প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মৰিচাছৰ উচ্চতম ন্যায়ালয়ৰ নতুন ভৱনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 30 JUL 2020 1:16PM by PIB Guwahati

মৰিচাছৰ প্ৰধানমন্ত্রী, মাননীয় প্ৰবীন্দ কুমাৰ যুগনাথ জী; উপস্থিত মন্ত্রীবৰ্গ আৰু মৰিচাছৰ বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধাৰ অতিথিবৃন্দ;

নমস্কাৰ, বোঁজোঁ,

আপোনালোক সকলোকে মোৰ অভিনন্দন জনালো৷ প্ৰথমতে, মই মৰিচাছ চৰকাৰ আৰু জনসাধাৰণক বিশ্বত্ৰাস ক’ভিড মহামাৰী তেওঁলোকৰ দেশত সফলতাৰে নিয়ন্ত্ৰণ কৰাৰ বাবে অভিনন্দন জনাইছো৷ মই অতিশয় আনন্দিত যে ভাৰতে সঠিক সময়ত ঔষধৰ লগতে আৰু বিভিন্ন অভিজ্ঞতা পৃথকে প্ৰেৰণ কৰি আপোনালোকক সহায় কৰিব পাৰিছো৷

বন্ধুসকল, আজি ভাৰত আৰু মৰিচাছৰ মাজত বিশেষ বন্ধুত্বৰ সম্পর্ক আন এক ঐতিহাসিক মুহূর্তত উপনীত হৈছে৷ প’ৰ্ট লুইচত নতুন উচ্চতম ন্যায়ালয়ৰ ভৱন আমাৰ সহযোগিতা আৰু সমমূল্যবোধৰ প্ৰতীক। ভাৰত আৰু মৰিচাছ দুয়ো দেশে আমাৰ গণতান্ত্রিক ব্যৱস্থাৰ অন্যতম গুৰুত্বপূর্ণ স্তম্ভ হিচাপে নিৰপেক্ষ বিচাৰ ব্যৱস্থাক সন্মান কৰে৷ আধুনিক কাৰিকৰী ব্যৱস্থাৰে নির্মিত এই দৃষ্টিনন্দন ভৱনটো সেই সন্মানৰে প্ৰতিফলন। মই অতিশয় আনন্দিত যে এই প্ৰকল্পৰ কাম নির্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ হৈছে আৰু ইয়াৰ বাবে যি ধন আৱণ্টিত হৈছিল, ধনেৰেই ভৱনৰ নির্মাণ কাম সম্পূর্ণ হৈছে৷

প্ৰধানমন্ত্রী যুগনাথ জী, কেইমাহ মান পূৰ্বে আমি যুটীয়াভাৱে মেট্র’ প্ৰকল্প আৰু অত্যাধুনিক হাস্পতাল উদ্বোধন কৰিছিলো৷ মই জানিব পাৰি আনন্দিত যে মৰিচাছৰ জনগণৰ বাবে এই প্ৰকল্পসমূহ অত্যন্ত কার্যকৰী হৈছে৷

বন্ধুসকল,

ভাৰতৰসাগৰ এই অঞ্চলত সকলোৰে বাবে নিৰাপত্তা আৰু উন্নয়ন পৰিকল্পনাটো মই মৰিচাছত প্ৰথম জানিছিলো৷ ইয়াৰ কাৰণ ল ভাৰত মহাসাগৰীয় অঞ্চলত মৰিচাছ আমাৰ হৃদয়ত আছে। আৰু আজি মই আৰু জানিব পাৰিলো যে ভাৰতৰ উন্নয়নমুখী অংশীদাৰিত্বৰ প্ৰচেষ্টাত মৰিচাছ কেন্দ্ৰ বিন্দুত অৱস্থিত৷

বন্ধুসকল,

মহাত্মা গান্ধীয়ে সঠিকভাৱেই কৈছিল আৰু মই তেওঁ সেই বক্তব্য উদ্ধৃত দিছো-মই সমগ্ৰ বিশ্বৰ কথা ভাৱিব বিচাৰো৷ মোৰ দেশাত্মবোধ মানৱজাতিৰ কল্যাণত নিয়োজিত। সেয়েহে, ভাৰতৰ প্ৰতি মোৰ সেৱা মানৱজাতিৰ প্ৰতি সেৱাৰে অংগ৷এয়াই ভাৰতৰ দর্শন। ভাৰত নিজৰ লগতে আনৰো উন্নয়ন হোৱাকৈ সহায় কৰিবলৈ ইচ্ছুক৷

বন্ধুসকল,

ভাৰতৰ উন্নয়ন মানৱকেন্দ্রিক। আমি মানৱজাতিৰ কাম কৰিব বিচাই। ইতিহাসে আমাক শিকাইছে যে উন্নয়নমূলক সহযোগিতাৰ নামত বিভিন্ন ৰাষ্ট্ৰ নির্ভৰতাৰ অংশীদাৰিত্বত বাধ্য কৰায় ইয়াৰ পৰা সাম্রাজ্যবাদ আৰু ঔপনিবেশিক শাসনৰ সূত্ৰপাত হৈছে৷ ইয়াৰ জৰিয়তেই আন্তঃৰাষ্ট্ৰীয় শক্তিশালী দেশসমূহৰ এক গোট সৃষ্টি হয় আৰু মানৱজাতিয়ে ইয়াৰ ফল ভোগ কৰে৷

বন্ধুসকল,

ভাৰতৰ উন্নয়নমূলক সহযোগিতাৰ নীতিসন্মান’, ‘বৈচিত্র্য’, ‘ৱিষ্যতৰ প্ৰতি যত্নশীল হোৱাআৰুসুস্থিৰ উন্নয়ন ওপৰত প্ৰতিষ্ঠিত৷

বন্ধুসকল,

ভাৰতৰ বাবে উন্নয়নমূলক সহযোগিতাৰ মূল নীতি আমাৰ সহযোগীসকলক সন্মান কৰা৷ উন্নয়নৰ শিক্ষা শ্বেয়াৰ কৰাটোৱেই আমাৰ অনুপ্রেৰণা। সেয়েহে, আমাৰ উন্নয়নমূলক সহযোগিতাত কোনো চর্ত আৰোপ কৰা নহয়৷ কোনো ৰাজনৈতিক বা বাণিজ্যিক বিবেচনাইও ইয়াত প্ৰভাৱ বিস্তাৰ নকৰে৷

বন্ধুসকল,

ভাৰতৰ উন্নয়নমূলক অংশীদাৰিত্ব বৈচিত্র্যপূর্ণ। ব্যৱসায়-বাণিজ্যৰ পৰা সংস্কৃতি, বিদ্যুতৰ পৰা প্ৰযুক্তিবিদ্যা, স্বাস্থ্যৰ পৰা আবাস, তথ্য প্ৰযুক্তিৰ পৰা পৰিকাঠামো, খেলাধূলাৰ পৰা বিজ্ঞান ইত্যাদি ভাৰতে সমগ্ৰ বিশ্বৰ সকলো দেশৰ সৈতে এই বিষয়বোৰক লৈ কাম কৰিছে৷ ভাৰতে যেনেকৈ আফগানিস্তানৰ সংসদ ভৱন নির্মাণত সহায় কৰাৰ সন্মান অর্জন কৰে, একেদৰে তাৰ নিগাৰত মহাত্মা গান্ধী কনভেনচন চেণ্টাৰ নির্মাণ কাৰ্যতো জড়িত হয়। নেপালৰ স্বাস্থ্য সেৱাৰ উন্নয়নত জৰুৰীকালীন আৰু ট্ৰমা চিকিসালয় নির্মাণ কাৰ্যত সহায় কৰিবলৈ পাই আমি আনন্দিত হৈছো৷ একেদৰে শ্রীলংকাৰ ৯খন ৰাজ্যৰ প্ৰত্যেকতে জৰুৰীকালীন এম্বুলেন্স সেৱাত সহায় কৰিবলৈ পাইও আমি সুখী হৈছো৷

আমি আনন্দিত যে নেপালৰ সৈতে তেলৰ পাইপ লাইনৰ কাম কৰাৰ জৰিয়তে সেই দেশত পেট্র’ পণ্য যোগান নিশ্চিত হৈছে৷ একেদৰে মালদ্বীপৰ ৩৪টা দ্বীপ কোৱা পানী আৰু অনাময় নিষ্কাষণৰ কাম কৰিবলৈ পাই আমি আনন্দিত। আমি আফগানিস্তান আৰু গিয়ানাৰ দৰে দেশত ক্রিকেটক জনপ্রিয় কৰাৰ বাবে ষ্টেডিয়ামকে ধৰি অন্যান্য সা-সুবিধা গঢ়ি তোলাত সহায় কৰিছো৷

ভাৰতত প্ৰশিক্ষণৰ পাছত তৰুণ আফগান ক্রিকেট দলে যেতিয়া উদীয়মান শক্তি হিচাপে উত্থান হয়, সেয়া দেখি আমি ৰোমাঞ্চিত হও৷ মালদ্বীপতো ক্রিকেট খেলুৱৈৰ দক্ষতা বিকাশৰ বাবে আমি একেধৰণৰ সহযোগিতাৰ হাত আগবড়ায় দিছো৷ শ্রীলংকাত এক বৃহ আবাস প্ৰকল্পত জড়িত হ’বলৈ পাই আমি গৌৰৱবোধ কৰিছো৷ আমাৰ উন্নয়নমূলক অংশীদাৰিত্বত আমাৰ সহযোগী ৰাষ্ট্ৰসমূহৰ উন্নয়নৰ অগ্ৰাধিকাৰৰ দিশটো প্ৰতিফলিত হয়।

বন্ধুসকল,

ভাৰতে আপোনালোকক সহায় কৰিবলৈ পাই গৌৰৱবোধ কৰিছে৷ আপোনালোকৰ যুৱসম্প্ৰদায়ৰ উন্নত ভৱিষ্য গঢ় দিয়াত সহায় কৰাৰ বাবে আমি সন্তুষ্টি লাভ কৰিছো৷ সেয়েহে, আমাৰ উন্নয়নমূলক সহযোগিতাৰ এক গুৰুত্বপূর্ণ অংগ প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ জৰিয়তে আমাৰ সহযোগী ৰাষ্ট্ৰসমূহ আত্মনির্ভৰ হৈ উঠাৰ লগতে তেওঁলোকে ভৱিষ্যতে উচ্চতাৰ এক নতুন শিখৰত উপনীত হ’ব বুলি আমি আশাবাদী৷

বন্ধুসকল,

ভবিষ্য সুস্থিৰ উন্নয়নৰ৷ প্ৰকৃতিৰ সৈতে আমাৰ বিবাদ কৰিলে নহ’ব৷ সেয়েহে, আমি বিশ্বাস কৰো জনসাধাৰণৰ সবলীকৰণ আৰু প্ৰকৃতিৰ প্ৰতি যত্নশীল হোৱাটো প্ৰয়োজন। এই দর্শনৰ ওপৰত ভিত্তি কৰি আন্তর্জাতিক সৌৰ মৈত্ৰীৰ দৰে নতুন সংগঠন গঢ়ি তোলাত ভাৰত উদ্যোগ লৈছে৷ দুৰ্যোগ ব্যৱস্থাপনা মোকাবিলা কৰাৰ আন্তঃগাঁথনি গঢ়ি তুলিবলৈ এক শক্তিশালী মৈত্ৰীৰ বাবে আমি কাম কৰি আহিছো৷ এই প্ৰচেষ্টাসমূহ দ্বীপ ৰাষ্ট্ৰসমূহৰ বাবে অতি প্রাসংগিক। আন্তর্জাতিক সম্প্ৰদায়ে যিদৰে এই প্ৰয়াসত সহায়ৰ হাত আগবঢ়াইছে, সেয়া অতি সাহজনক৷

বন্ধুসকল,

ইমানপৰে আপোনালোকক যি মূল্যবোধেৰ কথা ক’লো, সেয়া আচলতে মৰিচাছৰ সৈতে বিশেষ অংশীদাৰিত্বৰ অন্যতম কাৰণ। মৰিচাছৰ সৈতে আমাৰ যিমাম ভাৰত মহাসাগৰীয় সম্পর্ক আছে, একেদৰে আত্মীয়তা, সংস্কৃতি আৰু ভাষাগত সাদৃশ্য আছে৷ আমাৰ সৌহার্দ্য অতীতৰ পৰা আৰম্ভ হৈছে আৰু আমি ভৱিষ্যৰ দিশত ধাৱিত হৈছো৷ মৰিচাছৰ জনসাধাৰণৰ সাফল্যত ভাৰত গর্বিত। পবিত্ৰ অপ্ৰবাসী ঘাটৰ সৰু ঢ়াপৰ পৰা মৰিচাছৰ আজিৰ এই আধুনিক ভৱন তাৰ কঠোৰ পৰিশ্ৰম আৰু উদ্ভাৱনৰ বাবেই সফল হৈছে৷ মৰিচাছৰ মানসিকতাই অনুপ্রেৰণা যোগায়। অনাগত দিনসমূহত আমাৰ সম্পর্ক এক নতুন উচ্চতাত উপনীত হ’ব৷

ভিভ লামিতে এন্ত্ৰ লাঁদ মৰিচ

ভাৰত-মৰিচাছৰ বন্ধুত্ব দীৰ্ঘজীৱি হওক৷

ভাৰত-মৰিচাছৰ বন্ধুত্ব দীৰ্ঘজীৱি হওক৷

বহুত বহুত ধন্যবাদ৷

 

***

VRRK/AP/AM/AK/DB



(Release ID: 1655571) Visitor Counter : 152