প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ক’ভিড-১৯ ত সৰ্বাধিক প্ৰভাৱিত সাতখন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিস্থিতি আৰু সংক্ৰমণ নিয়ন্ত্ৰণ প্ৰতিৰোধ প্ৰস্তুতি পৰ্যালোচনা কৰিব

Posted On: 22 SEP 2020 11:54AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ (২৩ ছেপ্টেম্বৰ) ক’ভিড-১৯ ত সৰ্বাধিক প্ৰভাৱিত সাতখনকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে বৰ্তমান ক’ভিড-১৯ পৰিস্থিতি আৰু তাত সংক্ৰমণ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ বাবে গৃহীত পদক্ষেপবোৰ সম্পৰ্কে এক উচ্চস্তৰীয় ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব।

এই ৰাজ্যকেইখন ক্ৰমে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডু, দিল্লী আৰু পঞ্জাৱ।

উল্লেখ্য যে দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ ৭৩ শতাংশতকৈও অধিক লোক এই সাতখন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাসিন্দা। আনকি, এই সাতখন ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬৫.৫ শতাংশ আৰু ৭৭ শতাংশ লোকৰে মৃত্যু ঘটিছে এই ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত। পাঁচখন ৰাজ্যৰ সমান্তৰালকৈ, পঞ্জাৱ আৰু দিল্লীতো সম্প্ৰতি ক’ৰোনাত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰ, পঞ্জাব আৰু দিল্লীৰ পৰা ২ শতাংশৰো অধিক লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বাদে এই ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত আক্ৰান্তৰ হাৰ ৰাষ্ট্ৰীয় গড় ৮.৫২ শতাংশৰ তুলনাত অধিক।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আৰু সক্ৰিয় সহযোগিতা বজাই ৰাখি দেশত ক’ভিড-১৯ ৰ বিৰুদ্ধে সংগ্ৰামখনত নেতৃত্ব দি আহিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক স্বাস্থ্য সেৱা আৰু চিকিৎসা আন্তঃগাঁথনিৰ মান উন্নয়নত ধাৰাবাহিকভাৱে সহায় কৰি আহিছে। আনকি, আইচিইউত চিকিৎসাধীন ৰোগীসকলৰ দায়িত্বত থকা চিকিৎসকসকলৰ দক্ষতাৰ মান আৰু বৃদ্ধি কৰিবৰ বাবে নতুন দিল্লীৰ এইমছৰ সৈতে সহযোগিতাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়য়ে ই-আইচিইউ টেলি-কনছাল্টেশ্যন সেৱাও আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীৰ সৈতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ উচ্চপৰ্যায়ৰ এই পৰ্যালোচনা বৈঠকে হাস্পতালবোৰত মেডিকেল অক্সিজেনৰ পৰ্যাপ্ত যোগান আৰু ক’ভিড সংক্ৰান্তীয় স্বাস্থ্যসেৱাৰ বিভিন্ন দিশক লৈ আলোচনা হ’ব। ইফালে কেন্দ্ৰীয় চৰকাৰে ক’ৰোনা সংক্ৰমণৰ মোকাবিলা আৰু তাৰ প্ৰতিৰোধৰ বাবে  আৰু নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিবৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰতত মাল্টি-ডিছিপ্লিনাৰী দল প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় দলবোৰে তালৈ গৈ স্থানীয় কৰ্তৃপক্ষবোৰক সৃষ্টি হোৱা পৰিস্থিতিৰ মোকাবিলাত প্ৰয়োজনীয় দিক নিৰ্দেশ আৰু পৰামৰ্শও দিছে। তাৰ লগতে, সময়মতে নমুনা পৰীক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ আহ্বান জনোৱা হৈছে।

*****

VRRK/MV/RD



(Release ID: 1657848) Visitor Counter : 195