জল শক্তি মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ আৰু নেতৃত্বত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহত খোৱাপানী যোগান ধৰিবলৈ আৰম্ভ কৰিলে ১০০ দিনীয়া মিছন মোড অভিযান

ৰাজহুৱা প্ৰতিষ্ঠানসমূহত খোৱাপানী যোগান ধৰা নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ৰাজ্যকে ১০০ দিনৰ অভিযানৰ সৰ্বোত্তম ব্যৱহাৰৰ বাবে আহ্বান জনাইছে

Posted On: 02 OCT 2020 6:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ আৰু দূৰদৰ্শী নেতৃত্বত দেশৰ শিশুসকলৰ মাজত বিশুদ্ধ আৰু নিৰাপদ খোৱাপানী যোগান ধৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে আজি ১০০ দিনৰ ভিতৰত দেশৰ সকলো বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহত পাইপৰ জৰিয়তে খোৱাপানী যোগান ধৰাৰ এক বিশেষ অভিযানৰ শুভাৰম্ভ কৰে। জল জীৱন মিছন বাস্তৱায়িত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ২৯ ছেপ্টেম্বৰত গাঁও পঞ্চায়ত আৰু জল সমিতিসমূহৰ বাবে মাৰ্গদৰ্শিকা প্ৰকাশ কৰাৰ সময়তে তেওঁ এই অভিযানৰ কথা অৱগত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উক্ত অনুষ্ঠানতে অহা ১০০ দিনৰ ভিতৰত দেশৰ সকলো বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহত পাইপৰ জৰিয়তে পানী যোগান ধৰা নিশ্চিত কৰিবলৈ ২ অক্টোবৰ,২০২০ত ১০০ দিনৰ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ ৰাজহুৱা প্ৰতিষ্ঠানসমূহত খোৱাপানী যোগান ধৰা নিশ্চিত কৰিবলৈ সকলো ৰাজ্যকে ১০০ দিনৰ অভিযানৰ সৰ্বোত্তম ব্যৱহাৰৰ বাবে আহ্বান জনাইছে। শিশুসকল বিভিন্ন পানীজনিত ৰোগৰ চিকাৰ হোৱাৰ বাবে তেওঁলোকৰ বাবে বিশুদ্ধ খোৱাপানী সৰবৰাহৰ বিষয়টিক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে।

 

ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অন্তৰ্গত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অভিযানৰ সময়ত এয়া নিশ্চিত কৰিবলৈ কোৱা হৈছে যে গাঁও সভাই আগন্তুক ১০০ দিনৰ ভিতৰত বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ আৰু আন ৰাজহুৱা স্থানত পাইপৰ জৰিয়তে সুৰক্ষিত খোৱাপানী যোগান ধৰাৰ বাবে শীঘ্ৰে এক প্ৰস্তাৱ উথ্থাপন কৰে। এই সেৱা গাঁৱৰ জল আৰু পৰিচ্ছন্নতা কমিটী বা জল সমিতিয়ে পৰিচালনা কৰিব। ইয়াৰ ফলত আমাৰ শিশুসকলৰ সাৰ্বিক বিকাশ নিশ্চিত হব। মহাত্মা গান্ধীৰ ১৫১সংখ্যক জন্ম দিৱসত জাতিৰ পিতাৰ প্ৰতি এয়া যথাৰ্থ শ্ৰদ্ধা নিবেদন।

 

২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰত্যেক পৰিয়ালত পাইপৰ জৰিয়তে খোৱাপানী সৰবৰাহ নিশ্চিত কৰাটো জল জীৱন মিছনৰ লক্ষ্য। মহিলা আৰু শিশুসকলক এই প্ৰকল্পত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ডায়েৰিয়া, ডিচেণ্ট্ৰি, কলেৰা, টাইফয়েড ইত্যাদি জলজনিত ৰোগত শিশুসকল সৰ্বাধিক ক্ষতিগ্ৰস্ত হয়। তেওঁলোকৰ শাৰিৰীক বিকাশৰ সময়ত এইধৰণৰ সংক্ৰমণে বিৰূপ প্ৰভাৱ পেলায়। যিসমূহ অঞ্চলৰ পানীত আৰ্ছেনিক,ফ্লৰাইড, ক্ষতিকাৰক ধাতু ইত্যাদি পোৱা যায় তেনে অঞ্চলসমূহত এইধৰণৰ পানী সেৱনৰ ফলত জটিল শাৰিৰীক সমস্যাৰ সৃষ্টি হয়। সেয়ে এই অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলত এইসমূহ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে।

 

 *******************************************************

 

APS/MG/AS/KG



(Release ID: 1661173) Visitor Counter : 219