প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পিএম-স্বনিধি আঁচনিৰ ৰূপায়ণৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

এই আঁচনিত ডিজিটেল লেনদেন কৰা পদপথৰ দোকানীসকলক উদ্গনি যোগাবলৈ ব্যৱহাৰ কৰা উচিতঃ প্ৰধানমন্ত্ৰী

এই যোজনা কেৱল ঋণ দিয়াৰ বাবে নহয়, বৰঞ্চ পদপথৰ দোকানীসকলৰ সামগ্ৰিক বিকাশ আৰু আৰ্থিক দিশৰ উন্নতিৰ দৃষ্টিভংগীৰে চোৱা উচিতঃ প্ৰধানমন্ত্ৰী

Posted On: 25 JUL 2020 6:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পিএম-স্বনিধি আঁচনিৰ ৰূপায়ণৰ সন্দৰ্ভত পৰ্যালোচনা কৰে৷

প্ৰধানমন্ত্ৰীক জনোৱা মতে বৰ্তমানলৈকে .৬লাখতকৈ অধিক আৱেদন লাভ কৰা হৈছে আৰু ইয়াৰে ৬৪,০০০ৰ অনুমোদনত জনোৱাৰ উপৰি ,৫০০তকৈ অধিক লোকক ঋণ প্ৰদান কৰা হৈছে৷ তেওঁ পাৰদৰ্শিতা, জবাহদিহিতা আৰু গতি সুনিশ্চিত কৰাকৈ আঁচনিখন ৰূপায়ণৰ বাবে এক ৱেব প’ৰ্টেল আৰু ম’বাইল এপৰ জৰিয়তে পূৰ্ণ ৰূপত আইটি সমাধান ব্যৱহাৰ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷

আঁচনিখন মসৃণভাৱে ৰূপায়ণ কৰাৰ বাবে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ম’বাইল এপ্লিকেশ্যনসহ এক সম্পূ্ৰ্ণ আইটি সমাধানৰ দিশত কাম কৰা বুলি জানিব পাৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আচনিখন পদপথৰ দোকানীসকলৰ দ্বাৰা পূৰ্ণ ৰূপত ডিজিটেল লেনদেনৰ ব্যৱহাৰ কৰিবলৈ উদ্ননি যোগাব লাগিব৷ ইয়াৰ অধীনত কেঁচামালৰ ক্ৰয়ৰ পৰা ধৰি বিক্ৰী আয়ৰ সংগ্ৰহলৈকে তেওঁলোকৰ সম্পূৰ্ণ লেনদেন থাকিব লাগিব৷ এই উদ্দেশ্যে উচিত প্ৰোসাহন আৰু প্ৰশিক্ষণ দিব লাগিব৷ ডিজিটেল ধনাদায়ৰ ব্যৱহাৰৰ জৰিয়তে পদপথৰ দোকানীৰ ক্ৰেডিট প্ৰফাইল গঢ় দিয়াত সহায়ক হ’ব, যাৰদ্বাৰা তেওঁলোকৰ ভৱিষ্যতৰ বিত্তীয় প্ৰয়োজনীয়তা পুৰণ কৰাত সহজ হয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই যোজনা কেৱল ঋণ দিয়াৰ বাবে নহয়, বৰঞ্চ পদপথৰ দোকানীসকলৰ সামগ্ৰিক বিকাশ আৰু আৰ্থিক দিশৰ উন্নতিৰ দৃষ্টিভংগীৰে চোৱা উচিত৷ এই ক্ষেত্ৰত এফালে তেওঁলোকৰ সম্পূৰ্ণ আৰ্থ-সামাজিক বিৱৰণ লাভ কৰিব, যাৰ দ্বাৰা আৱশ্যক নীতিগত পদক্ষেপ হাতত লোৱাত সহজ হৈ পৰিব৷ যোগ্য ব্যক্তিসকলক বিভিন্ন আঁচনিৰ লাভ প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ দ্বাৰাও এই তথ্য ব্যৱহাৰ কৰিব পাৰিব৷ ইয়াৰ দ্বাৰা পিএমএৱাই-নগৰৰ অন্তৰ্গত আৱাস, উজ্জ্বালাৰ অধীনত ৰন্ধন গেছ, সৌভাগ্যৰ অধীনত বিদ্যু, আয়ুষ্মান ভাৰতৰ অধীনত স্বাস্থ্য, ডিএৱাই-এনইউএলএমৰ অধীনত দক্ষতা, জনধনৰ অধীনত একাউণ্ট আদি অন্তৰ্ভূক্ত আছে৷

উল্লেখ্য যে ভাৰত চৰকাৰে পিএম-স্বনিধি আঁচনিৰ শুভাৰম্ভ কৰি দেশৰ ৫০লাখ পদপথৰ দোকানীক এবছৰৰ বাবে ১০,০০০ টকাৰ বন্ধকীমুক্ত ৱৰ্কিং কেপিটেল ঋণ হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰে, যাতে তেওঁলোকে ব্যৱসায় পুনৰ আৰম্ভ কৰিব পাৰে৷ যোৱা ২ জুলাই, ২০২০ৰ পৰা ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক(এছআইডিবিআই)ৰ জৰিয়তে এই নিধিৰ ঋণ প্ৰদান প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হৈছে৷

******

VRRK/SH/DB



(Release ID: 1655564) Visitor Counter : 132