্সযোগে তেওঁক হাস্পতালখনলৈ নিছিল৷ ৰাজ্যখনত আজিলৈকে ক’ৰোনাত ১,৫৫৯গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমান ২১,২১৫গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • চত্তীশগড়ঃ সোমবাৰে ২,৬৮১জন নতুন আক্ৰান্তসহ চত্তীশগড়ৰ মুঠ ক’ভিড ৰোগীৰ সংখ্যা ১,২৬,০০৫জনলৈ বৃদ্ধি পালে৷ একেদৰে কালি ৩৬জন ক’ভিড ৰোগী মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১,০৮১জনলৈ বৃদ্ধি পালে৷ বৰ্তমান ৰাজ্যখনত ৩৫,৪৬৭জন ৰোগী চিকিসাধীন হৈ আছে৷
  • গোৱাঃ আজিৰে গোৱাৰ যিসকল লক্ষণবিহীন ক’ভিড ৰোগীয়ে হোম আইচ’লেচনত থাকিব বিচাৰে তেওঁলোকক ক’ভিড-১৯ কিট বিতৰণৰ কাম আৰম্ভ হৈছে৷ এই কিটত এটা এন৯৫ মাস্ক, পালছ অক্সিমিটাৰ, ডিজিটেল থাৰ্ম’মিটাৰ আৰু ভিটামিনসহ ঔষধ আছে৷
  • কেৰালাঃ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে কয় যে অসাৱধানৰ বাবে ৰাজ্যখনত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে৷  কালিৰ দিনটোত কেৰালাত ৫,০৪২গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ৮৪,৮৭৩জন ৰোগী চিকিসাধীন হৈ আছে৷ কেৰালাত ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৮৫৯গৰাকীলৈ বৃদ্ধি পাইছে৷
  • তামিলনাডুঃ সোমবাৰে মুখ্যমন্ত্ৰী এডাপ্লডী কে. পালানীস্বামী আৰু তিনি সতীৰ্থ কেবিনেট মন্ত্ৰীয়ে ৰাজভৱনত ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতক সাক্ষা কৰি ক’ভিড-১৯ পৰিস্থিতিকে ধৰি আন কেতবোৰ বিষয়ৰ সন্দৰ্ভত আলোচনা কৰে৷
  • কৰ্ণাটকঃ ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে কাইলৈ সাংসদ আৰু বিধায়কসকলক লৈ এক বৈঠক আহ্বান কৰিছে৷ বৃহস্পতিপাৰে উপাযুক্ত আৰু আৰক্ষী অধীক্ষকসকলক লৈও বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী৷
  • অন্ধ্ৰপ্ৰদেশঃ বিশাখাপট্টনমৰ কিং জৰ্জ হাস্পতালে ক’ভিশ্বিল্ড ক’ৰোনা ভাইৰাছ ভেকচিনৰ পৰীক্ষণৰ ক্ষেত্ৰত ঐতিহাসিক যাত্ৰা সম্পূৰ্ণ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ কঠোৰ নিৰ্দেশনা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়, ছেৰাম ইণ্ডিয়া লিমিটেড আৰু আইচিএমআৰৰ প্ৰট’কল মানি লৈ দুগৰাকী স্বেচ্ছাসেৱকক এই ভেকচিন প্ৰদান কৰা হৈছে৷ আঢ়ৈ মাহৰ পাছত ৰাজ্যখনত ৫,০০০তৈ কম লোক আক্ৰান্ত হৈছে৷ কালিৰ দিনটোত ৪,৯৪৪গৰাকী লোক আক্ৰান্ত হয়৷ ৰাজ্যখনৰ মৃত্যুৰ সংখ্যা ৬ হাজাৰৰ সীমা অতিক্ৰম কৰিছে৷
  • তেলংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানা ১,৯৮৩গৰাকী নতুন আক্ৰান্ত, ২,৩৮১গৰাকী আৰোগ্য আৰু ১০জন ক’ভিড ৰোগীৰ মৃত্যু তথ্য পোৱা গৈছে৷ ৰাজ্যখনৰ মুঠ আক্ৰান্ত সংখ্যা ২,০২,৫৯৪জনৰ বিপৰীতে বৰ্তমান ২৬,৬৪৪জন ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনত বৰ্তমানলৈকে ১,১৮১জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
  • অৰুণাচলঃ কালি অৰুণাচলত ২৩৫জন লোক নতুনতৈ আক্ৰান্ত হৈছে৷ ৰাজ্যখনত চিকিসাধীন ৰোগীৰ সংখ্যা প্ৰায় ৩,০০০জন৷ এতিয়ালৈকে ৰাজ্যখনত ১৯জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
  • মনিপুৰঃ ৰাজ্যখনত ২৫০জন নতুন ক’ভিড ৰোগীত তথ্য পোৱা গৈছে৷ নতুনকৈ এজন লোকৰ মৃত্যুকে ধৰি ৰাজ্যখনৰ ক’ভিডত মৃত লোকৰ সংখ্যা ৭৫জনলৈ বৃদ্ধি পাইছে৷ আৰোগ্যৰ হাৰ ৭৭ শতাংশ৷
  • মেঘালয়ঃ ৰাজ্যখনত চিকিসাধীন ৰোগীৰ সংখ্যা ২,২১৭জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰে ১২৩জন সেনা জোৱান৷ ৰাজ্যখনত এতিয়ালৈকে ৪,৪৯১জন লোক আৰোগ্য হৈছে৷
  • মিজোৰামঃ ৮ জন নতুন আক্ৰান্তসহ মিজোৰামৰ ক’ভিড আক্ৰান্তৰ সংখ্যা ২,১২৮জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰে ২৯১জন ৰোগী বৰ্তমান চিকিসাধীন হৈ আছে৷
  • নাগালেণ্ডঃ সোমবাৰে নাগালেণ্ডত নতুনকৈ ৪২জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াৰে ডিমাপুৰৰ ৩০জন, মনৰ ৮জন আৰু ক’হিমাৰ ৪জন লোক আছে৷

FACT CHECK

*********************

 



(Release ID: 1662186) Visitor Counter : 205