স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

একেৰাহে বহুকেইটা দিন ধৰি ভাৰতত নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই পিচ পেলাইছে নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যাক

নতুন আক্ৰান্তৰ তুলনাত নতুন আৰোগ্যৰ সংখ্যাধিক্য ঘটা ৰাজ্যৰ তালিকাত দেশৰ ২১ ৰাজ্য

प्रविष्टि तिथि: 27 SEP 2020 11:44AM by PIB Guwahati

একেৰাহে ৯টা দিন ধৰি ভাৰতত নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই পিচ পেলাইছে নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যাক। ইফালে, আৰোগ্য লাভৰ গতিৰো উলম্ব উথ্থান পৰিলক্ষিত হৈছে। শেহতীয়া দিনদিয়েকত প্ৰতিদিনেই গঢ়ে ৯০,০০০ৰৰো অধিক লোকে আৰোগ্য লাভ কৰাৰ তথ্য উপলব্ধ হৈছে।

শেহতীয়া ২৪ ঘণ্টাত নতুনকৈ আৰোগ্য লাভ কৰা ৯২,০৪৩ গৰাকী ব্যক্তিৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৮৮,৬০০ গৰাকী লোক। ইয়াকে ধৰি দেশত মুঠ আৰোগ্যৰ সংখ্যাই ৫০লাখ(৪৯,৪১,৬২৭)ৰ ঘৰ স্পৰ্শ কৰাৰ দিশত আগবাঢ়িছে। বিগত দিনদিয়েকৰ ধাৰা অব্যাহত ৰাখি শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ ৮২.৪৬%ত উপস্থিত হৈছে।

উচ্চ হাৰত আৰোগ্য লাভৰ অব্যাহত ধাৰাই শেহতীয়া দিনদিয়েকত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ স্থান সৰ্বাধিক আৰোগ্য লাভ কৰাৰ দেশৰ তালিকাৰ শীৰ্ষত অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে।

নতুন আক্ৰান্তৰ সংখ্যাতকৈ আৰোগ্য লাভৰ সংখ্যাধিক্যই আৰোগ্য আৰু আক্ৰান্ত ব্যক্তিৰ মাজৰ ব্যৱধানৰ শতংশ হাৰৰ ব্যৱধানো বৃদ্ধি কৰি ৰাখিছে।

আজিৰ তাৰিখত আৰোগ্য লাভ কৰা ব্যক্তি আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান প্ৰায় ৪০লাখ(৩৯,৮৫,২২৫) হৈছেগৈ।  

ইফালে, বিগত কেইবাটাও দিন ধৰি দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ১০লাখতকৈ কমতে আছে বুলি তথ্য নিশ্চিত কৰা হৈছে। শেহতীয়া প্ৰেক্ষাপটত দেশৰ মুঠ ক’ভিড-১৯ আক্ৰান্তৰ মাত্ৰ ১৫.৯৬%কহে সক্ৰিয় ক’ভিড আক্ৰান্ত বুলি নিশ্চিত কৰাৰ হৈছে আৰু এই পৰিসংখ্যাও দিনে দিনে কমি আহিছে।

কেন্দ্ৰ আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ সুক্ষ্ম, সক্ৰিয়, সতৰ্ক আৰু সু-সমন্বিত প্ৰয়াসৰ সুবাদত ভাৰতে নিতৌ উচ্চ হাৰত আৰোগ্য লাভৰ উলম্ব বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।

নতুন আক্ৰান্তৰ তুলনাত নতুন আৰোগ্যৰ  সংখ্যাধিক্য ঘটা ৰাজ্যৰ তালিকাত দেশৰ ২১ ৰাজ্য :

ধাৰাবাহিক প্ৰয়াস, বহুমুখী ৰণকৌশল, প্ৰভাৱশালী কাৰ্যক্ৰমৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নিয়মীয়া তদাৰকীৰ পৰিণতিতে এনে ফলাফল সম্ভৱ কৰিব পৰা গৈছে। দেশজুৰি চলা পৰীক্ষণৰ দ্বাৰা আক্ৰান্তৰ আগতীয়া চিনাক্তকৰণ, তাত্ক্ষণিক নিৰীক্ষণ আৰু আক্ৰান্তক অনুসৰণ তথা মানবিশিষ্ট চিকিত্সা সেৱাৰ সমন্বয়তে এনে আশাপ্ৰদ পৰিণতি লাভ কৰিব পৰা গৈছে।

 

****

MV/SJ/KB

HFW/COVID States data/27September2020/1


(रिलीज़ आईडी: 1659590) आगंतुक पटल : 226
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Telugu , Malayalam