প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্তঃৰাষ্ট্ৰীয় তাপপাৰমাণবিক পৰীক্ষামূলক বিক্রিয়ক (আইটিইআৰ)ৰ যন্ত্রাংশ সংলগ্ন কৰাৰ আৰম্ভণি উপলক্ষে প্ৰধানমন্ত্রীৰ বার্তা

प्रविष्टि तिथि: 29 JUL 2020 8:35PM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় তাপপাৰমাণবিক পৰীক্ষামূলক বিক্রিয়কে (ইণ্টাৰনেচনেল থার্ম’নিউক্লিয়াৰ এক্সপেৰিমেণ্টাল ৰিয়েক্টৰ-আইটিইআৰ) ইয়াৰে টোকামাকৰ যন্ত্রাংশ সংলগ্ন কৰাৰ কর্মসূচী ২৮ জুলাইত ফ্রান্সৰ চেণ্ট-পঁ-লেঁ-দুৰাছেতত আৰম্ভ কৰে৷ আইটিইআৰৰ সকলো সদস্য ৰাষ্ট্রৰ চৰকাৰৰ মুৰব্বী বা ৰাষ্ট্ৰপ্ৰধানসকল এই অনুষ্ঠানত সোঁশৰীৰে অথবা বৈদ্যুতিন মাধ্যমেৰে অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রঁই অনলাইনযোগে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷

আইটিইআৰ সংস্থাক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সফলতাৰ বাবে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে এক বার্তাযোগে অভিনন্দন জনায়৷ আইটিইআৰৰ এই প্ৰকল্পত বিশ্বৰ বিভিন্ন দেশৰ বৈজ্ঞানিক তথা প্ৰযুক্তিবিদসকলে যোগ দিয়াৰ বাবে ইয়াক ভাৰতৰ যুগ যুগ ধৰি কৰা বিশ্বাস-বসুধৈৱ কুটুম্বকম সৈতে প্ৰধানমন্ত্রীয়ে তুলনা কৰে, যাৰ অর্থ মানৱজাতিৰ কল্যাণৰ বাবে সমগ্ৰ বিশ্বক একেলগে কাম কৰিব৷ ভাৰতে ক্রাঅ’ষ্টেট, বাহনৰ ৰক্ষক ব্যৱস্থাপনা, কুলিং ৱাটাৰ প্ৰযুক্তিৰ বাবে প্ৰয়োজনীয় যন্ত্রাংশ যোগান, ক্রাঅ’জেনিক তথা ক্রাঅ’ বিতৰণ পদ্ধতি, আৰএছ আৰু বিন প্ৰযুক্তি ব্যৱহাৰ কৰি সহায়ক উত্তাপ সৃষ্টি কৰা, বিদ্যু যোগানৰ বাবে যন্ত্রাংশকে ধৰি একাধিক ক্ষেত্রত এই প্ৰকল্পত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

এই উপলক্ষে প্ৰধানমন্ত্রীৰ ভাষণটি ফ্রান্স আৰু মোনাকোত নিযুক্ত ভাৰতীয় ৰাষ্ট্ৰদূত শ্রী জাভেদ আশ্ৰফে পাঠ কৰে৷

প্ৰধানমন্ত্ৰীৰ ভাষণ পঢ়িবলৈ এই লিংকত ক্লিক কৰক-

http://dae.gov.in/writereaddata/iter2020_message_pm_india_shri_narendra_modi.pdf

****

VRRK/KP/DB


(रिलीज़ आईडी: 1655563) आगंतुक पटल : 265
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam