ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

২০২৫ চনৰ মার্চৰ ভিতৰত দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,৫০০টালৈ বৃদ্ধিৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

দেশৰ সকলো জিলাত গঢ়ি তোলা হ’ব এই কেন্দ্ৰ

তথ্য-প্ৰযুক্তিভিত্তিক কার্যকৰী পদ্ধতিত লজিষ্টিকছ আৰু যোগান শৃংখল ব্যৱস্থাৰ জৰিয়তে সকলো কেন্দ্ৰত সঠিকভাৱে ঔষধ পোৱাটো সুনিশ্চিত কৰা হ’ব

Posted On: 17 SEP 2020 1:56PM by PIB Guwahati

কেন্দ্রীয় ৰসায়ন আৰু সাৰ মন্ত্রী শ্রী ডি ভি সদানন্দ গৌড়াই কয় যে সাধাৰণ জনতা, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কম মূল্যত মানসম্পন্ন ঔষধ যোগান ধৰাৰ পৰিকল্পনা কৰিছে৷ ২০২৫ চনৰ মার্চৰ ভিতৰত প্ৰধানমন্ত্রী জন ঔষধি কেন্দ্ৰৰ(পিএমবিজেকে) সংখ্যা ১০,৫০০লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ২০২০ৰ ১৫ ছেপ্টেম্বৰলৈকে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা হৈছে ৬,৬০৩টা৷

দেশৰ প্ৰতিখন জিলাতে এই কেন্দ্ৰ স্থাপন কৰা হ’ব, যাতে দেশৰ চুকে-কোণে জনসাধাৰণে সুলভমূল্যত ঔষধ লাভ কৰিব পাৰে৷

২০২০চনৰ মার্চৰ পৰা জুন মাহৰ ভিতৰত ক’ভিড মহামাৰীৰ প্ৰতিৰোধৰ বাবে বলব কৰা লকডাউন আৰু ইয়াৰ পাছত কেন্দ্রীয় আৰু আঞ্চলিক গুদামসমূহৰ পৰা খুচৰা দোকানত ঔষধ যোগানৰ ক্ষেত্রত এপিআই আৰু অন্যান্য কেঁচামালৰ ঘাটি আৰু ঔষধ যোগনাৰ সমস্যাৰ বাবে পিএমবিজেকে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। পৰিবহন সম্পৰ্কীয় বিষয়কে ধৰি অন্যান্য সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই কেন্দ্রৰ সংখ্যা বৃদ্ধিৰ প্ৰচেষ্টা লৈছে চৰকাৰে৷ সকলো কেন্দ্ৰত ঔষধ পোৱাটো সুনিশ্চিত কৰাৰ বাবে কার্যকৰী তথ্য-প্ৰযুক্তিভিত্তিক লজিষ্টিকছ আৰু যোগান শৃংখল গঢ়ি তোলাৰ কাম আৰম্ভ কৰা হৈছে৷

বর্তমান জন ঔষধি কেন্দ্রৰ চাৰিটা গুদাম ক্ৰমে গুৰুগ্রাম, চেন্নাই, বাংগালুৰু আৰু গুৱাহাটীত আছে। পশ্চিম আৰু মধ্য ভাৰতত আৰু দুটা গুদাম মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। তদুপৰি, যোগান শৃংখল ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বিতৰক নিয়োগৰ কথাও চিন্তা কৰা হৈছে৷

২০২০-২১ৰ পৰা ২০২৪-২৫ বৰ্ষৰ ভিতৰত এই আঁচনিৰ কাম শেষ কৰাৰ লক্ষ্যৰে ৪৯০ কোটি টকাৰ বাজেটত অনুমোদন জনোৱা হৈছে৷ ক’ভিড লকডাউনৰ দৰে জটিল সময়তো জন ঔষধি কেন্দ্ৰসমূহে ২০২০-২১ বৰ্ষত ১৪৬.৫৯ কোটি টকাৰ লেনদেন সম্পন্ন কৰিছে৷ চলিত বৰ্ষৰ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈকে এই কেন্দ্ৰসমূহে ১০৯.৪৩ কোটি টকাৰ ঔষধ বিক্ৰী কৰিছে৷ ফলত এই সময়ছোৱাত সৰ্বমুঠ ঔষধ বিক্ৰীৰ পৰিমাণ হ’লগৈ ২৫৬.০২ কোটি টকা৷

পিএমবিজেপি আঁচনিৰ জৰিয়তে উন্নত মানৰ ঔষধৰ দাম হ্ৰাস কৰা হৈছে, যাতে দৰিদ্ৰ লোকসকলে এই ঔষধ সহজে ক্ৰয় কৰিব পাৰে৷

***

RCJ/RKM/DB



(Release ID: 1656484) Visitor Counter : 166