প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 17 SEP 2020 11:19PM by PIB Guwahati

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছা আৰু প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপাকছাই আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক টেলিফোনত তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷

শ্ৰীলংকাৰ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক দৃঢ় কৰি তোলাৰ বাবে ইচ্ছা জাহিৰ কৰে৷ ক’ভিড মহামাৰীৰ বিৰুদ্ধে মোকাবিলা কৰাত দুয়োখন দেশৰ নিৰৱচ্ছিন্ন দ্বিপাক্ষিক সম্পৰ্কতো তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকাৰ দুয়োগৰাকী নেতাক ধন্যবাদ জ্ঞাপন কৰে আৰু দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ উত্তৰণ কৰাৰ ক্ষেত্ৰত ভাৰতৰ ‘চুবুৰীয়া প্ৰথম নীতি’ৰ বিষয়ে উল্লেখ কৰে৷

***

AP/MANN



(Release ID: 1656005) Visitor Counter : 163