স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতত একেৰাহে ৩য় দিনাৰ বাবে ৯০,০০০ ৰোধিকৰ আৰোগ্য লাভ
মুঠ আৰোগ্য লাভৰ ঘটনাই স্পৰ্শ কৰিব ৪৩ লাখ- যি বিশ্বৰ ভিতৰতেই সৰ্বাধিক
ভাৰতৰ আৰোগ্য লাভৰ হাৰে অতিক্ৰম কৰিলে ৮০%
পোষ্ট কৰা হৈছে:
21 SEP 2020 11:33AM by PIB Guwahati
ভাৰতে লক্ষ্যণীয়ভাৱে ৮০%ৰোধিক ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
ধাৰাবাহিকভাৱে অধিক আৰোগ্য লাভৰ মাজতে, একেৰাহে তৃতীয়টো দিনৰ বাবে ৯০,০০০ ৰোধিকে আৰোগ্য লাভ কৰিছে।
যোৱা ২৪ ঘন্টাত ৯৩,৩৫৬ ৰোগীক ডিচাৰ্জ দিয়া হৈছে।

১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্য লাভৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক হৈছে।

নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ ৭৯% হৈছে ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
আজি মুঠ আৰোগ্য লাভৰ ঘটনাই ৪৪ লাখ (৪৩,৯৬,৩৯৯) স্পৰ্শ কৰিবলৈ আগবাঢ়িছে। ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যাই বিশ্বৰ এই তালিকাত শীৰ্ষস্থান লাভ কৰিছে। ভাৰতৰ এই হাৰ বিশ্বৰ মুঠৰ ১৯%ৰোধিক।
****
MV/SJ/SB
(ৰিলিজ আই ডি : 1657184)
অতিথি কক্ষ : 252
ত এই ৰিলিজটো পঢ়ক:
English
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam