প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফিটনেছৰ ক্ষেত্ৰত প্ৰবল উৎসাহী লোকসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

ফিট ইণ্ডিয়া অভিযানৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আয়োজন কৰা হৈছে ফিট ইণ্ডিয়া ডায়লগ

Posted On: 22 SEP 2020 12:23PM by PIB Guwahati

এক অভিনৱ উদ্যোগৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২৪ তাৰিখে ফিট ইণ্ডিয়া অভিযানৰ প্ৰথম বাৰ্ষিকী উদযাপন উপলক্ষে দেশৰ সাধাৰণ নাগৰিকৰ উপৰিও ফিটনেছৰ ক্ষেত্ৰত প্ৰবল উৎসাহী ভালেমান লোকৰ সৈতে অনলাইনযোগে ফিট ইণ্ডিয়া ডায়লগ অনুষ্ঠানত মত বিনিময় কৰিব।

এই মত বিনিময় অনুষ্ঠানতে ফিটনেছৰ ক্ষেত্ৰত নজিৰ স্থাপন কৰা ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি তেওঁলোকৰ ফিটনেছ সংক্ৰান্তীয় বিভিন্ন উপদেশ আৰু পৰামৰ্শ আগবঢ়াব। আনকি প্ৰধানমন্ত্ৰীয়েও ফিটনেছ আৰু সুস্বাস্থ্যৰ ক্ষেত্ৰত তেওঁৰ নিজস্ব চিন্তাধাৰাও জনসাধাৰণৰ আগত তুলি ধৰিব। অনলাইনযোগে এই মত বিনিময় অনুষ্ঠানত ফিটনেছৰ দিশেৰে নজিৰ সৃষ্টিকাৰী যিসকল লোকে অংশগ্ৰহণ কৰিব তেওঁলোকৰ ভিতৰত আছে বিৰাট কোহলী, মিলিন্দ সুমন, ঋতুজা ডিৱেকৰ দৰে আগশাৰীৰ ব্যক্তিত্ব।

ক’ভিডৰ সময়ত ফিটনেছ দৈনন্দিন জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈ উঠিছে। সেয়ে এই মত বিনিময় অনুষ্ঠানত পুষ্টি সৰ্বস্ব কল্যাণ আৰু ফিটনেছ সংক্ৰান্তীয় বিভিন্ন বিষয়ক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা হ’ব।

জনগণৰ আন্দোলন হিচাপে প্ৰধানমন্ত্ৰীৰ মানস সন্তানস্বৰূপ ফিট ইণ্ডিয়া ডায়লগ হৈছে ভাৰতক এক ফিট বা সুস্থ-সবল ৰাষ্ট্ৰত পৰিণত কৰাৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা প্ৰণয়নৰ ক্ষেত্ৰত সাধাৰণ মানুহক চামিল কৰাৰ এক অভিনৱ প্ৰয়াস। ফিট ইণ্ডিয়া অভিযানৰ মূল উদ্দেশ্যই আছিল সাধাৰণ মানুহকে স্বতঃস্ফূৰ্তভাৱে, সহজ-সৰল উপায়েৰে আৰু ব্যয়সাধ্য পন্থাৰ মাধ্যমেৰে ফিট হৈ থকাৰ ক্ষেত্ৰত সচেতন কৰি তোলা তথা দৈনন্দিন জীৱনৰ গুৰুত্বপূৰ্ণ অংগ হিচাপে ফিটনেছক অন্তৰ্ভুক্ত কৰি আচাৰ-আচৰণগত পৰিৱৰ্তন লৈ অহা।

ফিট অভিযানৰ সূচনাৰ পিছৰে পৰা বিগত এবছৰত এই অভিযানৰ অধীনত একাধিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীবোৰত সমাজৰ সকলো শ্ৰেণীৰ বহু মানুহে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে। ফিট ইণ্ডিয়া ফ্ৰীডম ৰান, প্ল’গ ৰান, ছাইক্ল’থন, ফিট ইণ্ডিয়া ৱিক, ফিট ইণ্ডিয়া স্কুল ছাৰ্টিফিকেট আৰু অন্যান্য কাৰ্যসূচীবোৰত ৩ কোটি ৫০ লাখতকৈও অধিক লোকৰ সক্ৰিয় অংশগ্ৰহণৰ মাধ্যমেৰে এই অভিযানে প্ৰকৃতাৰ্থতেই জন আন্দোলন ৰূপ গ্ৰহণ কৰিছে।

ফিট ইণ্ডিয়া ডায়লগ অনুষ্ঠানত দেশৰ বিভিন্ন স্থানৰ পৰা ফিটনেছৰ ক্ষেত্ৰত অত্যুৎসাহী লোকে অংশগ্ৰহণ কৰিব। ইয়াৰ ফলত, নাগৰিকসকলেই যে এই অভিযানৰ মূল কেন্দ্ৰবিন্দু সেয়া পুনৰ সুদৃঢ় হৈ পৰিব। আনকি, অভিযানৰ সাফল্যও সাধাৰণ মানুহৰেই প্ৰাপ্য।

NIC লিংকযোগে যিকোনো লোকেই এই ফিট ইণ্ডিয়া ডায়লগ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰিব। ২৪ ছেপ্তেম্বৰৰ নিশা ১১.৩০ বজাৰ পৰা https://pmindiawebcast.nic.in লিংকযোগে নাম পঞ্জীয়ণ কৰিব পাৰিব।

*****

VRRK/NB/RD



(Release ID: 1657808) Visitor Counter : 219