আয়ুষ

স্বাস্থ্য আৰু পুষ্টি সন্দৰ্ভত মহাত্মা গান্ধীৰ চিন্তাধাৰাক পুনৰুজ্জীৱিত কৰিবলৈ এলানি বিশাল ৱেবিনাৰৰ আয়োজন

Posted On: 30 SEP 2020 12:25PM by PIB Guwahati

অহা অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মহাৰাষ্ট্ৰ আৰু গোৱা ৰিজিঅনেল আউটৰীচ্চ ব্যুৰ’(আৰঅবি) সহযোগিতায় পুণেৰ দা নেচনেল ইনষ্টিটিউট অফ নেচাৰপেথীত ৪০ দিনীয়া এলানি ৱেবিনাৰৰ আয়োজন কৰিছে। এই ৱেবিনাৰসমূহ অক্টোবৰৰ পৰা ১৮ নৱেম্বৰৰ নেচাৰপেথী দিৱসলৈকে চলিব৷ প্ৰতিদিনে পুনা ১১বজাৰ পৰা ১২বজালৈকে ৱেবিনাৰসমূহ অনুষ্ঠিত ব৷ যি কোনো ব্যক্তিয়ে ফেচবুকত https://www.facebook.com/punenin-এই লিংক ক্লিক কৰিলে এই ৱেবিনাৰসমূহ প্ৰত্যক্ষ কৰি পাৰিব৷ ৱেবিনাৰত যোগদানৰ বাবে আগতীয়া পঞ্জীয়নৰ প্ৰয়োজন নাই। কেইখনমান ৱেবিনাৰ আয়ুষ ভাৰ্চৱেল কনভেনচন চেণ্টাৰত আয়োজন কৰা ব৷ এই ৱেবিনাৰসমূহত যোগদানৰ লিংক আয়ুষ মন্ত্ৰালয়ে সদৰি কৰিব৷

'মহাত্মা গান্ধী - নিৰাময়কাৰী' শীর্ষক চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি এই ৱেবিনাৰসমূহ আয়োজন কৰা ব৷ একৈশ শতিকাত সমাজৰ সকলো শ্রেণীৰ লোকৰ মাজত স্বাস্থ্য আৰু পুষ্টি সন্দৰ্ভত মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ প্রাসংগিকতাৰ গুৰুত্বক প্ৰচাৰ কৰা উদ্দেশ্যেই এই ৱেবিনাৰসমূহ আয়োজন কৰা হৈছে৷ বিশেষকৈ, নেচাৰপেথীৰ উপকাৰিতা সম্পৰ্কে প্ৰচাৰৰ বাবেই এই ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।

এই ৱেবিনাৰসমূহত স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কত গান্ধীজিৰ চিন্তাধাৰাক লৈ বিশিষ্ট শিক্ষাবিদ, চিকিসক আৰু বিশেষজ্ঞসকলে মতামত আৰু অভিজ্ঞতা বিনিময় কৰিব৷ ৱেবিনাৰসমূহত অংশগ্ৰহণ কৰিবলগীয়া বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত মার্কিন যুক্তৰাষ্ট্ৰৰ ড০ মার্ক লিণ্ডলে, অষ্ট্ৰেলিয়াৰ ড০ গাম্ভী ৱাটছ, বিশিষ্ট গান্ধীবাদী ঐতিহাসিক ড০ গীতা ধৰমপাল, অধ্যাপক শম্ভু প্ৰসাদ, ভাৰতীয় জনস্বাস্থ্যৰ সঞ্চালক অধ্যাপক শ্রীনাথ ৰেড্ডী উল্লেখযোগ্য৷ ৱেবিনাৰসমূহত গান্ধীজীৰ কর্মজীৱন আৰু আদর্শক লৈ এলানি দুর্লভ ছুটী ছবি প্ৰদৰ্শন কৰা হব৷

উল্লেখ্য যে মহাত্মা গান্ধীয়ে ১৯৪৫ৰ ১৮ নৱেম্বৰত নেচাৰ কেয়াৰৰ ফলপ্ৰসুতাৰ সম্পর্কে যি অংগীকাৰ কৰিছিল তাৰ স্মৃতিতে কেন্দ্রীয় চৰকাৰে ১৮ নৱেম্বৰৰ দিনটো নেচাৰপেথী দিৱস হিচাপে ঘোষণা কৰিছে।

****

 

MV/SK/DB



(Release ID: 1660542) Visitor Counter : 118