ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
গান্ধীনগৰত কুমাৰ সম্প্ৰদায়ক বৈদ্যুতিক চাক বিতৰণ কেন্দ্রীয় গৃহ মন্ত্রী শ্রী অমিত শ্বাহৰ
Posted On:
30 SEP 2020 3:49PM by PIB Guwahati
খাদী আৰু গ্ৰামোদ্যোগ আয়োগ(কেভিআইচি)ৰ কুমহাৰ সবলীকৰণ আঁচনিৰ জৰিয়তে গান্ধীনগৰ আৰু আমেদাবাদৰ ২০খন গাঁৱৰ প্রান্তীয় কুমাৰ সম্প্ৰদায়ৰ ২০০টা পৰিয়ালে স্বাৱলম্বিতাৰ দিশে আৰু এখোজ আগুৱালে৷ কেন্দ্রীয় গৃহ মন্ত্রী শ্রী অমিত শ্বাহে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে গুজৰাটত তেওঁৰ সংসদীয় সমষ্টিৰ ৰান্ধেজা গাঁৱত আয়োজিত অনুষ্ঠানত ২০০গৰাকী প্ৰশিক্ষিত শিল্পীক ২০০টা বৈদ্যুতিক চাক আৰু মৃৎশিল্পৰ অন্যান্য সঁজুলি বিতৰণ কৰে৷
কেভিআইচিয়ে চিহ্নিত কৰা ২০খন গাঁৱৰ ভিতৰত ১৫খন গান্ধীনগৰ জিলাৰ আৰু বাকী ৫খন আমেদাবাদ জিলাৰ৷ বৈদ্যুতিক চাক বিতৰণ কাৰ্যসূচীৰ জৰিয়তে সম্প্ৰদায়টোৰৰ প্ৰায় ১,২০০গৰাকী ব্যক্তি উপকৃত হোৱাৰ লগতে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱ কৰি তেওঁলোকৰ উৎপাদন আৰু উপার্জনো বৃদ্ধি পাব৷
গৃহমন্ত্ৰীগৰাকীয়ে কেভিআইচিৰ বিভিন্ন স্বনিযোজন আঁচনি যেনে-মৌ পালন, কুমাৰ সম্প্ৰদায়ৰ সবলীকৰণ যোজনা, চামৰাৰ সামগ্ৰী প্ৰস্তুত কৰা শিল্পীৰ সবলীকৰণ আৰু মৰ্যাদা প্ৰকল্পৰ প্ৰশংসা কৰে৷ বৈদ্যুতিক চাক বিতৰণৰ সময়ত গৃহমন্ত্রীয়ে শৈলাশভাই প্ৰজাপতি, ভৰতভাই প্ৰজাপতি, অবনীবেন প্ৰজাপতি আৰু জিগনেশভাই প্ৰজাপতি আদি ৪গৰাকী কুমাৰৰ সৈতে মত বিনিময় কৰে৷ কেভিআইচিয়ে তেওঁলোকক ১০ দিন প্ৰশিক্ষণ দিছে৷ কুমাৰসকলে চৰকাৰক ধন্যবাদ জনাই কয় যে ইয়াৰ ফলত তেওঁলোকে জীৱিকা অর্জন কৰাৰ লগতে আত্মনির্ভৰো হ’ব পাৰিব৷
গৃহমন্ত্ৰী শ্বাহে কয় যে এই বৈদ্যুতিক চাকে কুমাৰসকলৰ উৎপাদন বৃদ্ধিতে কেৱল সহায় নকৰে, বৰঞ্চ বিভিন্ন আকৰ্ষণীয় সামগ্ৰী প্ৰস্তুত কৰাটো সহায় কৰিব, ফলত দশেৰা আৰু দীপাৱলী উৎসৱৰ সময়তে ভাল ৰোজগাৰ লাভ কৰিব৷
তেওঁ কয় যে চৰকাৰে ভাৰতীয় ৰে’লৰ সৈতে কথা পাতি কুমাৰসকলৰ সামগ্ৰী বিক্ৰীৰ বাবে উপযুক্ত বিপণনৰ পথ সৃষ্টি কৰাৰ সন্দৰ্ভত আলোচনা কৰিছে৷ তেওঁ লগতে কয় যে ভাৰতীয় ৰে’ল ইতিমধ্যে ৪০০টা ৰে’ল ষ্টেচনত কেৱল মাটিৰ পাত্ৰ ব্যৱহাৰ কৰাৰ বাবে বাছনি কৰিছে৷ এই বজাৰ সম্প্ৰসাৰণৰ বাবে তেওঁ ৰে’ল মন্ত্রীক অধিক ৰে’ল ষ্টেচন চিনাক্ত কৰিবলৈ অনুৰোধ কৰা বুলি কয়৷
কেভিআইচিৰ অধ্যক্ষ বিনয় কুমাৰ ছাক্সেনাই কয় যে দৰিদ্ৰ আৰু প্রান্তীয় শ্রেণীৰ বাবে লোৱা যিকোনো প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত৷ অধ্যক্ষগৰাকীয়ে কয় যে এতিয়ালৈকে সমগ্ৰ দেশত ১৮,০০০তকৈ অধিক বৈদ্যুতিক চাক বিতৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে সম্প্ৰদায়টোৰ প্রায় ৮০,০০০গৰাকী লোক উপকৃত হৈছে৷
*****
RCJ/RNM/IA/DB
(Release ID: 1660529)
Visitor Counter : 191