কৃষি মন্ত্ৰালয়
চৰকাৰে পূৰ্ব নিৰ্ধাৰিত এমএছপি যোজনা অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ২১ খাৰিফ শস্য ক্ৰয় প্ৰক্ৰিয়া অব্যাহত ৰাখিছে
তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু হাৰিয়ানাৰ বাবে খাৰিফ বিপণন ছিজন ২০২০-২১ৰ বাবে ১৪.০৯ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয়ৰ বাবে অনুমোদন
২৮.০৯.২০২০লৈকে হাৰিয়ানা আৰু পঞ্জাৱৰ কৃষকৰ পৰা ৩১কোটি টকা এমএছপি মূল্যত মুঠ ১৬,৪২০ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে
Posted On:
29 SEP 2020 4:20PM by PIB Guwahati
২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে খাৰিফ বিপণন ছিজন(কেএমএছ) আৰম্ভ হৈছে। এই ছিজনত পূৰ্ব নিৰ্ধাৰিত ন্যূনতম সমৰ্থন মূল্য যোজনা অনুসৰি কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত খাৰিফ শস্যৰ ক্ৰয় প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
বিভিন্ন ৰাজ্যৰ পৰা লাভ কৰা প্ৰস্তাৱসমূহত অনুমোদন জনোৱা হৈছে। ইয়াৰ ভিত্তিত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু হাৰিয়ানাক খাৰিফ বিপণন ছিজন ২০২০-২১ৰ বাবে ১৪.০৯ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয়ৰ বাবে অনুমোদন দিয়া হৈছে। অন্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ পৰাও খাৰিফ শস্য হিচাপে দাইল আৰু তৈলবীজ ক্ৰয়ৰ প্ৰস্তাৱ আহিলে চৰকাৰে তাতো অনুমোদন জনাব। মূল্য সমৰ্থন যোজনা(পিএছএছ)ৰ দৰে শস্যৰ নিৰ্ধাৰিত মান অনুযায়ী ফচল ক্ৰয় কৰা হ’ব। আনকি ন্যূনতম সমৰ্থন মূল্যৰ তললৈ বজাৰ দৰ গলেও কৃষকসকলক সেই একেই মূল্যই দিয়া হ’ব।
২৮ ছেপ্টেম্বৰ পৰ্যন্ত চৰকাৰে নিৰ্ধাৰিত সংস্থাৰ মাধ্যমেৰে তামিলনাডুত ৩৩ লাখ টকা মূল্যৰ ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰি ৪৬.৩৫ মেট্ৰিক টন মুগ দাইল ক্ৰয় কৰা হৈছে। ইয়াৰ ফলত ৪৮ জন কৃষক উপকৃত হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাত ১.২৩ লাখ মেট্ৰিক টন অনুমোদিত পৰিমাণৰ বিপৰীতে কৰ্ণাটক আৰু তামিলনাডুৰ ৩,৯৬১ গৰাকী কৃষকৰ পৰা ৫২.৪০ কোটি টকাৰ ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰি ৫,০৮৯ মেট্ৰিক টন কোপ্ৰা(বাৰমহীয়া ফচল) ক্ৰয় কৰা হৈছে।
চলিত খাৰিফ বিপণন ছিজনত হাৰিয়ানা আৰু পঞ্জাৱত ২৬ ছেপ্টেম্বৰৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৮ ছেপ্টেম্বৰ পৰ্যন্ত হাৰিয়ানাত ৩,১৬৪ মেট্ৰিক টন আৰু পঞ্জাৱত ১৩,২৫৬ মেট্ৰিক টন অৰ্থাত্ মুঠ ১৬,৪২০ মেট্ৰিক টন ধান কিনা হৈছে। পঞ্জাৱ আৰু হাৰিয়ানাত ১,৪৪৩ গৰাকী কৃষকৰ পৰা কুইণ্টলে প্ৰতি ১,৮৮৮ টকা ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰি ৩১ কোটি টকা মূল্যত এই ধান ক্ৰয় কৰা হৈছে। অন্যান্য ৰাজ্যসমূহত ২৮ ছেপ্টেম্বৰৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
আগন্তুক ১ অক্টোবৰৰ পৰা তুলা সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হ’ব। কটন কৰ্পৰেশ্যন অৱ ইণ্ডিয়া(চিচিআই) ১ অক্টোবৰৰ পৰা নিৰ্ধাৰিত মূল্যৰ তুলা সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ কৰিব।
********************************************************
APS/SG/KG
(Release ID: 1660224)
Visitor Counter : 214