আইন আৰু ন্যায় মন্ত্ৰালয়

ন্যায় বিভাগে মুকলি কৰিলে ‘‘ৰিচ্চিং দা আনৰিচ্চজ-ভইচেছ অব্ দা বেনিফিচিয়াৰীজ’’ শীৰ্ষক টেলি-আইন কাৰ্যসূচীৰ সফলতাৰ কাহিনীসমূহৰ ই-সংস্কৰণ

টেলি-আইন কাৰ্যসূচীয়ে ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ১১৫খন প্ৰত্যাশী জিলাকে ধৰি দুৰ্গম অঞ্চলৰ ২৬০খন জিলাৰ ৩ লাখ হিতাধিকাৰীত উপকৃত কৰিছে

বঞ্চিতসকলক সময়ানুসৰি তথা মূল্যৱান আইনী পৰামৰ্শ প্ৰদান কৰাৰ বাবে স্মাৰ্ট প্ৰযুক্তিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে

Posted On: 23 SEP 2020 10:15AM by PIB Guwahati

ন্যায় বিভাগে তেওঁলোকৰ টেলি-আইন কাৰ্যসূচী প্ৰণয়নৰ বাবে ‘‘টেলি-আইন- ৰিচ্চিং দা আনৰীচ্চড’’, ‘‘ভইচেছ অব্ দা বেনিফিচিয়াৰীজ’’ শীৰ্ষক প্ৰথম বুকলেট মুকলি কৰিছে৷ এই সেৱা বৰ্তমানে ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ২৬০ খন জিলা (১১৫খন প্ৰত্যাশী জিলাক অন্তৰ্ভুক্ত কৰি) তথা ২৯৮৬০ টা চিএছচিত উপলব্ধ কৰোৱা হৈছে আৰু ইয়াৰ জৰিয়তে ৩ লক্ষাধিক হিতাধিকাৰী উপকৃত হৈছে৷

এই ই বুকলেটখনত পেৰালীগেল স্বেচ্ছাসেৱী, গ্ৰামীণ উদ্যমী আদিসকলৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ ভাৰত চৰকাৰৰ ‘‘ডিজিটেল ইণ্ডিয়া ভিজন’’ত গুৰুত্ব প্ৰদান কৰি ন্যায় বিভাগে উক্ত পদক্ষেপ গ্ৰহণ কৰিছে৷ গোচৰসমূহৰ প্ৰাক্-মোকৰ্দমা পৰ্যায়তেই মোকাবিলা কৰাৰ উদ্দেশ্যে ২০১৭ চনত টেলি-আইন কাৰ্যসূচী মুকলি কৰা হৈছিল৷ এই কাৰ্যসূচীৰ অধীনত ভিডিঅ’ কনফাৰেন্সিঙৰ স্মাৰ্ট প্ৰযুক্তি আদি সংবদ্ধ কৰা হৈছে৷

‘‘টেলি-আইন- ৰিচ্চিং দা আনৰীচ্চড’’, ‘‘ভইচেছ অব্ দা বেনিফিচিয়াৰীজ’’ৰ বিষেয় চাবলৈ ইয়াত ক্লিক কৰক

********

RCJ/M/MANN



(Release ID: 1658126) Visitor Counter : 123