আয়ুষ

কৰ্মস্থলীত যোগ বিৰতিৰ আৰম্ভণি আয়ুস মন্ত্ৰালয়ৰ

Posted On: 25 SEP 2020 12:27PM by PIB Guwahati

ভিড-১৯ প্ৰটকলৰ বাবে বাতিল হোৱা যোগ বিৰতিৰ নিয়ম প্ৰসাৰৰ কাম-কাজ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ আৰম্ভ কৰিছে আয়ুস মন্ত্ৰালয়ে। এই পাঁচ মিনিটৰ প্ৰটকলৰ মাধ্যমেৰে সৰ্বসাধাৰণ লোকক কৰ্মস্থলীত যোগাসন কৰিবলৈ উৎসাহিত কৰিব আৰু তেওঁলোকক কামৰ মাজতে খন্তেক বিশ্ৰাম লৈ যোগাসনৰ জৰিয়তে দেহ-মনক সতেজ কৰাত সহায় কৰিব।

যোগ হল এক প্ৰাচীন ভাৰতীয় পৰম্পৰা। ইয়াৰ জৰিয়তে ব্যক্তিৰ শাৰিৰীক, মানসিক, আৱেগিক আৰু আধ্যাত্মিক কল্যাণ সাধন হয়। কাম কৰাৰ ধৰণ সলনি হোৱাৰ বাবে, বিশেষকৈ কৰ্মস্থলীত দীৰ্ঘ সময়ৰ বাবে কম্পিউটাৰৰ সন্মুখত বহি কাম কৰি থকাৰ ফলত অধিকাংশ কৰ্মচাৰীয়ে উদ্বিগ্নতাত ভুগিবলগীয়া হয়। এইধৰণৰ উদ্বিগ্নতাই কামৰ মনোযোগ হ্ৰাস কৰিব পাৰে।

আয়ুস মন্ত্ৰালয়ে এমডিএনআইৱাই-ৰ সহযোগত ২০১৯ চনত কৰ্মস্থলীত লোকৰ উদ্বিগ্নতা দূৰ কৰি মনোযোগ বৃদ্ধিৰ বাবে কামৰ মাজতে ৫মিনিটৰ যোগ বিৰতি দিয়াৰ এক ধাৰণা আৰম্ভ কৰিছিল। ২০২০ৰ জানুৱাৰীত এই প্ৰটকল ট্ৰায়েল ভিত্তিত মুকলি কৰা হৈছিল আৰু ইয়াৰ সফলতা দেখা গৈছিল।

আয়ুস মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীৰ আয়ুস ভৱন আৰু এমডিএনআইৱাই কেম্পাছত যোগ প্ৰটকলৰ ডেমনষ্ট্ৰেচন আৰু অনুশীলন আৰম্ভ কৰিছে। বৰ্তমানৰ স্বাস্থ্য জৰুৰী অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰটকলত উশাহ-নিশাহ সম্পৰ্কীয় কেইটামান যোগাসন নতুনকৈ সংযোজিত কৰা হৈছে।

******



(Release ID: 1659220) Visitor Counter : 156