PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 22 SEP 2020 6:17PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

এদিনতে সৰ্বাধিক আৰোগ্য লাভেৰে ভাৰতৰ অভিলেখ সৃষ্টি, বিগত ২৪ ঘন্টাত লাখৰো অধিক ৰোগীৰ আৰোগ্য লাভ

দিনতে সৰ্বাধিক আৰোগ্য লাভেৰে ভাৰতে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। দেশখনত যোৱা ২৪ ঘন্টাত লাখৰো অধিক (,০১,৪৬৪) ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ইয়াৰোপৰি উল্লেখযোগ্য সফলতা এয়ে যে ক্ৰমাগত চাৰিটা দিনত এদিনতে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা অধিক হৈ আহিছে। ইয়াৰ জৰিয়তে, আৰোগ্য লাভৰ মুঠ সংখ্যা হৈছেগৈ ৪৫ লাখ (৪৪,৯৭,৮৬৭) একেদৰে, আৰোগ্য লাভৰ হাৰ হয় ৮০.৮৬% নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৯% দহখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ, যথাঃ মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু তামিল নাডু, ওড়িশা, দিল্লী, কেৰেলা, পশ্চিম বংগ আৰু পঞ্জাৱ। মহাৰাষ্ট্ৰত নতুনকৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩২,০০০ ৰোধিক (৩১.%) এদিনতে আৰোগ্য লাভৰ সংখ্যাত ১০,০০০ ৰোধিকৰে অৰিহণা যোগাইছে অন্ধ্ৰ প্ৰদেশে। সৰ্বাধিক সংখ্যক আৰোগ্য লাভৰ উল্লেখযোগ্য সফলতাৰে বিশ্বৰ প্ৰেক্ষাপটত ভাৰত শীৰ্ষস্থানীয় দেশ হৈ পৰিছে। বৰ্তমান মৃত্যুৰ হাৰ ১.৫৯%লৈ নিম্নগামী হৈছে৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1657597

 

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ভিড-১৯ সৰ্বাধিক প্ৰভাৱিত সাতখন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিস্থিতি আৰু সংক্ৰমণ নিয়ন্ত্ৰণ প্ৰতিৰোধ প্ৰস্তুতি পৰ্যালোচনা কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ (২৩ ছেপ্টেম্বৰ) ভিড-১৯ সৰ্বাধিক প্ৰভাৱিত সাতখনকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে বৰ্তমান ভিড-১৯ পৰিস্থিতি আৰু তাত সংক্ৰমণ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ বাবে গৃহীত পদক্ষেপবোৰ সম্পৰ্কে এক উচ্চস্তৰীয় ভাৰ্চুৱেল বৈঠকত মিলিত ব। এই ৰাজ্যকেইখন ক্ৰমে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডু, দিল্লী আৰু পঞ্জাৱ। উল্লেখ্য যে দেশত মুঠ ৰোনা আক্ৰান্তৰ ৭৩ শতাংশতকৈও অধিক লোক এই সাতখন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাসিন্দা আনকি, এই সাতখন ৰাজ্যত ৰোনাত আক্ৰান্তৰ সংখ্যা ৬৫. শতাংশ আৰু ৭৭ শতাংশ লোকৰে মৃত্যু ঘটিছে এই ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত। পাঁচখন ৰাজ্যৰ সমান্তৰালকৈ, পঞ্জাৱ আৰু দিল্লীতো সম্প্ৰতি ৰোনাত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰ, পঞ্জাব আৰু দিল্লীৰ পৰা শতাংশৰো অধিক লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বাদে এই ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত আক্ৰান্তৰ হাৰ ৰাষ্ট্ৰীয় গড় .৫২ শতাংশৰ তুলনাত অধিক। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আৰু সক্ৰিয় সহযোগিতা বজাই ৰাখি দেশত ভিড-১৯ বিৰুদ্ধে সংগ্ৰামখনত নেতৃত্ব দি আহিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক স্বাস্থ্য সেৱা আৰু চিকিৎসা আন্তঃগাঁথনিৰ মান উন্নয়নত ধাৰাবাহিকভাৱে সহায় কৰি আহিছে।

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1657615

 

ফিটনেছৰ ক্ষেত্ৰত প্ৰবল উৎসাহী লোকসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

 

এক অভিনৱ উদ্যোগৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২৪ তাৰিখে ফিট ইণ্ডিয়া অভিযানৰ প্ৰথম বাৰ্ষিকী উদযাপন উপলক্ষে দেশৰ সাধাৰণ নাগৰিকৰ উপৰিও ফিটনেছৰ ক্ষেত্ৰত প্ৰবল ৎসাহী ভালেমান লোকৰ সৈতে অনলাইনযোগে ফিট ইণ্ডিয়া ডায়লগ অনুষ্ঠানত মত বিনিময় কৰিব। এই মত বিনিময় অনুষ্ঠানতে ফিটনেছৰ ক্ষেত্ৰত নজিৰ স্থাপন কৰা ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি তেওঁলোকৰ ফিটনেছ সংক্ৰান্তীয় বিভিন্ন উপদেশ আৰু পৰামৰ্শ আগবঢ়াব। আনকি প্ৰধানমন্ত্ৰীয়েও ফিটনেছ আৰু সুস্বাস্থ্যৰ ক্ষেত্ৰত তেওঁৰ নিজস্ব চিন্তাধাৰাও জনসাধাৰণৰ আগত তুলি ধৰিব। অনলাইনযোগে এই মত বিনিময় অনুষ্ঠানত ফিটনেছৰ দিশেৰে নজিৰ সৃষ্টিকাৰী যিসকল লোকে অংশগ্ৰহণ কৰিব তেওঁলোকৰ ভিতৰত আছে বিৰাট কোহলী, মিলিন্দ সুমন, ঋতুজা ডিৱেকৰ দৰে আগশাৰীৰ ব্যক্তিত্ব। ভিডৰ সময়ত ফিটনেছ দৈনন্দিন জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈ উঠিছে। সেয়ে এই মত বিনিময় অনুষ্ঠানত পুষ্টি সৰ্বস্ব কল্যাণ আৰু ফিটনেছ সংক্ৰান্তীয় বিভিন্ন বিষয়ক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা ব।

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1657626

 

আইআইটি গুৱাহাটীৰ সমাৱর্তনত ভাষণ প্রধানমন্ত্রীৰ

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি আইআইটি গুৱাহাটীৰ সমাৱর্তনত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়৷ জ্ঞানং বিজ্ঞান সহিতং যজ্ঞনাত্বা মোক্ষছে শুভাত’- শীৰ্ষক এক শ্লোক উদ্ধৃতি দি প্ৰধানমন্ত্রীয়ে কয় যে বিজ্ঞানসহ সকলো জ্ঞানৰ মূল উদ্দেশ্য বিভিন্ন সমস্যাৰ সমাধান কৰা৷ আইআইটিৰ দৰে প্ৰতিষ্ঠানসমূহ আজি যিদৰে উন্নতি হৈছে প্ৰধানমন্ত্রী তাৰ বাবে গৌৰৱ অনুভব কৰে৷ তেওঁ কয় যে উদ্ভাৱনৰ এই শক্তিয়ে আমাৰ দেশক এহাজাৰ বছৰ ধৰি সজীব কৰি ৰাখিছে৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1657699

 

আইআইটি গুৱাহাটী সমাৱৰ্তনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1657710

 

ৰাষ্ট্ৰসংঘৰ সাধাৰণ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅকনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সাধাৰণ বৈঠকত ভাষণ প্ৰদান কৰে।এই সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ পৰা ৭৫ বছৰ পূৰ্বে মান ইতিহাসতে প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বৰ বাবে এক অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়েই বিশ্বত যুদ্ধৰ দাবানলৰ পৰা এক নতুন আশাৰ সঞ্চাৰ কৰিছিল। তেওঁ লগতে কয় যে ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰতিষ্ঠাপক স্বাক্ষৰকাৰী হিচাপে ভাৰতো সেই মহান উদ্দেশ্যৰ এক অংশীদাৰ আছিল, যিয়ে ভাৰতৰ নিজৰো দৰ্শন, যাক আমিবসুধৈৱ কুটুম্বকমবুলি কওঁ, তাক প্ৰতিফলিত কৰে, যাৰ অৰ্থই হৈছে সমগ্ৰ বিশ্বই এক পৰিয়াল।ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠা অভিযানসমূহৰ উপৰিও শান্তি আৰু উন্নয়ণ প্ৰক্ৰিয়াৰ কামত ইতিমধ্যেই প্ৰাণ হেৰুওৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একমাত্ৰ ৰাষ্ট্ৰসংঘৰ বাবেই আমাৰ বিশ্বখন এতিয়া যথেষ্ট উন্নত হৈ উঠিছে।

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1657623

 

ক’ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০২০-২১ বৰ্ষৰ বিশ্ববিদ্যালয়ৰ প্ৰাক-স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক দীনপঞ্জীৰ নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়ালে আজি ক’ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০২০-২১ বৰ্ষৰ বিশ্ববিদ্যালয়ৰ প্ৰাক-স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক দীনপঞ্জীৰ সন্দৰ্ভত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা ঘোষণা কৰে৷ নিৰ্দেশনাত ২০২০ৰ অক্টোবৰৰ ভিতৰত প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে৷ বাকী থকা খালী আসনৰ নামভৰ্তি প্ৰক্ৰিয়া ৩০ নৱেম্বৰ অন্তিম সীমা ধাৰ্য কৰা হৈছে৷ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ পাঠদান ২০২০ৰ ১ নৱেম্বৰৰ পৰা আৰম্ভ কৰাৰ আশা আছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1657732

 

বজাৰ বৰ্ষ ২০২১-২২ৰ ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি) কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে বজাৰ বৰ্ষ ২০২১-২২ৰ সকলো ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি) অনুমোদন প্ৰদান কৰিছে৷ এমএছপিৰ বৃদ্ধি স্বামীনাথন আয়োগৰ পৰামৰ্শৱলী অনুসৰি ধাৰ্য কৰা হৈছে৷ পুষ্টিগত প্ৰয়োজনীয়তা আৰু পৰিৱৰ্তিত খাদ্যাভ্যাসৰ প্ৰতি লক্ষ্য ৰাখি তথা দাইল আৰু তৈলবীজৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতা লাভৰ বাবে চৰকাৰে এই শস্যসমূহৰ উচ্চতম এমএছপি ধাৰ্য কৰিছে৷ মচুৰৰ (প্ৰতি কুইণ্টলত ৩০০ টকা), চানা আৰু সৰিয়হ (প্ৰতি কুইণ্টলত ২২৫ টকা) আৰু ছেফফ্লাৱাৰ (প্ৰতি কুইণ্টলত ১১২ টকা) সৰ্বাধিক এমএছপি ধাৰ্য কৰা হৈছিল৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1657423

 

 

বস্ত্র উদ্যোগত ক’ভিড-১৯ মহামাৰীৰ প্রভাৱ

বস্ত্ৰ উদ্যোগ হ’ল এক অসংগঠিত খণ্ড৷ ক’ভিড মহামাৰীৰ বাবে বস্ত্ৰ উদ্যোগত ওপৰত পৰা বিৰূপ প্ৰভাৱৰ পৰা বাহিৰ হৈ অহাৰ বাবে চৰকাৰ বিশেষ ব্যৱস্থা হাতত লৈছে৷ ভাৰতীয় ৰেচম উদ্যোগত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ শীর্ষক এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছে৷ এই উদ্যোগৰ পাদন, ৰেচম গুটি, কেঁচা ৰেচমৰ মূল্য, পৰিবহনৰ সমস্যা, দক্ষ কর্মীৰ অপৰ্যাপ্ততা, পাদিত সামগ্রীৰ বিক্রী, কার্যকৰী মূলধনৰ সমস্যা, আমদানি-ৰপ্তানিৰ সুযোগ হ্রাসৰ উপৰি বিভিন্ন ধৰণৰ নিষেধাজ্ঞাৰ ফলত এই উদ্যোগে এতিয়া সংকটৰ সন্মুখীন হৈছে৷

অধিক বিৱৰণ বাব https://pib.gov.in/PressReleseDetail.aspx?PRID=1657698

 

মহামাৰীৰ সময়ত অংগনৱাড়ী কৰ্মী, মহিলা আৰু শিশুৰ বাবে সামাজিক নিৰাপত্তা

ক’ভিড-১৯ মহামাৰী বাবে দেশত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৫১-৫৯ বছৰ বয়সৰ অংগনৱাড়ী কৰ্মী/অংগনৱাড়ী সহায়িকাসকলৰ লাইফ কভাৰৰ পৰিমাণ ৩০ হাজাৰ টকাৰ পৰা ২লাখ টকালৈ বৃদ্ধি কৰা হৈছে৷ তদুপৰি, সামাজিক নিৰাপত্তা বীমা আঁচনিৰ অধীনতো সুবিধাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে৷ সেই হিচাপে তেওঁলোকক এতিয়া ২০২১ৰ ২১ মে’লৈকে পিএমজেজেবিৱাই/পিএমএছবিৱাই/একেবিৱাই/এফচিআই বীমা আঁচনিৰে সামৰি লোৱা হ’ব৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1657677

 

মহামাৰীৰ মাজতে নিৰ্বাচন অনুষ্ঠিত কৰা-ইচিআইৰ ৱেবিনাৰত বহু দেশে আগবঢ়ালে মূল্যবান পৰামৰ্শ

মুখ্য নিৰ্বাচনী বিষয়া সুনীল অ’ৰোৰাই বিশ্বত গণতন্ত্ৰ প্ৰসাৰৰ বাবে সময়োচিত, স্বতন্ত্ৰ, নিৰপেক্ষ আৰু অংশীদাৰিত্বমূলক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আজি বিভিন্ন দেশৰ নিৰ্বাচনী ব্যৱস্থাপনা বিভাগৰ প্ৰতিশ্ৰুতিক আলোকপাত কৰে৷ তেওঁ গণতন্ত্ৰৰ বিষয়ে আমেৰিকা প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহম লিংকনৰ সজ্ঞাৰ উদ্ধৃতি দিয়ে৷

অধিক বিৱৰণ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1657511

 

মহিলাৰ বিৰুদ্ধে ঘৰুৱা হিংসা বৃদ্ধি

ক’ভিড-১৯ মহামাৰীৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় মহিলা আয়োগে(এনচিডব্লিউ) বৈদ্যুতিন মাধ্যম আৰু ছ’চিয়েল মিডিয়াযোগে এটা বিজ্ঞাপনযোগে  কোনো মহিলাই যিকোনো ধৰণৰ হিংসাৰ বলি হৈছে নেকি জনাবলৈ আহ্বান জনায়৷ ইয়াৰ উপৰি মহিলা আয়োগে ৭২১৭৭৩৫৩৭২ শীৰ্ষক এটা হোৱাটছএপ নম্বৰো প্ৰদান কৰি অভিযোগ দিবলৈ কয়৷ ৰাজ্যসভাত এক প্ৰশ্ন উত্তৰত মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয় যে এই বিষয়টো ৰাজ্যসমূহৰ যদিও কেন্দ্ৰীয় চৰকাৰে এনে হিংসা ৰোধ কৰিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰিছে৷

অধিক বিৱৰণ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1657678

ক’ভিড-১৯ৰ সময়ত আৰটিআইৰ কাম-কাজ মসৃণ ৰূপত চলি আছে

কেন্দ্রীয় উত্তৰ-পূর্বাঞ্চল উন্নয়ন দপ্তৰ (স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্রীৰ কাৰ্যালয়, কর্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্রী ড০ জীতেন্দ্ৰ সিঙে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়তো কেন্দ্রীয় তথ্য আয়োগে প্ৰযুক্তিৰ সু-ব্যৱহাৰ কৰি অডিঅ’/ভিডিঅ’ মাধ্যমেৰে বিভিন্ন অভিযোগৰ শুনানি অব্যাহত ৰাখিছে৷ ৰাজ্যসভাত আজি এটা প্ৰশ্ন লিখিত উত্তৰত তেওঁ এই তথ্য সদৰি কৰে৷ মন্ত্ৰী সিঙে কয় যে চলিত বছৰৰ মার্চৰ পৰা ১৭ ছেপ্টেম্বৰলৈকে কেন্দ্রীয় তথ্য আয়োগে অনলাইনযোগে ৪,৪৯১টা অনুৰোধ প্ৰক্রিয়াৰ কাম কৰিছে৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1657765

 

INPUTS FROM PIB FIELD OFFICES

 

  • চণ্ডীগড়ঃ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল যেতিয়া পিতৃ-মাতৃৰ অনুমতি সাপেক্ষে বিদ্যালয়লৈ আহিব, তেতিয়া ভাৰত চৰকাৰৰ নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ মাধ্যমিক শিক্ষা পৰিষদক নিৰ্দেশ দিছে চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকে৷ তেওঁ শিক্ষকসকলকো নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়ে৷
  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে শাৰিৰীক শিক্ষাসম্পৰ্কীয় কাম-কাজ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে৷ বিদ্যালয় পুনৰ খোলাৰ পাছতে এই সিদ্ধান্ত ৰূপায়ণ কৰা হয়৷
  • অৰুণাচলপ্ৰদেশঃ ৰাজ্যখনত পুনৰ নতুনকৈ ২১০গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰে ভিতৰত বিগত ২৪ ঘণ্টাত ৰাজধানী ইটানগৰতে ১০১গৰাকী লোক আক্ৰান্ত হৈছে৷
  • অসমঃ বিগত ২৪ ঘণ্টাত অসমত ১,৭৯৫গৰাকী ৰোগীক ডিছচাৰ্জড দিয়া হৈছে৷ ৰাজ্যখনত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৫৯,৩২০গৰাকী হৈছে ইয়াৰে ১,২৯,১৩০গৰাকী সুস্থ হোৱাৰ বিপৰীতে ২৯,৬০৯গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • মনিপুৰঃ বিগত ২৪ ঘণ্টাত ১১৬জন নতুন আক্ৰান্তসহ মনিপুৰত মুঠ ক’ভিড ৰোগীৰ সংখ্যা ৯,০১০জনলৈ বৃদ্ধি পালে৷ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৭৬শতাংশ৷ বৰ্তমান মনিপুৰত ২,১১৩জন লোক চিকিসাধীন হৈ থকাৰ বিপৰীতে ৫৯জন ৰোগীৰ মৃত্যু হৈছে৷

 

  • মেঘালয়ঃ ৰাজ্যখনত মুঠ চিকিসাধীন ক’ভিড ৰোগীৰ সংখ্যা ২,১৬৯জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰে ৩৫৫জন সেনা জোৱান৷ ৰাজ্যখনত বৰ্তমানলৈকে ২,৫২৭জন ৰোগী সুস্থ হৈছে৷
  • মিজোৰামঃ কালিৰ দিনটোত মিজোৰামত ১০৭জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত মুঠ ১,৬৯২গৰাকী ক’ভিড ৰোগীৰ ভিতৰত বৰ্তমান ৬৮০জন ৰোগী চিকিসাধীন হৈ আছে৷
  • নাগালেণ্ডঃ ৰাজ্যখনৰ মুঠ ক’ভিড পজিটিভ ৰোগী ভিতৰত ২,৬১৪গৰাকী সেনা আৰু আৰক্ষী, ১,৪৪৮গৰাকী বৰ্হি ৰাজ্যৰ পৰা ঘূৰি অহা, ১,১৫৪গৰাকী সংস্পৰ্শলৈ অহা আৰু ৩২৪গৰাকী আগশাৰীৰ কৰ্মী৷ নতুনকৈ ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ক’হিমা জিলা প্ৰশাসনে হাইস্কুল এলেকা, লেৰী কলনি, ল’ৱাৰ এজি আৰু টি খেল এলেকাৰ কেইবাটাও আৱাস চীল কৰি দিছে৷
  • কেৰালাঃ শেহতীয়া তথ্য মতে কেৰালাৰ পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় হাৰ ৮.৭তকৈ অধিক হৈ ৯.১% হৈছে৷ ৰাজ্যিক সামাজিক নিৰাপত্তা মিচন সঞ্চালক ড০ মহম্মদ আশীলে সদৰি কৰা মতে অক্টোবৰ-নৱেম্বৰ মাহত পজিটিভিটিৰ হাৰ আৰু অধিক বৃদ্ধি পাব৷ কালি দিনটোত কেৰালাত ২,৯১০গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ বৰ্তমান কেৰালাত ৩৯,২৮৫গৰাকী লোক চিকিসাধীন হৈ আছে৷
  • তামিলনাডুঃ আৰবিআইৰ প্ৰাক্তন গৱৰ্ণৰ চি ৰংগৰাজনে সোমবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী পালানীস্বামীক দাখিল কৰা ২৫০পৃষ্ঠাজোৰা প্ৰতিবেদনত অহা দুমাহত ৰাজ্যখনৰ অৰ্থনীতিৰ উত্থান হ’ব বুলি সদৰি কৰে৷ ৰাজ্যখনত বিগত দুমাহত ৫০,২১২টা ক’ভিড প্ৰট’কল ভংগৰ বিপৰীতে ১,০৬কোটি টকাৰ জৰিমনা বিহাৰ তথ্য পোৱা গৈছে৷ কালি দিনটোত ৫,৩৪৪গৰাকী নতুন আক্ৰান্ত, ৬০জন ৰোগীৰ মৃত্যুৰ খবৰ পোৱা গৈছে৷
  • কৰ্ণাটকঃ ক’ভিড যুদ্ধ কক্ষৰ তথ্য অনুসৰি সোমবাৰে ৰাজ্যখনৰ ক’ভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৮০.৩৫শতাংশত উপনীত হৈছে৷
  • অন্ধ্ৰপ্ৰদেশঃ বিগত ৫০দিনৰ ভিতৰত প্ৰথমবাৰলৈ সোমবাৰে ২০০তকৈ কম নতুন আক্ৰান্ত হৈছে ৰাজ্যখনত৷ বৰ্তমান ৰাজ্যখনত ৬,৪১৮গৰাকী লোক চিকিসাধীন হৈ আছে৷ ৰাজ্যখনত বৰ্তমানলৈকে ৪৩,০৬২গৰাকী লোক সুস্থ হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ২,১৬৬গৰাকী নতুন আক্ৰান্ত, ২,১৪৩গৰাকী সুস্থ আৰু ১০গৰাকী ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ মুঠ ১,৭৪,৭৭৪গৰাকী আক্ৰান্তৰ ভিতৰত এতিয়া ৰাজ্যখনত ২৯,৬৪৯গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনত ৫০ শতাংশ শিক্ষক-কৰ্মচাৰীৰে শিক্ষানুষ্ঠানৰ পাঠদান পুনৰ আৰম্ভ হৈছে৷
  • মহাৰাষ্ট্ৰঃ সোমবাৰে অভিলেখসংখ্যক ৩২,০০৭গৰাকী নতুন আক্ৰান্তৰে ৰাজ্যখনত মুঠ ক’ভিড ৰোগীৰ সংখ্যা ৯,১৬,৩৪৮গৰাকীলৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৭৪.৮৪% আৰু মৃত্যুৰ হাৰ ২.৭শতাংশ৷ বৰ্তমান ৰাজ্যখনত ২,৭৪,৬২৩গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • গুজৰাটঃ একেৰাহে চতুৰ্থ দিনাও গুজৰাটত ১,৪০০তকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ সোমবাৰে ৰাজ্যখনত ১,৪৩০গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ কালি দিনটোত ১৭জন ৰোগীসহ গুজৰাটত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ৩,৩৩৯গৰাকীলৈ বৃদ্ধি পাইছে৷
  • ৰাজস্থানঃ ক’ভিড-১৯ ৰোগীসকলৰ সুবিধাৰ্থে ৰাজস্থান চৰকাৰে ১৮১ শীৰ্ষক এটা হেল্পলাইন মুকলি কৰিছে৷ এই হেল্পলাইন আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা চিকিসা আৰু হাস্পতাল বিছনাৰ পৰ্যাপ্ততাৰ সন্দৰ্ভত তথ্য প্ৰদান কৰা হয়৷ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৮৩%ৰ বিপৰীতে মৃত্যুৰ হাৰ ১.৬% বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে৷
  • চত্তীশগড়ঃ বিগত ৩ সপ্তাহত ৫৬,৬৭৮গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ ফলত ৰায়পুৰকে ধৰি অধিক প্ৰভাৱিত জিলাসমূহত দহ দিনৰ বাবে নতুনকৈ লকডাউন ঘোষণা কৰিছে চত্তীশগড়ৰ চৰকাৰে৷ ৰাজ্যখনত এতিয়ালৈকে মুঠ ৮৮,১৮১গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৯০গৰাকী লোক ক’ভিডত মৃত্যু হৈছে৷ ৰাজ্যখনত মুঠ আক্ৰা্ন্ত আৰু মৃত্যুৰ হাৰৰ ৬০শতাংশকৈ অধিক বিগত তিনি সপ্তাহত হৈছে৷

 

FACT CHECK

 

 



(Release ID: 1657951) Visitor Counter : 209