মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

মাছুৱৈ আৰু মত্স্য পালকসকলৰ কাষ চাপিব পৰাকৈ যুগুতোৱা ‘প্ৰধানমন্ত্ৰী মত্স্য সম্পদা যোজনা’ৰ হিতাধিকাৰীসকলৰ বিস্তৃত পুস্তিকাসহ ‘মত্স্য সম্পদা’ শীৰ্ষক বাৰ্তালিপিৰ দ্বিতীয়টো সংখ্যা উন্মোচন কৰিলে কেন্দ্ৰীয় মীন, পশু পালন আৰু দুগ্ধ উদ্যোগ বিভাগৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে

Posted On: 30 SEP 2020 5:12PM by PIB Guwahati

মাছুৱৈ আৰু মত্স্য পালকসকলৰ কাষ চাপিব পৰাকৈ যুগুতোৱা প্ৰধানমন্ত্ৰী মত্স্য সম্পদা যোজনা(পিএমএমএছওৱাই)ৰ হিতাধিকাৰীসকলৰ বিস্তৃত পুস্তিকাসহ মত্স্য সম্পদা শীৰ্ষক বাৰ্তালিপিৰ দ্বিতীয়টো সংখ্যা আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰে কেন্দ্ৰীয় মীন, পশু পালন আৰু দুগ্ধ উদ্যোগ বিভাগৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে। উল্লেখ্য, হিতাধিকাৰীসকলৰ বাবে যুগুতোৱা পুস্তিকাখনত সত্স্য পালন সম্পৰ্কীয় সবিশেষ তথ্য, চৰকাৰী সা-সুবিধা, এই সম্পৰ্কীয় বিভিন্ন আঁচনিৰ লগতে হিতাধিকাৰী তথা এই ক্ষেত্ৰৰে জড়িত সকলো পক্ষৰ যাৱতীয় তথ্য, বিভিন্ন বিধি-নিৰ্দেশনাকে ধৰি সকলো তথ্য সন্নিৱিষ্ট কৰা হৈছে। পুস্তিকাখনে হিতাধিকাৰীসকলৰ লগতে মত্স্য পালন ক্ষেত্ৰৰে জড়িত সকলো পক্ষকে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে।

 

পিএমএমএছওৱাই-ৰ জৰিয়তে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত দেশত মাছৰ উত্পাদনৰ পৰিমাণ ২২০ লাখ টনলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। হিতাধিকাৰীসকলৰ লগতে সামগ্ৰিকভাবে দেশৰ সৰ্বসাধাৰণ ৰাইজৰ কাষ চপাৰ বাবে মন্ত্ৰালয়ৰ তৰফৰ পৰা সংবাদমাধ্যমৰ জৰিয়তে লোৱা এয়া এক বিনম্ৰ প্ৰয়াস। আঁচনিখনৰ জৰিয়তে আগন্তুক পাঁচোটা বছৰৰ ভিতৰত দেশৰ পৰা মাছৰ ৰপ্টানী বৰ্তমানৰ পৰিমাণৰ দুগুণলৈ, অৰ্থাত্ ১,০০,০০০ কোটি টকালৈ বৃদ্ধিৰ উপৰি মত্স্য পালন ক্ষেত্ৰত ৫৫ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্ম-সংস্থান সৃষ্টি কৰিব পৰা যাব বুলি তথ্য দোহাৰে মন্ত্ৰীগৰাকীয়ে। 

Click here to view the Newsletter in English

Click here to view the Newsletter in Hindi

******

APS/MG/KB


(Release ID: 1660488)