প্ৰতিৰক্ষা মন্ত্ৰালয়

৮৮সংখ্যক বায়ুসেনা দিৱসঃ বিমান প্ৰদৰ্শনী

Posted On: 02 OCT 2020 12:28PM by PIB Guwahati

ভাৰতীয় বায়ুসেনাই অহা ৮ অক্টোবৰ,২০২০ত গৌৰৱপূৰ্ণ ৮৮সংখ্যক বাৰ্ষিকী উদযাপন কৰিব। হিন্দান(গাজিয়াবাদ)বিমান ঘাটিত অনুষ্ঠিতব্য বায়ুসেনা দিৱসৰ পেৰেড তথা অলংকৰণ সমাৰোহত বায়ুসেনাৰ বিভিন্ন যুদ্ধ বিমানে ৰোমাঞ্চকৰ কচৰতৰ প্ৰদৰ্শন কৰিব। এই বিমান প্ৰদৰ্শনীৰ আখৰা ১অক্টোবৰ,২০২০ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হব। যিসমূহ এলেকাৰ ওপৰেৰে এই বিমানসমূহে নিম্ন পৰ্যায়ত উৰা মাৰিব সেইসমূহ হৈছে-ৱাজীপুৰ ব্ৰীজ-কাৰৱালনগৰ-আফজালপুৰ-হিন্দান, শ্বামলী-জিৱানা-চণ্ডীনগৰ-হিন্দান, হাপুৰ-ফিলকুৱা-গাজিয়াবাদ-হিন্দান।

 

পক্ষীবোৰে উৰণ বিমানৰ বাবে, বিশেষভাৱে নিম্ন স্তৰত অতি গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰে। পক্ষীক আকৰ্ষণ কৰিবৰ বাবে মুকলি স্থানত খাদ্য পেলাই দিয়া হয়। বিমান, পাইলট আৰু ভূমিত থকা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰতীয় বায়ু সেনা বাহিনীয়ে দিল্লী, গাজিয়াবাদ আৰু ইয়াৰ ওচৰৰ সকলো নাগৰিকক মুকলি স্থানত খাদ্য আৰু আৱৰ্জনা নেপেলাবলৈ অনুৰোধ জনাইছে। লগতে, যদিহে তেওঁলোকে মুকলি স্থানত পৰি থকা শৱদেহ/মৃত জন্তু প্ৰত্যক্ষ কৰে তেনেক্ষেত্ৰত তেওঁলোকে ইয়াৰ নিস্পত্তিৰ ব্যৱস্থা কৰাৰ বাবে বিষয়টো নিকটতম বায়ুসেনা গোট/আৰক্ষী থানাক জনাব লাগিব। লগতে অনুগ্ৰহ কৰি  বাৰ্ড হাজাৰ্ড কম্বেট টীম (বিএইচচিটি)ৰ ভাৰপ্ৰাপ্ত বিষয়াক ৯৫৫৯৮৯৮৯৬৪ নম্বৰত ফোন নাইবা এছএমএছ কৰক।

 

৮ অক্টোবৰ,২০২০ৰ পুৱা ৮ বজাত প্ৰসিদ্ধ আকাশীগংগা দলৰ পতাকাধাৰী সৈনিকে ৰাষ্ট্ৰীয় পতাকা লৈ এএন-৩২ বিমানৰ পৰা মুকলি আকাশত স্কাই ডাইভিঙেৰে বায়ু সেনাৰ বিমান প্ৰদৰ্শনৰ আৰম্ভ কৰিব।

 

এই ফ্লাইপাষ্টত পুৰণি বিমান, আধুনিক পৰিবহন বিমান আৰু ফ্ৰণ্টলাইন যুঁজাৰু বিমান থাকিব। সমাৰোহৰ অন্ত ১০.৫২ত পৰিব বিমানৰ দ্বাৰা কৰা এক ৰোমাঞ্চকাৰী প্ৰদৰ্শনেৰে।

 *******************************************************

 

ABB/IN/PRS/DKS/KG

 



(Release ID: 1661171) Visitor Counter : 132