PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 29 SEP 2020 6:02PM by PIB Guwahati

 

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতৰ আৰোগ্য লাভৰ হাৰে অতিক্ৰম কৰিলে ৮৩%, ৪১.৫ লাখৰো অধিক ব্যৱধানত আৰোগ্য লাভৰ ঘটনাই অতিক্ৰম কৰিলে সক্ৰিয় ঘটনাক

ভাৰতত ক্ৰমাগতভাৱে আৰোগ্য লাভৰ সংখ্যা বৃদ্ধি পাই আহিছে। যোৱা ২৪ ঘন্টাত আৰোগ্য লাভৰ ঘটনাই নতুন নিশ্চিত ঘটনাক পুনৰ অতিক্ৰম কৰিলে। ইয়াৰ ফলত, আজি ভাৰতৰ আৰোগ্য লাভৰ হাৰে ৮৩% অতিক্ৰম কৰিলে। যোৱা ২৪ ঘন্টাত দেশখনত ৮৪,৮৭৭ জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে নতুন নিশ্চিত ঘটনাৰ সংখ্যা হৈছে ৭০,৫৮৯।

অধিক বিৱৰণৰ বাবেঃ

 

‘ক’ভিড-১৯- ছেফ ৱৰ্কপ্লেচ গাইডলাইন ফৰ ইণ্ডাষ্ট্ৰী’ শীৰ্ষক বুকলেট উন্মোচন কৰিলে ডাঃ হৰ্ষ বৰ্ধন আৰু শ্ৰী সন্তোষ কুমাৰ গংৱাৰে

আজি ভাৰ্চুৱেল প্লেটফৰ্মৰ জৰিয়তে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান ও প্ৰযুক্তি আৰু আৰ্থ চায়েন্স মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন আৰু কেন্দ্ৰীয় শ্ৰম ও নিয়োগ দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী শ্ৰী সন্তোষ কুমাৰ গংৱাৰে ‘ক’ভিড-১৯- ছেফ ৱৰ্কপ্লেচ গাইডলাইন ফৰ ইণ্ডাষ্ট্ৰী’ শীৰ্ষক এখনি বুকলেট উন্মোচন কৰে। ইয়াত উপস্থিত থাকে নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি.কে. পাল। এই কাৰ্যসূচীত, ডাঃ হৰ্ষ বৰ্ধনে কয়, “এই নীতি-নিৰ্দেশনা প্ৰশংসনীয় আৰু সময়োচিত। ই ঔদ্যোগিক শ্ৰমিকসকলৰ কল্যাণত সহায় কৰিব।“

অধিক বিৱৰণৰ বাবেঃ

 

গান্ধী জয়ন্তী উপলক্ষে প্ৰাকৃতিক চিকিৎসা সন্দৰ্ভত এলানি ৱেবিনাৰৰ আয়োজন

আয়ুস মন্ত্ৰালয়ৰ অধীনস্থ নেশ্যনেল ইনষ্টিটিউট অৱ নেছাৰ’পেথী (NIN), পুনেয়ে এলানি ৱেবিনাৰৰ আয়োজন কৰিছে। ২০২০ৰ ২ অক্টোবৰৰপৰা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকীৰপৰা ইয়াৰ আৰম্ভ হ’ব। এই ৱেবিনাৰখনিৰ লক্ষ্য হৈছে আত্ম স্বাস্থ্য নিৰ্ভৰতাৰ জৰিয়তে গান্ধীৰ আত্ম নিৰ্ভৰশীলতাৰ দৰ্শনৰ প্ৰচাৰ আৰু প্ৰসাৰ সাধন কৰা। ইয়াৰ অন্ত পৰিব ১৮ নৱেম্বৰ, ২০২০ অৰ্থাৎ নেশ্যনেল নেছাৰ’পেথী ডে’ত।

অধিক বিৱৰণৰ বাবেঃ

 

গংগা নৈক নিৰ্মল আৰু নিৰবধি কৰি ৰাখিবলৈ উত্তৰাখণ্ডত ছটা বৃহৎ প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নমামি গংগা অভিযানৰ অধীনত উত্তৰাখণ্ডত ৬ টা বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰে। শ্ৰী মোদীয়ে তদুপৰি হৰিদ্বাৰত গংগা নদী সন্দৰ্ভত প্ৰথমটো সংগ্ৰহালয় গংগা অৱলোকন উদ্বোধন কৰে। তেখেতে “ৰ’ৱিং ডাউন দ্য গংগা” শীৰ্ষক এখনি গ্ৰন্থ আৰু জল জীৱন অভিযানৰ নতুন প্ৰতীক উন্মোচন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি এই কাৰ্যসূচীত ‘মাগদৰ্শিকা ফৰ গ্ৰাম পঞ্চায়ত এণ্ড পানী সমিতি আণ্ডাৰ জল জীৱন মিশ্যন’ (গাঁও পঞ্চায়ত আৰু পানী সমিতিসমূহৰ অৰ্থে নীতি-নিৰ্দেশনা) মুকলি কৰে। এই কাৰ্যসূচীত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, জল জীৱন অভিযানটোৰ লক্ষ্য হৈছে দেশখনৰ প্ৰতিঘৰ গ্ৰাম্য গৃহস্থীলৈ পাইপড-ৱাটাৰ সংযোগ আগবঢ়োৱা। শ্ৰী মোদীয়ে কয় যে অভিযানৰ নতুন প্ৰতীকটোৱে প্ৰতি টোপাল পানী সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতি জনসাধাৰণক উৎসাহ যোগাই থাকিব। মাগদৰ্শিকাৰ প্ৰসংগত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী ব্যৱস্থাটোৰ লগতে গাওঁ পঞ্চায়ত, গ্ৰামাঞ্চলত বসবাস কৰা লোক সকলৰ কাৰণেও এয়া সমানেই গুৰুত্বপূৰ্ণ। “ৰ’ৱিং ডাউন দ্য গংগা” শীৰ্ষক গ্ৰন্থখনি সন্দৰ্ভত ব্যক্ত কৰি তেওঁ কয়, এই গ্ৰন্থখনিয়ে কিদৰে আমাৰ সংস্কৃতি, বিশ্বাস আৰু ঐতিহ্যৰ উজ্জ্বল প্ৰতীক হৈ গংগা নৈখন প্ৰৱাহিত হৈ আছে, তাৰ সৱিশেষ ব্যাখ্যা আগবঢ়াইছে।

অধিক বিৱৰণৰ বাবেঃ

 

উত্তৰাখণ্ডত নমামী গংগাৰ অধীনত ছটা বৃহৎ প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবেঃ

 

ভাৰত-ডেনমাৰ্ক সেউজ ৰণকৌশলগত সহযোগিতা সন্দৰ্ভত যুটীয়া বিবৃতি

ডেনমাৰ্কৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰীমতী মেট্টে ফ্ৰেডাৰিকছেন আৰু ভাৰত গণৰাজ্যৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ভাৰত-ডেনমাৰ্কৰ মাজত অনুষ্ঠিত ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত যুটীয়াভাৱে পৌৰহিত্য কৰে। প্ৰধানমন্ত্ৰী মোডী আৰু প্ৰধানমন্ত্ৰী ফ্ৰেডাৰিকছেনে উষ্ম আৰু বন্ধুত্বপূৰ্ণ বাতাবৰণত দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত গভীৰ ভাবে আলোচনা কৰাৰ লগতে ক’ভিড-১৯ মহামাৰী, জলবায়ু পৰিৱৰ্তন আৰু সেউজ ৰূপান্তৰণৰ প্ৰসংগকে ধৰি গোলকীয় প্ৰেক্ষাপটতত দুয়োখন দেশৰ স্বাৰ্থ বিজড়িত প্ৰসংগসমূহৰ বিষয়ে মত বিনিময় কৰে আৰু বহনক্ষম অৰ্থনীতি আৰু সমাজ উজ্জীৱিত কৰাৰ বাবে উমৈহতীয়া বুজাবুজিত উপনীত হয়। উমৈহতীয়া গণতান্ত্ৰিক পৰম্পৰা আৰু আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুস্থিৰতাৰ ক্ষেত্ৰত সামগ্ৰিক সংযোগ স্থাপনৰ ভিত্তিত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ নিৰৱচ্ছিন্ন উন্নয়নৰ প্ৰসংগও দুয়োগৰাকী নেতাই সন্তুষ্টিৰে সমীক্ষা কৰে। দুয়োপক্ষই বিশ্বাসী সহযোগিতাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-ডেনমাৰ্কৰ মাজৰ সম্পৰ্ক সেউজ ৰণকৌশলগত সহযোগিতা’ৰ সম্পৰ্কলৈ উন্নীত কৰাৰ অংগীকাৰ দোহাৰে। ইতিমধ্য স্বাক্ষৰিত চুক্তি আদিৰ আধাৰত দুযোখন দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ পণ লোৱা নেতাদ্বয়ে ২০০৯ চনৰ ৬ ফেব্ৰুৱাৰীত স্বাক্ষৰিত চুক্তিৰ আধাৰত দুয়োখন দেশৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক আৰু বাণিজ্যিক ক্ষেত্ৰ, বিজ্ঞান আৰু প্ৰযুক্তি, পাৰিপাৰ্শ্বিকতা, শক্তি, শিক্ষা আৰু সাংস্কৃতিক সম্পৰ্ক উন্নত কৰাৰ বাবে ‘সহযোগিতা সম্পৰ্কীয় যুটীয়া আয়োগ গঠন কৰিব। তদুপৰি এই সম্পৰ্কই বৰ্তমানৰ নবীকৰণযোগ্য শক্তি, চহৰ উন্নয়ন, পাৰিপাৰ্শ্বিকতা, কৃষি আৰু পশুপালন, খাদ্য সংসাধন, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, জাহজ পৰিবহণ, শ্ৰমৰ প্ৰবহণ আৰু ‘ডিজিটাইজেশ্যন’ আদি ক্ষেত্ৰত সম্পৰ্ক স্থাপন কৰাৰ লগতে বৰ্তমানৰ সম্পৰ্ক উন্নত কৰি তুলিব।

অধিক বিৱৰণৰ বাবেঃ

 

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে দেশখনত এটা ব্যাপক শক্তি সুৰক্ষা পৰিকাঠামো বিবৰ্ধনত আত্মনিৰ্ভৰ ভাৰত হ’ব আমাৰ প্ৰচেষ্টাৰ চালিকাশক্তি

কেন্দ্ৰীয় পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি কয় যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ আহ্বানে দেশখনত এটা ব্যাপক শক্তি সুৰক্ষা পৰিকাঠামো বিবৰ্ধনত আমাৰ প্ৰচেষ্টাৰ চালিকাশক্তিৰ ভূমিকা পালন কৰিব। ‘জিচিটিচি এনাৰ্জী ছিকিউৰিটি কনফাৰেন্স, ২০২০’ত মূল ভাষণ প্ৰদান কৰিয়েই মন্ত্ৰীজনে এইদৰে কয়। তেওঁ কয় যে যোৱা ছবছৰত নিৰৱচ্ছিন্নভাৱে বলিষ্ঠ শক্তি নীতি গ্ৰহণ কৰি অহা হৈছে। ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ ইয়াত কিছু পৰিৱৰ্তন সাধন কৰা যায়।

অধিক বিৱৰণৰ বাবেঃ

 

তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু হাৰিয়ানাৰ বাবে ২০২০-২১ খাৰিফ বিপণন বৰ্ষৰ অৰ্থে ১৩.৭৭ লাখ মেট্ৰিক টন দাইল আৰু সৰিয়হ ক্ৰয়ত অনুমোদন

২০২০-২১ খাৰিফ বিপণন বৰ্ষৰ আগমণৰ পৰিপ্ৰেক্ষিতত এমছপিত খাৰিফ শস্য ক্ৰয় প্ৰক্ৰিয়া চৰকাৰখনে আৰম্ভ কৰিছে। বৰ্তমানে অব্যাহত থকা এমএছপি আঁচনিৰ অনুসৰি কৃষকৰপৰা এই শস্যসমূহ ক্ৰয় কৰা হ’ব। ৰাজ্যসমূহৰপৰা লাভ কৰা পৰামৰ্শ অনুসৰি, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু হাৰিয়ানাৰ বাবে ২০২০-২১ খাৰিফ বিপণন বৰ্ষৰ অৰ্থে ১৩.৭৭ লাখ মেট্ৰিক টন দাইল আৰু সৰিয়হ ক্ৰয়ত অনুমোদন জনোৱা হৈছে। আন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰপৰাও এনে প্ৰস্তাৱ লাভৰ লগে-লগেই ক্ৰয় প্ৰক্ৰিয়াটোত অনুমোদন জনোৱা হ’ব।

অধিক বিৱৰণৰ বাবেঃ

 

কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙৰ জৰিয়তে বিভিপিৰদ্বাৰা পিএম কেয়াৰ্ছ ফাণ্ডলৈ ২.১১ কোটি টকাৰ বৰঙণি

কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন (ড’নাৰ) দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ’), পাৰ্ছনেল, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙৰ জৰিয়তে নন-প্ৰফিট সামাজিক সংগঠন ভাৰত বিকাশ পৰিষদ (BVP)ৰদ্বাৰা ২.১১ কোটি টকা বৰঙণি আগবঢ়োৱা গৈছে পিএম কেয়াৰ্ছ ফাণ্ডলৈ। এই বৰঙণিৰ কৃতজ্ঞতা স্বীকাৰ কৰি, ডাঃ জিতেন্দ্ৰ সিঙে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰপৰা অধিক পৰিমাণে বিশ্বাস, আস্থা আৰু নিৰ্ভৰযোগ্যতা লাভ কৰিছে। যেতিয়াই তেখেতে যিকোনো কাৰণৰ বাবে আহ্বান জনাইছে, তেতিয়াই সি এটা জন আন্দোলনলৈ পৰ্যবসিত হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • পঞ্জাৱঃ ক’ভিড-১৯ ৰোগীৰ সম্ভাৱ্য উত্তম যতন নিশ্চিতকৰণৰ অৰ্থে পঞ্জাৱৰ মুখ্য সচিবে ৰাজ্যখনৰ উপায়ুক্তসকলক তেওঁলোকৰ অধীনস্থ জিলাৰ হাস্পতালসমূহ নিয়মীয়াকৈ দৰ্শন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। তেখেতে কয় যে এই সন্দৰ্ভত ৰাজ্য চৰকাৰখনে ইতিমধ্যে ক’ভিড পেচেন্ট ট্ৰেকিং অফিচাৰ (CPTO) নিযুক্তি দিছে।
  • হিমাচল প্ৰদেশঃ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে সকলো মেডিকেল কলেজ আৰু মূল-মূল জ’নেল হাস্পতালসমূহৰ অধীক্ষকসকলক এদিনত অতিকমেও দুবাৰ নিজ-নিজ হাস্পতালসমূহ পৰিভ্ৰমণৰ নিৰ্দেশ দিছে। মূলতঃ ক’ভিড-১৯ৰ বিৰুদ্ধে ফলপ্ৰসূ ট্ৰিটমেন্ট ব্যৱস্থাপনা নিশ্চিত কৰিবলৈকে এই নিৰ্দেশনা দিয়া যায়।
  • অৰুণাচল প্ৰদেশঃ কালি অৰুণাচল প্ৰদেশত এদিনতে সৰ্বাধিক ৩২৯ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত ইটানগৰ ৰাজধানী অঞ্চলত চিনাক্ত হোৱা পজিটিভ ঘটনাৰ সংখ্যা হৈছে ১১৭ জন।
  • অসমঃ যোৱা ২৪ ঘন্টাত অসমত, ক’ভিড-১৯ৰপৰা আৰোগ্য লাভ কৰা ২৩২০ জনক ডিচাৰ্জ দিয়া হয়। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১৭৩৬২৯। ইয়াৰ ভিতৰত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩০৬৬২ আৰু ডিচাৰ্জ দিয়া হৈছে ১৪২২৯৭ জনক।
  • মণিপুৰঃ মণিপুৰত নতুনকৈ ১৭৮ জন লোকৰ দেহত ক’ভিড-১৯ ধৰা পৰিছে। ৰাজ্যখনত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১০,৪৭৭ জন।
  • মেঘালয়ঃ আজি মেঘালয়ত ৮৯ জন লোকে ক’ৰোনাভাইৰাছৰপৰা আৰোগ্য লাভ কৰে। মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হয় ১৪৪৮টা।
  • মিজোৰামঃ কালি মিজোৰামত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হয় ৫০ জন লোক। মুঠ আক্ৰান্তৰ সংখ্যা ১৯৫৮ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৪৯৯।
  • নাগালেণ্ডঃ নাগালেণ্ডৰ মুঠ ৫৯৫৭ সক্ৰিয় ঘটনাৰ ভিতৰত সশস্ত্ৰ বাহিনীৰ আছে ২৮০১, ৰাজ্যলৈ ঘূৰি অহা ২৮০১, সংস্পৰ্শলৈ অহা ১৩৩৪ আৰু ৩৪০ জন ফ্ৰন্টলাইন কৰ্মী।
  • কেৰালাঃ কালি কেৰালাত নতুনকৈ আক্ৰান্ত হৈছে ৪,৫৩৮ জন লোক। বৰ্তমান ৰাজ্য়খনত ট্ৰিটমেন্টত আছে ৫৭,৮৭৯ জন আৰু কোৱাৰেন্টাইনত আছে ২.৩২ লাখ লোক। আজি পাঁচজন ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাত ৰাজ্যখনত মুঠ মূত্যুৰ সংখ্যা ৭০২ লৈ বৃদ্ধি পালে।
  • তামিলনাডুঃ তামিলনাডুৰ সকলো ব্যক্তিগত আৰু চৰকাৰীখণ্ডৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই ১০ ম শ্ৰেণীৰপৰা ১২ শ শ্ৰেণীলৈকে অহা ১ অক্টোবৰলৈ শ্ৰেণীৰ পুনৰ আৰম্ভ সম্পৰ্কীয় চৰকাৰী অনুমতিলৈ বাট চাই আছে। এআইএডিএমকেয়ে কেন্দ্ৰক ২৩,৭৬৩ কোটি টকাৰ জিএছটি দেনা পৰিশোধ কৰিবলৈ আহ্বান জনাইছে।
  • কৰ্ণাটকঃ ক’ৰোনাভাইৰাছৰ সংহাৰৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ পুনৰ মুকলি সন্দৰ্ভত কৰ্ণাটক ৰাজ্য চৰকাৰখনে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। ৰাজ্য়খনৰ শিক্ষামন্ত্ৰী এছ সুৰেশ কুমাৰে এই কথা সদৰী কৰিছে।
  • অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশ ৰাজ্য চৰকাৰে অহা ৫ অক্টোবৰৰপৰা বিদ্যালয়সমূহৰ পুনৰ মুকলি কৰিবলৈ পূৰ্বে লোৱা সিদ্ধান্ত শেহতীয়াভাৱে প্ৰত্যাহ্যাৰ কৰিছে। সকলো জিলা কালেক্টৰৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠকতে সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২ নৱেম্বৰ পৰ্যন্ত বিদ্যালয়সমূহ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ক’ভিড-১৯ সম্পৰ্কীয় নতুন ঘটনাৰ সংখ্যা ২০৭২, আৰোগ্য লাভৰ সংখ্যা ২২৫৯, মৃত্যুৰ সংখ্যা ৯। ৰাজ্যখনত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৯,৪৭৭ টা।
  • মহাৰাষ্ট্ৰঃ যোৱা কেইটামান দিনত মহাৰাষ্ট্ৰত ক’ভিড-১৯ৰ আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে। সক্ৰিয় কেছল’ডৰ শেহতীয়া পৰিমাণ হৈছে ২,৬৫,০৩৩টা।
  • গুজৰাটঃ আহমেদাবাদ পৌৰ নিগমে মহানগৰখনৰ ২৭ টা অঞ্চলত নৈশ সান্ধ্য আইন কাৰ্যকৰী কৰিছে। সেই অনুসৰি, এই অঞ্চলসমূহৰ দোকান-পোহাৰসমূহ নিশা ১০ বজাৰ লগে-লগে বন্ধ হৈ পৰিব আৰু চাল-চলনত বাধা আৰোপ কৰা হৈছে।
  • ৰাজস্থানঃ যোৱা ২৪ ঘন্টাত ৰাজ্য়খনত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ২,১১২ জন লোক। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১.৩০ লাখ।
  • মধ্য প্ৰদেশঃ সোমবাৰে মধ্য প্ৰদেশত ক’ভিড-১৯ ত আক্ৰান্ত হয় ১,৯৫৭ জন লোক। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২১,৯১২টা।
  • চত্তীশগডঃ সোমবাৰে নিশা চত্তীশগড়ৰ ৰায়পুৰ, বিলাসপুৰ, চাৰগোজা আৰু জাচপুৰ জিলাত লকডাউনৰ অন্ত পৰে। অৱশ্যে ইয়াৰ পাছতো এই জিলাকেইখনত দোকান-পোহাৰ, পৰিবহণ ব্যৱস্থা নিশা ৮ বজালৈকেহে খুলিব, চলাচল কৰিব পাৰিব।

 

ফেক্ট চেক

 

 

************************ 



(Release ID: 1660161) Visitor Counter : 171