যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

পোষণ অভিযানৰ অধীনত ৰাষ্ট্ৰীয় পোষণ মাস উদযাপনত এইপৰ্যন্ত নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত পুষ্টি সংক্ৰান্তীয় ১ লাখতকৈও অধিক কাৰ্যসূচী গ্ৰহণ কৰিছে

Posted On: 27 SEP 2020 10:16AM by PIB Guwahati

পোষণ অভিযানৰ অধীনত ৰাষ্ট্ৰীয় পোষণ মাস উদযাপনত এইপৰ্যন্ত নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত পুষ্টি সংক্ৰান্তীয় ১ লাখতকৈও অধিক কাৰ্যসূচী গ্ৰহণ কৰিছে

পোষণ অভিযানৰ অধীনত ৰাষ্ট্ৰীয় পোষণ মাস উদযাপনত এইপৰ্যন্ত নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত পুষ্টি সংক্ৰান্তীয় ১ লাখতকৈও অধিক কাৰ্যসূচী গ্ৰহণ কৰিছে

পোষণ অভিযানৰ অধীনত প্ৰতিবছৰে ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাস হিচাপে উদযাপিত হৈ আহিছে। ২০১৮ চনৰ পৰা সাৰ্বিক পুষ্টিসাধনৰ লক্ষ্যৰে এই কাৰ্যসূচী ৰূপায়িত হৈ আহিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে বিগত ১ ছেপ্টেম্বৰৰ পৰা পোষণ মাস উদযাপন উপলক্ষে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। পোষণ মাহ উদযাপনৰ উদ্দেশ্য হ’ল – পুষ্টি সূচকৰ ক্ষেত্ৰত উন্নতিৰ লক্ষেৰে সমগ্ৰ দেশতে পুষ্টিৰ গুৰুত্ব সম্পৰ্কে সচেতনতা প্ৰচাৰ।


যুৱ পৰিক্ৰমা দপ্তৰৰ নেহৰু সংগঠন কেন্দ্ৰই বিগত দুবছৰ ধৰি ছেপ্টেম্বৰ মাহত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পোষণ মাস উদযাপন কৰে আহিছে। এই কাৰ্যসূচীৰ মাধ্যমেৰে পুষ্টিৰ গুৰুত্ব সম্পৰ্কে প্ৰতিটো ঘৰেতে ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপনৰ অংশ হিচাপে জিলা নেহৰু কেন্দ্ৰসমূহে জাতীয় যুৱ স্বেচ্ছাসেৱক, য়ুথ ক্লাৱৰ সদস্য, ক’ভিড-স্বেচ্ছাসেৱক, গঙ্গা-দূত আৰু অন্যান্যসকলকো উৎসাহিত কৰিছে। অপুষ্টি, স্তনপানৰ গুৰুত্ব, ৰন্দা বঢ়া কামত লিঙ্গ সমতা আদি বিষয়ত গাওঁবাসীক সচেতন কৰে তোলা হৈছে। এই কামত জিলা প্ৰশাসনৰ সমান্তৰালকৈ, অংগনৱাড়ী আৰু আশাকৰ্মীসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

 

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে কয়, নেহৰু যুৱ কেন্দ্ৰ সংগঠন হৈছে বিশ্বৰ অন্যতম এক বৃহৎ সংগঠন। এই সংগঠনৰ স্বেচ্ছাসেৱকসকলে জাতি গঠন, শিক্ষা, স্বাস্থ্য আৰু ছেনিটেশ্যনৰ দৰে একাধিক সামাজিক গুৰুত্বপূৰ্ণ বিষয়ত ধাৰাবাহিকভাৱে সাধাৰণ মানুহক সচেতন কৰি আহিছে। ছেপ্টেম্বৰ মাহত সৰ্বাঙ্গীন পুষ্টিৰ গুৰুত্ব সম্পৰ্কে প্ৰত্যেক ঘৰে ঘৰে পুষ্টি সম্পৰ্কে ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ যি প্ৰয়াস কৰা হৈছে, সেয়া এতিয়া আৰু বলিষ্ঠ হৈ উঠিছে।

 

পোষণ মাহ চলি থকা সময়ত এইপৰ্যন্ত ১ লাখ ৪ হাজাৰতকৈও অধিক বিভিন্ন ধৰণৰ সচেতনতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীবোৰত ৫১ লাখতকৈও অধিক যুৱক-যুৱতী আৰু গাওঁবাসীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও, অপুষ্টি প্ৰতিৰোধৰ দৰে গুৰুত্বপূৰ্ণ সামাজিক বিষয়ক লৈ ১ হাজাৰ ১২৫ খন ৱেবিনাৰৰো আয়োজন কৰা হৈছে।

 

 

এই ৱেবিনাৰবোৰত পুষ্টি বিশেষজ্ঞসকলে মহামাৰীৰ সময়ত মহিলা আৰু শিশুসকলৰ পুষ্টিকৰ আহাৰ গ্ৰহণৰ গুৰুত্ব সম্পৰ্কে সাধাৰণ মানুহকে সচেতন কৰে তোলাৰ চেষ্টা কৰিছে। ইয়াৰ উপৰিও, ৰাষ্ট্ৰীয় পোষণ মাহ অভিযানৰ অংগ হিচাপে ৭৪ হাজাৰতকৈও অধিক গাওঁত পুষ্টিৰ গুৰুত্ব সম্পৰ্কে বেনাৰ, প্ৰচাৰ-পুস্তিকা বিতৰণ কৰা হৈছে।

 

 

আনকি, সামাজিক দূৰত্ব বিধি বজাই ৰাখি বিশিষ্ট নাগৰিকসকলক লৈ ১ হাজাৰ ৮০০ ৰো অধিক বৈঠকৰ আয়োজন কৰা হৈছে, য’ত ৩৬ হাজাৰতকৈও অধিক যুৱক-যুৱতীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰৰ মাধ্যমেৰে পুষ্টি সম্পৰ্কে সচেতনতা প্ৰচাৰৰ কামত ৩৮ লাখতকৈও অধিক গাওঁবাসী উপকৃত হৈছে।

 

 

স্বেছাসেৱকসকলৰ সক্ৰিয় সহযোগিতাৰে পোষণ মাহ চলা সময়ছোৱাত বিভিন্ন গাওঁত ২৯ হাজাৰৰো অধিক পদযাত্ৰা, দৌৰ কাৰ্যসূচী, চাইকেল যাত্ৰা, সাংস্কৃতিক অনুষ্ঠান, বাটৰ নাট, চুটি ছবি প্ৰদৰ্শন, প্ৰদৰ্শনী, কুইজ প্ৰতিযোগিতা আদিৰো আয়োজন কৰা হৈছে।

 

********

NB/OA/RD



(Release ID: 1659682) Visitor Counter : 205