ভাৰতীয় নিৰ্বাচন আয়োগ

বিহাৰত মুক্ত, নিৰপেক্ষ, সহভাগীদাৰিত্বপূৰ্ণ আৰু নিৰাপদে নিৰ্বাচন অনুষ্ঠিত কৰাটোক প্ৰাথমিকতা প্ৰদান কৰা হৈছে : মু্খ্য নিৰ্বাচন আয়ুক্ত

ক’ৰোনা-প্ৰেক্ষাপটৰ মাজতে বিহাৰ বিধানসভাৰ নিৰ্বাচন উপলক্ষে নিৰ্বাচনী পৰ্যবেক্ষকসকলৰ সৈতে ‘ভাৰ্চুৱেল’ সভা অনুষ্ঠিত কৰিলে নিৰ্বাচন আয়োগে

Posted On: 05 OCT 2020 5:24PM by PIB Guwahati

বিহাৰ বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ লগতে ৰাজ্যখনত অনুষ্ঠিত হব লগা উপনিৰ্বাচনৰ বাবে নিয়োজিত হব লগা নিৰ্বাচনী পৰ্যবেক্ষকসকলক নিৰ্বাচন সম্পৰ্কীয় বিধি-নিৰ্দেশনা অৱগত কৰাৰ উদ্দেশ্যে ভাৰতৰ নিৰ্বাচন আয়োগে আজি এক আলোচনা সভা অনুষ্ঠিত কৰে। সভাখনত অনন্য ৰূপত এই প্ৰথমবাৰৰ বাবে ৭০০ৰো অধিক সাধাৰণ, আৰক্ষী তথা নিৰ্বাচনী ব্যয় সম্পৰ্কীয় নিৰ্বাচনী পৰ্যবেক্ষকে দেশৰ ভিন্ন প্ৰান্তৰ ১১৯টা স্থানৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰাৰ উপৰি দিল্লীত নিয়োজিত প্ৰায় ৪০গৰাকী পৰ্যবেক্ষকে সোঁশৰীৰে উপস্থিত থাকে। 

উপস্থিত পৰ্যবেক্ষকসকলক সম্বোধন কৰি দিয়া ভাষণত মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী সুনীল আৰোৰাই কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত পৃথিৱীৰ বিভিন্ন প্ৰান্তত শেহতীয়া ভাবে অনুষ্ঠিতব্য নিৰ্বাচনসূচীত পৰিব পৰা প্ৰভাৱৰ গোলকীয় প্ৰেক্ষপট বৰ্ণোৱাৰ লগতে বিহাৰৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে সম্পন্ন কৰা সমীক্ষাৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰে। কৰোনা মহামাৰীৰ মাজত অনুষ্ঠিত হবলগীয়া বৃহত্তম নিৰ্বাচনী পৰ্ব হিচাপে বিহাৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া যিহেতু সমগ্ৰ পৃথিৱীয়েই অতি সুক্ষ্ণভাবে নিৰীক্ষণ কৰিব সেয়ে, এইবেলিৰ নিৰ্বাচনী কাম-কাজ সম্পন্ন কৰাত অধিক সৰ্তকতা অৱলম্বন কৰাটোত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ নিৰীক্ষকসকলক সতৰ্ক কৰি দিয়ে। ভাষণ প্ৰসংগত তেওঁ এক মুক্ত, নিৰপেক্ষ, স্বচ্ছ, নীতিনিষ্ঠ আৰু কভিড-ৰ পৰা সুৰক্ষিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ দায়বদ্ধতা দোহাৰে। তেওঁ ভোটদাতা নাগৰিকেই গণতন্ত্ৰৰ শক্তিৰ মূলধাৰ বুলি উল্লেখ কৰে। ভোটদানৰ দিনা যাতে সকলো ভোটদাতাই নিৰ্ভয় হৈ নিৰাপদে আৰু মুকলি মনেৰে ভোটদান কৰিবহি পাৰে তেনে এক পৰিৱেশ গঢ়ি তোলাৰ বাবে সকলো পদক্ষেপ গ্ৰহণতো তেওঁ গুৰুত্ব আৰোপ কৰে। পৰ্যবেক্ষকসকলক স্থানীয় নিৰ্বাচনী ব্যৱস্থাৱলীৰ বন্ধু, পৰামৰ্শদাতা আৰু পথ-প্ৰদৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হৈ সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় মুখ্য আয়ুক্তগৰাকীয়ে।

সভাত ভাষণ দি নিৰ্বাচন আয়ুক্ত শ্ৰী সুশীল চন্দ্ৰই নিৰ্বাচনী পৰ্যবেক্ষকসকলৰ ভূমিকাৰ তাত্পৰ্য ব্যাখ্যা কৰে। ইতিমধ্যে দুগৰাকী বিশেষ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক নিয়োগ কৰাৰ কথা উল্লেখ কৰি তেওঁ নিৰ্বাচনৰ প্ৰক্ৰিয়া আগবঢ়াৰ লগে লগে প্ৰয়োজন সাপেক্ষে আৰু অধিক সংখ্যক বিশেষ পৰ্যবেক্ষকক নিযুক্তি দিয়াৰ কথা বিবেচনা কৰা হব বুলি জানিবলৈ দিয়ে। তেওঁ যোৱা ২১ আগষ্ট ২০২০ত আয়োগে জাৰি কৰা আৰু বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰা বিধি-নিৰ্দেশনাৱলী কঠোৰ ভাবে মানি চলাতো গুৰুত্ব আৰোপ কৰে। কৰ্তব্য সমাপনৰ সময়ত সন্মুখীন হোৱা অভিযোগ আদি সক্ৰিয়তাৰে মীমাংসা কৰাৰ লগতে নিৰপেক্ষতা নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্টসকলক পৰামৰ্শ দিয়ে।

ইফালে, নিজৰ ভাষণত নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰে বিষয়াসকলক পৰ্যবেক্ষক হিচাপে নিৰ্বাচন আয়োগৰ হৈ কাম কৰাটোযে এক সাংবিধানিক দায়িত্ব সেই কথা সোঁৱৰাই দিয়ে। কাৰ্যক্ষেত্ৰত তেওঁলোকেই নিৰ্বাচন আয়োগক প্ৰতিনিধিত্ব কৰে বুলি সকলো সময়তে তেওঁলোকে মনত ৰখা উচিত বুলিও তেওঁ বিষয়াসকলক সঁকীয়াই দিয়ে।

এই সভাত নিৰ্বাচনী উপ আয়ুক্ত তথা বিহাৰৰ ৰাজ্যিক তত্বাৱধায়ক শ্ৰী চন্দ্ৰ ভূষণ কুমাৰে আইনগত প্ৰসংগ,  বিশেষকৈ কভিড-১৯ৰ প্ৰেক্ষাপটত আদৰ্শ আচৰণ বিধি আদিৰ দৰে প্ৰসংগত কৰণীয়সমূহৰ বিষয়ে বহলাই কয়।

 

 

***********

SBS/MR/AC/KB


(Release ID: 1661870) Visitor Counter : 140