প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সাধু কোৱাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 27 SEP 2020 1:35PM by PIB Guwahati

শেহতীয়া মন কী বাতত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাধু কোৱাৰ ওপৰত আলোচনা কৰে আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সাধুবোৰৰ ইতিহাস মানৱ সভ্যতাৰ সমান পুৰণি আৰু কয় ‘য’তেই এটা আত্মা আছে, সিয়েই এটা সাধু’। তেখেতে পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰদ্বাৰা সাধুৰ মেলৰ তাৎপৰ্যৰ কথা দোহাৰে। তেখেতে এই সন্দৰ্ভত আলোচনা কৰে যে তেখেতৰ ভ্ৰমণ কালত শিশুহঁতৰ সৈতে মত-বিনিময় কৰি আহিছে, তেওঁলোকৰ জীৱনত কৌতুকে আৱৰি থকাৰ কথা তেখেতে অনুধাৱন কৰাৰ বিপৰীতে তেওঁলোকৰ জীৱনত সাধুৰ প্ৰভাৱ কম বুলি কয়।

দেশখনৰ সাধু কোৱা বা কিচ্ছাগৈৰ বৰ্ণাঢ্য পৰম্পৰা সন্দৰ্ভত আলোচনা কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে হিতোপদেশ আৰু পঞ্চতন্ত্ৰৰ পৰম্পৰাক লালিত-পালিত কৰি আহিছে, যিয়ে জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু পৰীৰ কাল্পনিক বিশ্বৰ জৰিয়তে প্ৰজ্ঞা বিলাই আহিছে। তেখেতে ধৰ্মীয় কাহিনী কোৱাৰ পৌৰাণিক ধৰণ ‘কথা’ৰ উল্লেখ কৰি, তামিল নাডু আৰু কেৰেলাৰ ‘ভিল্লু পাট’ৰ উদাহৰণ দাঙি ধৰে, যি হৈছে কাহিনী আৰু সংগীতৰ সংগম আৰু কাথপুটলীৰ স্পন্দনশীল পৰম্পৰা সন্দৰ্ভতো কয়। তেখেতে বিজ্ঞান আৰু কল্প বিজ্ঞানৰ ওপৰত ভিত্তি কৰি সাধু কোৱাৰ বৰ্ধিত জনপ্ৰিয়তা সন্দৰ্ভত কয়।

প্ৰধানমন্ত্ৰীয়ে কিচ্ছাগৈৰ শিল্পৰূপক প্ৰোৎসাহনৰ অৰ্থে গ্ৰহণ কৰা বহু পদক্ষেপৰ শলাগ লয়। ইয়াৰ ভিতৰত আছে আইআইএমৰ প্ৰাক্তন শিক্ষাৰ্থী শ্ৰী অমৰ ব্যাসে পৰিচালিত কৰা ‘Gathastory.in’। মাৰাঠীত শ্ৰীমতী বৈশালী ভিয়াৱাহেৰে দেশপাণ্ডেয়ে আৰম্ভ কৰা প্ৰচেষ্টা, চেন্নাইৰ শ্ৰীমতী শ্ৰীবিদ্যা বীৰ ৰাঘৱনে আমাৰ সংস্কৃতি সম্পৰ্কীয় কাহিনীসমূহৰ জনপ্ৰিয়কৰণ আৰু বিলাই দিয়াত অব্যাহত ৰখা প্ৰচেষ্টা, ইণ্ডিয়ান ষ্টৰীটেলিং নেটৱৰ্কৰ শ্ৰীমতী গীতা ৰামানুজনৰদ্বাৰা আৰম্ভ কৰা ‘kathalaya.org’ আৰু বেংগালুৰুৰ শ্ৰী বিক্ৰম শ্ৰীধৰে মহাত্মা গান্ধী সম্পৰ্কীয় কাহিনী সন্দৰ্ভত অতিশয় উৎসাহিত হৈ কৰি থকা কামৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে তদুপৰি বেংগালুৰু ষ্টৰীটেলিং ছ’চাইটিৰ শ্ৰীমতী অৰ্পণা আত্ৰেয় আৰু আন সদস্যসকলেৰে মত-বিনিময় কৰে। মত-বিনিময়ৰ সময়ছোৱাত দলটোৱে ৰজা কৃষ্ণ দেব ৰায় আৰু তেওঁৰ মন্ত্ৰী তেনালী ৰামৰ এটা সাধু পাঠ কৰে।

প্ৰধানমন্ত্ৰীয়ে সাধু কওঁতাসকলক সাধুৰ জৰিয়তে মহান পুৰুষ আৰু নাৰীসকলৰ জীৱনেৰে দেশখনৰ নৱ প্ৰজন্মক সংযোগ কৰাৰ পথ বিচাৰি উলিয়াবলৈ আহ্বান জনায়। তেখেতে কয় যে প্ৰতিখন গৃহস্থীতে সাধু কোৱাৰ কলাক অৱশ্যেই জনপ্ৰিয় কৰি তুলিব লাগে আৰু শিশুহঁতক ভাল সাধু কোৱাটো ৰাজহুৱা জীৱনৰ এটা অংশ হোৱা উচিত। তেখেতে অভিমত ব্যক্ত কৰি কয় যে প্ৰতিটো সপ্তাহতে, পৰিয়ালৰ সদস্যসকলে সহানুভূতি, সংবেদনশীলতা,   সাহস, ত্যাগ, বীৰত্ব ইত্যাদিৰ দৰে এটা বিষয়বস্তু বাছনি কৰাটো উচিত আৰু প্ৰতিজন সদস্যয়ে সেই বিষয়ৰ ওপৰত এটা সাধু ক’ব লাগে। তেখেতে কয় যে দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিবলৈ আগবাঢ়িছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সাধু কওঁতাসকলক তেওঁলোকৰ সাধুৰ জৰিয়তে স্বাধীনতা সংগ্ৰামৰ অনুপ্ৰেৰণামূলক কাৰ্যক্ৰমণিকাক প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। তেওঁলোকক তেখেতে এই সাধুসমূহৰ জৰিয়তে নতুন প্ৰজন্মৰ প্ৰতি ১৮৫৭ ৰপৰা ১৯৪৭ লৈ সকলো গুৰু আৰু সাধাৰণ ঘটনাৰাজিক সামৰি ল’বলৈ কয়।

*****

AP/SB



(Release ID: 1659679) Visitor Counter : 193