জল শক্তি মন্ত্ৰালয়

গ্ৰাম্যাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীলৈ, বিশেষকৈ দৰিদ্ৰ পৰিয়ালসমূহলৈ নল-সংযোগী পানীৰ যোগান নিশ্চিত কৰাৰ বাবে ‘জল জীৱন মিছন’ কাৰ্যক্ৰমৰ সফল ৰূপায়ণ সম্ভৱ কৰাৰ বাবে প্ৰয়াসৰত হ’বলৈ ‘সৰপঞ্চ’ আৰু গাঁওবুঢ়াসকললৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে

Posted On: 01 OCT 2020 5:21PM by PIB Guwahati

জল জীৱন মিছন(জেজেএম)ৰ সফল ৰূপায়ণ সম্ভৱ কৰি তোলাৰ বাবে প্ৰয়াসৰত হবলৈ দেশৰ সকলো সৰপঞ্চ আৰু গাঁওবুঢ়াসকললৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে। যোৱা ২৯ ছেপ্টেম্বৰ, ২০২০ত দেশৰ সকলো সৰপঞ্চ আৰু গাঁওবুঢ়ালৈ প্ৰেৰণ কৰা এক পত্ৰ যোগে প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনায়। জল জীৱন মিছনৰ মূল লক্ষ্যই হল প্ৰতিঘৰ গৃহস্থীলৈ পানীৰ যোগান সম্ভৱ কৰা আৰু এই লক্ষ্যত উপনীত হবলৈ হলে প্ৰতিটো পঞ্চায়তৰ মূৰব্বী সৰপঞ্চ আৰু গাঁৱৰ গাঁওবুঢ়াসকলৰ দৰে সমাজৰ মুখীয়ালসকলৰ সহায়ৰ নিতান্তই প্ৰয়োজন হব। সৰ্বসাধাৰণ ৰাইজে কেনেকৈ এই অভিযান সফল কৰাৰ বাবে অৰিহণা আগবঢ়াই ইতিহাস ৰচনা কৰিছে তাৰ বিস্তৃত উল্লেখ প্ৰধানমন্ত্ৰীয়ে কৰিছে। এই মিছনৰ জৰিয়তে কেৱল পানীৰ যোগান নিশ্চিত কৰাই নহয়, বৰং হাইজা, গ্ৰহণী, ডায়েৰীয়া, এনচেফেলাইটিছ, টাইফয়েদৰ দৰে জল-সংক্ৰমিত ৰোগৰ সমস্যাকো নিয়ন্ত্ৰণত সহায়ক হব। ইফালে নিৰাপদ আৰু নিৰ্মল পানী খুউৱাৰ ফলত পশুধনৰ স্বাস্থ্যই কেৱল উন্নত নহয়, ইয়াৰ লগতে এইবোৰৰ উত্পাদনশীলতাও বৃদ্ধি পাব আৰু ইয়াৰ পৰিণতিত পৰিয়ালসমূহৰ আয় বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে পঞ্চায়তসমূহৰ লগতে সামগ্ৰিকভাবে দেশৰ জনসাধাৰণক জল জীৱন মিছনক গণ আন্দোলনৰ ৰূপত গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

ৰোনা মহামাৰীৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজি থকাৰ মাজতে আৰু সমান্তৰাল ভাবে আত্ম-নিৰ্ভৰতাক সাৰোগত কৰি প্ৰকৃতাৰ্থতে এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে এনেদৰে আহ্বান জনাই প্ৰেৰণ কৰা পত্ৰখনৰ সময়টো নিতান্তই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। পত্ৰখনত শেহতীয়া ছটাবছৰত পথ-যোগাযোগ, গৃহ নিৰ্মাণ, শৌচাগাৰ নিৰ্মাণ, গেছৰ সংযোগ প্ৰদান, বিদ্যুতৰ সংযোগ প্ৰদান, বেংকত একাউণ্ট খোলা আৰু সকলোৰে বাবে পেন্সনৰ দিহা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা বিশেষ ভাবে উল্লেখ কৰা হয়।

পানীৰ অভাৱে কেনেকৈ মহিলা আৰু শিশুসকলৰ জীৱন দুৰ্বিষহ কৰি তোলে সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পত্ৰখনত সবিস্তাৰে উল্লেখ কৰিছে। জল-প্ৰবন্ধনৰ ক্ষেত্ৰত মহিলাসকলে আগভাগ লব আৰু এয়া মহিলাসকলে অতি উত্তম প্ৰক্ৰিয়াৰে সম্পন্ন কৰিব পাৰিব বুলি বিশ্বাস প্ৰকট কৰা প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে এইক্ষেত্ৰত সহযোগীৰ ভূমিকাহে পালন কৰিব বুলি উল্লেখ কৰে। জল জীৱন মিছনৰ জৰিয়তে গ্ৰামাঞ্চলত নিয়োগ সম্ভাৱনাৰো সৃষ্টি কৰা হব আৰু এই কাৰ্যক্ৰমক গৰীৱ কল্যাণ ৰোজগাৰ যোজনাৰ অধীনত কৰোনা মহামাৰীৰ বাবে গাঁৱলৈ উভতি আহিবলগীয়া হোৱা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ণৰ দিহা কৰা হব।

তেওঁ, গ্ৰাম্যাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীলৈ, বিশেষকৈ দৰিদ্ৰ পৰিয়ালসমূহলৈ নল-সংযোগী পানীৰ যোগান নিশ্চিত কৰাৰ বাবে জল জীৱন মিছন কাৰ্যক্ৰমৰ সফল ৰূপায়ণ সম্ভৱ কৰাৰ বাবে প্ৰয়াসৰত হবলৈ সৰপঞ্চ আৰু গাঁওবুঢ়াসকললৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জীৱনৰ পৰিৱৰ্তন সাধান কৰিব পৰা জল জীৱন মিছনৰ অধীনত প্ৰতিখন গাঁৱৰ প্ৰতি ঘৰ গৃহস্থীলৈ গাঁও পঞ্চায়ত/গ্ৰাম্য জল আৰু অনাময় সমিতি/জল সমিতি আদিৰ জৰিয়তে পৰিচালিত হ লগা পানী যোগান আঁচনিৰ বাবে যুগুতোৱা মাৰ্গদৰ্শিকা(Click here to view the ‘Margdarshika’) খনো উন্মোচন কৰে। সেইদৰে জল জীৱন মিছনৰ প্ৰতীকটোও তেওঁ আনুষ্ঠানিক ভাবে উন্মোচিত কৰে। ২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো গৃহস্থীলৈ নল-সংযোগী পানীৰ যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সহযোগিতাৰে ৰূপায়িত এই কাৰ্যক্ৰমৰ জৰিয়তে যোৱা এটা বছৰত ২.৩০ কোটি পৰিয়াললৈ পানীৰ যোগান ধৰা হৈছে। ইয়াকে ধৰি আজিৰ তাৰিখত দেশৰ ৫.৫০ কোটি পৰিয়াল, অৰ্থাত দেশৰ মুঠ গাঁওবাসীৰ ৩০%ই এতিয়া নল-সংযোগী নিৰাপদ আৰু নিৰ্মল পানীৰ নিশ্চয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

*******

 

APS/MG/AS/KB



(Release ID: 1660828) Visitor Counter : 156