অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

প’ৰ্টব্লেয়াৰ বিমানবন্দৰে লাভ কৰিব নতুন টাৰ্মিনেল ভৱন

৫০ লাখলৈ বৃদ্ধি হ’ব বাৰ্ষিক যাত্ৰী পৰিচালন ক্ষমতা

সম্পূৰ্ণ বাতানুকূল হ’ব এই নতুন ভৱনটো

Posted On: 16 SEP 2020 3:05PM by PIB Guwahati

প’ৰ্টব্লেয়াৰৰ বীৰ সাৱাৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰে অচিৰেই লাভ কৰিব নতুন টাৰ্মিনেল ভৱন৷ বৰ্তমানে বিমানবন্দৰটোত বাৰ্ষিক ১৮ লাখ যাত্ৰী পৰিচালনা কৰাৰ ক্ষমতা আছে৷ যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ৭০০ কোটি টকাৰ ব্যয়েৰে নতুন সংবদ্ধ টাৰ্মিনেল ভৱন নিৰ্মাণ কৰিবলৈ ওলাইছে৷

৪০,৮৩৭ বৰ্গ মিটাৰ এলেকাৰ এই নতুন টাৰ্মিনেল ভৱনত পীক আৱাৰত ১২০০ যাত্ৰী পৰিচালনা কৰা ক্ষমতা থাকিব আৰু ইয়াৰ জৰিয়তে ই বাৰ্ষিক ৫০ লাখ যাত্ৰী পৰিচালনা কৰিবলৈ সক্ষম হ’ব৷

বিশ্বমানৰ এই ভৱনটো সম্পূৰ্ণ বাতানুকূল হ’ব আৰু ২৮টা চেক-ইন কাউণ্টাৰ ইয়াত উপলব্ধ হ’ব৷

প্ৰকৃতিৰ পৰা উদ্বুদ্ধ হৈ এই টাৰ্মিনেল ভৱনটো সাগৰ আৰু দ্বীপপুঞ্জৰ আকাৰত নিৰ্মাণ কৰা হৈছে৷

প্ৰকল্পটোৰ ৬৫%ই কাম সম্পূৰ্ণ হৈছে আৰু আগন্তুক বৰ্ষত অৰ্থাৎ ২০২১ চনৰ মাজ ভাগত প’ৰ্টব্লেয়াৰৰ এই নতুন ভৱনটো মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে৷  

***

RJ/NG/MANN


(Release ID: 1655399)