প্ৰতিৰক্ষা মন্ত্ৰালয়
ভাৰতীয় সেনা বাহিনীত মহিলা বিষয়াৰ স্থায়ী মকৰল সম্পৰ্কীয় প্ৰক্ৰিয়া আৰম্ভ কৰিলে নিৰ্বাচনী পৰিষদে
प्रविष्टि तिथि:
19 SEP 2020 11:04AM by PIB Guwahati
ভাৰতীয় সেনা বাহিনীত মহিলা বিষয়াৰ স্থায়ী মকৰল সম্পৰ্কীয় প্ৰক্ৰিয়া আৰম্ভ কৰিলে নিৰ্বাচনী পৰিষদে। মহিলা বিষয়াৰ স্ক্ৰিণীঙৰ বাবে গঠিত বিশেষ ৫নং নিৰ্বাচনী পৰিষদখনে যোৱা ১৪ ছেপ্টেম্বৰ ২০২০ৰ পৰা কাম-কাজ আৰম্ভ কৰিছে। এগৰাকী জ্যেষ্ঠ প্ৰধান বিষয়াৰ নেতৃত্বত গঠিত পৰিষদখনত এগৰাকী ব্ৰিগেডিয়াৰ পৰ্যায়ৰ মহিলা বিষয়াকো অন্তৰ্ভুক্ত কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছতাৰে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈকে মহিলা বিষয়াগৰাকীক সমুদায় কাম-কাজ নিৰীক্ষণ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।
স্ক্ৰিণিং প্ৰক্ৰিয়াৰ বাবে যোগ্যতা অৰ্জন কৰা মহিলা বিষয়াসকলক স্বাস্থ্য সম্পৰ্কীয় ন্যূনতম অৰ্হতাসম্পন্নতাৰ আধাৰত স্থায়ী মকৰলৰ বাবে বিবেচনা কৰা হ’ব।
**********
AA/BSC/KC/KB
(रिलीज़ आईडी: 1656761)
आगंतुक पटल : 180