পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

শ্রী ধর্মেন্দ্ৰ প্ৰধানে কয় যে ‘আত্মনির্ভৰ ভাৰতে’ দেশত এক ব্যাপক শক্তি আৰু নিৰাপত্তাজনিত আন্তঃগাঁথনিৰ গঢ়াৰ ক্ষেত্ৰত আমাৰ প্ৰয়াসত গতি প্ৰদান কৰিব

শক্তি খণ্ডত আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচী ৰূপায়ণৰ সকলো চৰকাৰী দৃষ্টিভংগীৰ সন্দৰ্ভত আলোচনা হৈছে

খাৰুৱা তেলৰ আমদানিৰ নিৰ্ভৰতা কম কৰাৰ বাবে মন্ত্ৰীগৰাকী প্ৰস্তুত কৰিছে পাঁচ তৰপীয়া ৰণনীতি

দেশত থকা কৌশলগত পেট্ৰ’লিয়াম ভাণ্ডাৰ ভৰাবৰ বাবে এপ্ৰিল আৰু মে’, ২০২০ত খাৰুৱা তেলৰ কম দামৰ জৰিয়তে ৫,০০০কোটি টকা ৰাহি কৰা হৈছে

Posted On: 29 SEP 2020 1:35PM by PIB Guwahati

কেন্দ্রীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ তথা তীখা মন্ত্রী শ্রী ধর্মেন্দ্ৰ প্ৰধানে আজি কয় যে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ আত্মনির্ভৰ ভাৰতৰ আহ্বানে দেশত ব্যাপক শক্তি আৰু নিৰাপত্তাজনিত আন্তঃগাঁথনি গঢ়াৰ ক্ষেত্ৰত আমাৰ প্ৰয়াসত গতি প্ৰদান কৰিব৷ গ্ল’বেল কাউণ্টাৰ টেৰ’ৰিজম কাউন্সিলে আয়োজন কৰাজেচিটিচি শক্তি নিৰাপত্তা সন্মিলন, ২০২০ত আগবঢোৱা ভাষণত তেওঁ কয় যে বিগত বছৰত দেশত সুদূৰপ্ৰসাৰী শক্তিনীতি বাহাল আছে আৰু ক’ভিড-১৯ সমস্যাৰ মোকাবিলাত ইয়াত কিছু সাল-সলনি কৰা হৈছে৷ তেওঁ লগতে কয়, ক’ভিড-১৯ৰ পাছত আমি আৰু ভালকৈ প্ৰস্তুত হ’ব লাগিব যাতে শক্তি ব্যৱস্থা সুৰক্ষিত, স্বচ্ছ, দৃঢ় হোৱাৰ লগতে আমাৰ নাগৰিকসকলৰ প্ৰয়োজনৰ ভিত্তিত হয়। মোৰ বিশ্বাস আমাৰ দেশৰ শক্তি সংস্থাসমূহে ক’ভিড-১৯ৰ মাজতো সঠিক দিশতে আছে আৰু উদ্ভাৱনৰ জৰিয়তে আত্মনির্ভৰ ভাৰতক শক্তিশালী কৰিছে।

মন্ত্ৰী প্ৰধানে কয় যে শক্তি খণ্ডত আত্মনির্ভৰ ভাৰত কাৰ্যসূচী ৰূপায়ণত চৰকাৰে পৰোনাষ্টি কৰিছে আৰু প্ৰধানমন্ত্রীৰ সুলভ, কার্যকৰী, দীর্ঘম্যাদী, নিৰাপদ আৰু সহজলভ্য শক্তিৰ চিন্তাধাৰা ৰূপায়ণৰ প্ৰতিও চৰকাৰ সজাগ হৈ আছে৷ মন্ত্রীগৰাকীয়ে কয় যে শক্তি স্বনির্ভৰতা অর্জনৰ লক্ষ্যৰে গৃহীত বিভিন্ন পদক্ষেপৰ উল্লেখ কৰে৷ সেই অনুসৰি ভাৰতীয় ৰে’লে ২০২৩ চনৰ ভিতৰত সকলো ৰে’লপথ ১০০ শতাংশ বিদ্যুতীকৰণ কৰিব৷ এমএনআৰএ কিষাণ উৰ্জা আৰু উত্থান মহা অভিযানৰ অধীনত ১৫ লাখতকৈ অধিক বেশি সৌৰপাম্প স্থাপনৰ উদ্যোগ, বিকল্প ইন্ধন হিচাপে পথ পৰিবহণ মন্ত্ৰালয়ৰ হাইড্র’জেনযুক্ত চিএনজিত সাহ যোগোৱা, কয়লা বাষ্পীকৰণ প্ৰকল্প উন্নয়নৰ জৰিয়তে স্বচ্ছ কয়লা প্ৰযুক্তিৰ বৃদ্ধি আৰু জাহাজ মন্ত্ৰালয়ৰ সেউজ বন্দৰ প্ৰচেষটা আদি উল্লেখযোগ্য৷ মন্ত্ৰী প্ৰধানে কয় যে দেশত তেল আৰু গেছ পাদন বৃদ্ধি, জৈৱ ইন্ধন আৰু নবীকৰণযোগ্য ইন্ধনৰ প্ৰসাৰ, শক্তি সংৰক্ষণ আৰু শক্তিৰ কার্যকাৰিতা, পৰিশোধন প্ৰক্রিয়াৰ উন্নতি আৰু চাহিদাৰ বিকল্পৰ জৰিয়তে অশোধিত তেল আমদানিৰ ওপৰত নির্ভৰতা হ্ৰাস কৰিবলৈ পঞ্চমুখী পৰিকল্পনা প্ৰভাৱ পেলাইছে৷

তেওঁ কয় যেপূৰ্বতে শক্তি নিৰাপত্তাৰ বিষয়টো সংকীর্ণ দৃষ্টিভংগীৰে চোৱা হৈছিল৷ ইয়াতে মুলতঃ যোগান ব্যৱস্থাপনাৰ দিশত লক্ষ্য কৰা হৈছিল৷ আমাৰ চৰকাৰে শক্তি নিৰাপত্তাৰ উদ্দেশ্যক আৰু অধিক প্ৰসাৰিত কৰিছে৷ ভাৰতৰ শক্তি কূটনীতি আৰু বিগত বছৰত বিদেশ নীতিৰ সৈতে ইয়াৰ সামঞ্জস্যতাই উল্লেখযোগ্য ফল দিছে। বিশ্বৰ তেল পাদনকাৰী সংস্থাসমূহৰ সৈতে আমাৰ সম্পর্ক বৃদ্ধি কৰিছে৷ সেইমতে এফালে, পাদক দেশ যেনে ৰাছিয়া, আমেৰিকা, ছৌদি আৰৱ আৰু ইউএইৰ সৈতে আৰু আনফালে জাপান, দক্ষিণ কোৰিয়াৰ দৰে তেল্ ব্যৱহাৰকাৰী দেশৰ সৈতে সম্পৰ্ক বৃদ্ধি হৈছে৷

ক’ভিড-১৯ৰ প্ৰভাৱ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বত এই মহামাৰীয়ে স্বাস্থ্য আৰু অর্থনীতিৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে। তেওঁ কয় যে বর্তমানৰ শক্তি আন্তঃগাঁথনিয়েই এই অভূতপূর্ব পৰিৱর্তনৰ সাক্ষী৷ মন্ত্রীগৰাকীয়ে কয় যে তেল আৰু গেছ খণ্ডৰ ৰাষ্ট্রীয়কৃত সংস্থাসমূহে কেৱল চলিত বিত্তীয় বৰ্ষক ৮,৩৬৩টা প্ৰকল্পত . লাখ কোটি টকা ব্যয় কৰিব৷ শক্তি খণ্ডত অন্যান্য মন্ত্ৰালয়েও আশাপদ মূলধনী ব্যয় কৰিব, যাৰফলত কর্মসংস্থাপন আৰু অর্থনৈতিক কাম-কাজ বৃদ্ধি পাব৷ ভাৰতৰ শক্তি খণ্ডই ক’ভিড-১৯ মহামাৰীৰ মোকাবিলা কৰা যথেষ্ট দৃঢ়তা দেখুৱাইছে, বিশ্বত অর্থনীতি আৰু সামগ্ৰীৰ বজাৰত উত্থান-পতন সত্ত্বেও যোগান স্বাভাৱিক আছে৷


শক্তিৰ অভাৱ পুৰণৰ প্ৰয়োজনীতাৰ সন্দৰ্ভত তেওঁ কয় যে বিশ্বত জনসংখ্যাৰ ১৬ শতাংশক লৈ আমি কেৱল বিশ্বৰ প্রাথমিক ইন্ধনৰ শতাংশ ব্যৱহাৰ কৰিছে৷ তেওঁ দেশত বিশ্বস্ত আৰু সহজে ব্যৱহাৰ যোগ্য ইন্ধন পৰিকাঠামো গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷ মন্ত্রীগৰাকীয়ে কয় যে ভাৰত ইন্ধনৰ ব্যৱহাৰ এতিয়া বিশ্ব গড়ৰ হাৰৰ এক তৃতীয়াংশ। ভাৰতে এই ইন্ধন ঘাটি পুৰণৰ সকলো ধৰণৰ সম্ভাৱ্য বিচাৰি উলিওৱা চেষ্টা চলাই যাব৷

খাৰুৱা তেলৰ দামৰ প্ৰসংগত শ্রী প্ৰধানে দায়িত্বপূর্ণ আৰু সুলভ মূল্য নির্ধাৰণ ব্যৱস্থাৰ পক্ষে প্ৰশ্ন কৰে৷ তেওঁ কয়,জি-২০ শক্তিমন্ত্রীসকলৰ জৰুৰী বৈঠকত আৰু অ’পেক আৰু ইণ্টাৰনেচনেল এনার্জি ফ’ৰাম (আইইএফ) ভাৰতে ইয়াৰ অৱস্থিকি ব্যাখ্যা কৰিছে আৰু তাত এই ক্ষেত্ৰত যথেষ্ট সমর্থন লাভ কৰিছে।


মন্ত্ৰী প্ৰধানে কয় যে হাইড্র’কার্বনৰ বাবে আমদানী নির্ভৰতা হ্ৰাসে সমগ্ৰ খণ্ডটোত এক অভিন্ন নীতিৰ বাবে প্ৰয়াস চলোৱা হৈছে৷ তেওঁ লগতে কয়,২০২০ৰ এপ্রিল, মে মাহত খাৰুনা তেলৰ দাম হ্ৰাসৰ সুবিধা লৈ আমি ১৬ মিলিয়ন বেৰেল খাৰুৱা তেল সঞ্চয় কৰিছো৷ যাৰ ফলত চৰকাৰৰ ৫,০০০ কোটি টকাতকৈ অধিক ৰাহি হৈছে৷


আলোচনাচক্ৰ মুল বিষয়বস্তু শক্তি নিৰাপত্তাত আত্মনির্ভৰ ভাৰতৰ সন্দৰ্ভত মন্ত্ৰী প্ৰধানে কয় যে তেলৰ ওপৰত নির্ভৰতা হ্ৰাস কৰিবলৈ দীর্ঘম্যাদী শক্তি বৃদ্ধিৰ বাবে আমি বহুমুখী পৰিকল্পনা কৰিছো৷ ইথানল, ২জি ইথানল, কমপ্রেছড বায়’গেছ আৰু বায়’ডিজেলৰ দৰে বিকল্প ইন্ধনৰ অনুসন্ধান কৰা হৈছে, যাতে দেশৰ আমদানী নির্ভৰতা হ্ৰাস পায়৷ তেওঁ কয়,তেল বিপণনকাৰী সংস্থাসমূহে ১৪,০০০ কোটি টকাত ১২টা ২জি জৈৱ শোধনাগাৰ নিৰ্মাণ কৰিছে। ২০৩০ চনৰ ভিতৰত পেট্র’লত ২০ শতাংশ ইথানল আৰু ডিজেলত শতাংশ বায়’ডিজেল মিশ্ৰণ কৰাৰ লক্ষ্যৰে আমি যথেষ্ট পৰিমাণে আগুৱাই গৈছো৷

মন্ত্ৰী প্ৰধানে কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ত শক্তি নিৰাপত্তা গঢ়াৰ বাবে ২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট পাদন ক্ষমতা সম্পন্ন পুনৰ নবীকৰণযোগ্য বিদ্যু পাদন কেন্দ্ৰ গঢ়ি তোলা হ’ব, ২০৩০চনৰ ভিতৰত সেয়া ৪৫০ গিগাৱাট হ’ব৷ তেওঁ লগতে কয়,প্ৰধানমন্ত্রী মোদীক ২০১৮চনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ চেম্পিয়ন অৱ আর্থ সন্মানেৰে বিভূষিত কৰিছিল৷ এয়া নতুন ইন্ধনৰ অনুসন্ধানৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানত ভাৰতৰ স্বীকৃতি।মন্ত্ৰী প্ৰধানে কয় যে তেল আৰু গেছ উদ্যোগত ভোকেল ফৰ লোকেল বাস্তবায়িত কৰাৰ কাম চলিছে। আত্মনির্ভৰ ভাৰতৰ প্ৰসাৰত স্থানীয়ভাবে উপকৰণ ক্ৰয় বৃদ্ধি হৈছে। ষ্টার্টআপ আৰু মেক ইন ইণ্ডিয়াকো উসাহ যোগোৱা হৈছে৷ ভাৰতত পাদনৰ কেন্দ্ৰ গঢ়াৰ বাবে অ’ইএমসমূহক সাহ যোগোৱা হৈছে৷

***

YB/DB



(Release ID: 1660204) Visitor Counter : 212