প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় বৰ্ষৰ প্ৰথম কেবিনেট বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

Posted On: 01 JUN 2020 5:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ জুন, ২০২০, সোমবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকত অধ্যক্ষতা কৰে৷ এয়া কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় বৰ্ষৰ প্ৰথম কেবিনেট বৈঠক আছিল৷

এই বৈঠকত একাধিক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়, যিবোৰে ভাৰতৰ কঠোৰ পৰিশ্ৰমী কৃষক, এমএছএমই খণ্ড আৰু পথ পথৰ ব্যৱসায়ীসকলৰ জীৱনত পৰিৱৰ্তনশীল প্ৰভাৱ আনিব৷

এমএছএমইসকললৈ সহায়ৰ হাতঃ

 

ভাৰতেৰ অর্থনীতিৰ মেৰুদণ্ড হ’ল অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগী, যিসকল এমএছএমই হিচাপে জনাজাত৷ দেশত কোটিতকৈও অধিক এমএছএমইয়ে নীৰৱে দেশক শক্তিশালী আৰু আত্মনির্ভৰ কৰি তোলাৰ বাবে কাম কৰি আহিছে।

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে দেশ নিৰ্মাণৰ কামত এমএছএমইক স্বীকৃতি প্ৰদান কৰিছে৷ সেয়েহে আত্মনির্ভৰ ভাৰত অভিযানৰ ঘোষণাত এমএছএমইৰ ভূমিকা গুৰুত্বপূর্ণ হৈ উঠিছে৷

এই পেকেজত এমএছএমইৰ বাবে যেনেকৈ যথেষ্ট অনুদানৰ ব্যৱস্থা কৰা হৈছে সেইদৰে অর্থনীতিক ত্বৰান্বিত কৰিবলৈ সেইবোৰক ৰূপায়ণৰ বিষয়টোকো অগ্রাধিকাৰ দিয়া হৈছে৷ এই সম্পৰ্কত ইতিমধ্যে এক গুৰুত্বপূর্ণ ঘোষণা কৰা হৈছে৷

আজি কেন্দ্ৰই আত্মনির্ভৰ ভাৰত পেকেজৰ অধীনত অন্য ঘোষণাসমূহত বাস্তবায়িত কৰাৰ বাবে এক নির্দেশনা প্ৰস্তুত কৰিছে৷ সেইবোৰ হৈছেঃ

এমএছএমইৰ সংজ্ঞা সলনি কৰা৷ ইয়াৰ ফলত সহজে ব্যৱসায় কৰাৰ ক্ষেত্রত আৰু এখোজ আগুৱাব৷ যাৰ ফলত বিনিয়োগ আকর্ষণ কৰাৰ লগতে এমএছএমইত যথেষ্ট পৰিমাণে কর্মসংস্থাপনো সৃষ্টি কৰিব৷


যিসমূহ এমএছএমইয়ে সংকটৰ সন্মুখীন হৈছে তেওঁলোকৰ বাবে অংশীদাৰিত্বৰ সাহায্যৰ উদ্দেশ্যে ২০ হাজাৰ কোটি টকাৰ ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ কেন্দ্রীয় কেবিনেটে আজি আনুষ্ঠানিকভাবে সেই প্ৰকল্পত অনুমোদন দিয়ে৷ ইয়াৰ ফলত সংকটৰ সন্মুখীন হোৱা লাখ এমএছএমই উপকৃত হ’ব৷
এমএছএমইসমূহৰ বাবে ৫০ হাজাৰ কোটি টকাৰ পূঁজিৰ যোগান দিয়াৰ প্ৰস্তাৱটো কেন্দ্রীয় কেবিনেট বৈঠকত আজি অনুমোদন জনাইছে৷ ইয়াৰ ফলত এমএছএমইসমূহৰ ঋণ আৰু অংশীদাৰিত্বৰ অনুপাত বজাই ৰখাৰ সুবিধা পাব আৰু তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰিব পাৰিব। এই সংস্থাসমূহে ষ্টক এক্সচেঞ্জত পঞ্জীয়নভুক্ত কৰাটো সুবিধা পাব৷


এমএছএমইসমূহৰ ঊর্ধসীমাৰ পৰিবর্তন সম্পৰ্কীয় সংজ্ঞা নির্ধাৰণঃ


কেন্দ্ৰ চৰকাৰে আজি এমএছএমইসমূহৰ সংজ্ঞাৰ পৰিৱর্তন কৰাৰ সিদ্ধান্ত লয়৷ পেকেজত ঘোষণা কৰা মতে অতিক্ষুদ্ৰ পাদন আৰু সেৱা সংস্থাসমূহৰ বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰি কোটি টকা আৰু বার্ষিক লেনদেনৰ পৰিমাণ কোটি টকালৈকে বৃদ্ধি কৰা হ’ব৷ ক্ষুদ্ৰ উদ্যোগী সংস্থাসমূহৰ ক্ষেত্রত বিনিয়োগ ১০ কোটি টকা আৰু বার্ষিক লেনদেনৰ পৰিমাণ ৫০ কোটি টকা আৰু মজলীয়া উদ্যোগৰ ক্ষেত্রত বিনিয়োগৰ পৰিমাণ ২০ কোটি টকা আৰু লেনদেনৰ পৰিমাণ ১০০ কোটি টকা কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ উল্লেখ্য যে এমএছএমই উন্নয়ন আইন ২০০৬ চনত জাৰি হোৱাৰ ১৪ বছৰ পাছত এই সাল-সলনি কৰা হয়৷ ১৩ মে’ত পেকেজৰ ঘোষণা কৰাৰ পাছত বিভিন্ন মহলে জনাইছিল বজাৰ আৰু মূল্যবৃ্দ্ধিৰ সৈতে এই সাল-সলনি খাপ নাখায়৷ সেয়েহে ধনৰ পৰিমাণ আৰু বৃদ্ধি কৰা উচিত। এই বিষয়বোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্রীয়ে মজলীয়া পর্যায়ৰ পাদন আৰু সেৱা প্ৰদানকাৰী সংস্থাসমূহৰ সর্বোচ্চ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়৷ সেয়েহে এই পৰিমাণ বৃদ্ধি কৰি বিনিয়োগৰ ক্ষেত্রত ৫০ কোটি টকা আৰু বার্ষিক লেনদেন আঢ়ৈশ কোটি টকা কৰা হৈছে৷ বৈঠকত লগতে ৰপ্তানি কৰাৰ ক্ষেত্রত বার্ষিক লেনদেন অনুসৰি অতিক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগক পৃথক কৰা নহয় বুলি সিদ্ধান্ত লোৱা হয়৷

আমাৰ কঠোৰ পৰিশ্ৰমী পদপথৰ ব্যৱসায়ীক সাহায্য প্ৰদানঃ

গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ পি এম এছভিএনিধিয়ে পি এম ষ্ট্ৰীট ভেণ্ডৰ আত্মনির্ভৰ নিধি প্ৰকল্প আৰম্ভ কৰিছে৷ যাৰ ফলত পদপথৰ ব্যৱসায়ীসকলে অতিক্ষুদ্ৰ ঋণ আঁচনিৰ সুবিধা লাভ কৰিব৷ যাৰ জৰিয়তে তেওঁলোকে কাম-কাজ পুনৰ আৰম্ভ কৰিব পাৰিব৷

ইয়াৰ ফলত হকাৰ, ঠেলাৱলা আদি যিসকলে যুঁজ দি সামগ্রী বিক্রী কৰে এনে ৫০ লাখ লোক উপকৃত হ’ব৷

শাক-পাছলি, ফলমূল, পদপথৰ বিক্রী কৰা খাদ্য, চাহ, পকোৰা, পাউৰুটি টোষ্ট, ডিম, কাপোৰ কানি, জুতা, হস্ত শিল্পৰ বিভিন্ন সামগ্রী, কিতাপ-পত্ৰ ইত্যাদি সামগ্ৰী এইবোৰ ব্যৱসায়ীয়ে বিক্রী কৰে৷ ছেলুন, মুছি, পান দোকান আৰু লণ্ডীৰ দৰে সেৱাও ইয়াৰ আওতালৈ আহিব৷

কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ মহামাৰীৰ ফলত সংশ্লিষ্ট সকলোৰে সমস্যাৰ প্ৰতি যথেষ্ট সংবেদনশীল হৈছে৷ এই পৰিস্থিতিত তেওঁলোকে যেন তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্রত যথেষ্ট মূলধনৰ যোগান পায় সেই দিশত গুৰুত্ব দিয়া হৈছে৷

নগৰ প্ৰশাসনসমূহে এই আঁচনি ৰূপায়ণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷

এই আঁচনিৰ বিশেষত্ব হ’ল-


১৷ প্ৰথম ঐতিহাসিক ঘটনাঃ

ভাৰতৰ ইতিহাসত পদপথৰ ব্যৱসায়ীৰ সুবিধাৰ বাবে এই প্ৰথম এক প্ৰচেষ্টা লোৱা হৈছে৷ য’ত চহৰাঞ্চলৰ জীৱিকা নির্বাহৰ বাবে অৰ্ধ চহৰ আৰু গ্রামাঞ্চলৰ লোকসকলেও উপকৃত হ’ব৷

ব্যৱসায়ীসকলে ১০ হাজাৰ টকা মূলধন হিচাপে পাব, যি তেওঁলোকৰ বছৰৰ ভিতৰত মাহিলী কিস্তিত পৰিশোধ কৰিব লাগিব৷ নির্দিষ্ট সময়ত বা আগতে ঋণ পৰিশোধ কৰিলে সুদৰ ওপৰ বার্ষিক শতাংশলৈ হাৰত তেওঁলোকৰ ৰাজসাহাৰ্য দিয়া হ’ব, যি হিতাধিকাৰীসলকৰ বেংক একাউণ্টত ষাণ্মাষিকৰ ভিত্তিত জমা হ’ব৷ পূৰ্বে ঋণ পৰিশোধ কৰিলে তাৰ বাবে কোনো শাস্তিমূলক ব্যৱস্থা লোৱা নহয়৷
হিতাধিকাৰীসকলে নির্দিষ্ট সময় বা তাৰ পূৰ্বে ঋণ পৰিশোধ কৰিলে তেওঁলোকৰ ঋণৰ পৰিমাণ বৃদ্ধি কৰা হ’ব৷ যি এইবোৰ ব্যৱসায়ীৰ আর্থিক অৱস্থাৰ ক্ষেত্রত সুবিধাজনক হ’ব৷


এই প্ৰথম ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান, অনা বেংকি বিত্তীয় প্ৰতিষ্ঠান আৰু আত্মসহায়ক গোটৰ বেংকসমূহক চহৰাঞ্চলৰ দৰিদ্ৰ মানুষৰ এই আঁচনিত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে৷ কাৰণ পদপথৰ হকাৰকে ধৰি চহৰাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ সৈতে এওঁলোক যোগাযোগ অতি নিবিড়৷

২৷ সবলীকৰণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰঃ

প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে এই আঁচনিত স্বচ্ছতা অনাৰ বাবে চৰকাৰে ডিজিটেল প্লেটফর্ম ব্যৱহাৰত সাহ যোগাইছে৷ য’ত ৱেব প’র্টেল আৰু ম’বাইল এপৰ সহায় আগবঢ়োৱা হ’ব৷ তথ্য প্ৰযুক্তি ক্ষেত্রৰ সৈতে ব্যৱসায়ীক জড়িত কৰাৰ ফলত আনুষ্ঠানিকভাৱে তেওঁলোকৰ আর্থিক ব্যৱস্থাপনাত অনা হ’ব৷ ইয়াৰ জৰিয়তে এছআইডিবিআইৰ উদ্যমিতা প’র্টেলৰ জৰিয়তে ঋণ প্ৰদান কৰা সম্ভৱ হ’ব৷ তদুপৰি, গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ পইছা প’র্টেলৰ জৰিয়তে হিতাধিকাৰী সুদ সাহাৰ্য স্বাভাবিকতে পোৱা যাব৷

৩৷ ডিজিটেল লেনদেনত সাহ দানঃ

পদপথৰ ব্যৱসায়ীৰ ডিজিটেল লেনদেনত সাহ যোগোৱা বাবে প্ৰতি মাহত নগদ ধন ঘূৰাই দিয়া হ’ব৷
৪৷ ক্ষমতা বৃদ্ধিৰ বাবে বিশেষ উদ্যোগ

গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহ সৈতে যৌথভাবে ডিএৱাই-এনইউএলএম, ইউএলবি, এছআইডিবিআই, চিজিটিএমএছই, এনপিচিআই আৰু ডিজিটেল লেনদেনৰ সংস্থাসমূহৰ সৈতে সংশ্লিষ্ট সকলো হিতাধিকাৰীৰ ক্ষমতা বৃদ্ধিৰ বাবে জুন মাহত বিশেষ কাৰ্যসূচী পালন কৰিব, যাতে জুলাই মাহত ঋণ দিয়াৰ কাম আৰম্ভ কৰা হয়৷

জয় কিষাণৰ বিষয়ত সাহ দান

চৰকাৰে ২০২০-২১ খাৰিফ শস্যৰ বতৰত কৃষি কাৰ্যত ব্যয় হোৱা ধনৰ ডেৰগুণ ধন ন্যূনতম সমৰ্থিত মূল্য হিচাপে প্ৰদান কৰাৰ বাবে যি ঘোষণা কৰিছিল সেই অনুসৰি আজি খাৰিফ শস্যৰ ১৪টা শস্যৰ ন্যনতম মূল্য ঘোষণা কৰিছে৷ ইয়াৰ ফলত এই ১৪বিধ শস্যৰ ক্ষেত্রত কৃষকসকলে ৫০ৰ পৰা ৮৩ শতাংশ অতিৰিক্ত ধন ঘৰতে সংগ্ৰহ কৰিব পাৰিব৷

কেন্দ্ৰীয় চৰকাৰে কৃষি আৰু কৃষি সম্পৰ্কীয় বিভিন্ন কাম-কাজত লাখ টকা পর্যন্ত যিসকলে বেংকৰ পৰা হস্ৰ ম্যাদী ঋণ লৈছে তেওঁলোকৰ ঋণ পৰিশোধৰ সময়সীমা ৩১ আগষ্টলৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে৷ কৃষকসকলে সুদৰ ক্ষেত্রত চৰকাৰী সাহায্য আৰু দ্রুত ঋণ পৰিশোধৰ সাহ ব্যঞ্জক অনুদানৰ সুবিধা পাব৷

কৃষি খণ্ডত মার্চৰ পৰা ৩১ আগষ্ট লৈকে হস্ৰম্যাদী ঋণৰ সুবিধা দিয়া হ’ব৷ কৃষকসকলে এই ক্ষেত্রত দুইশতাংশ সুদৰ ওপৰত চৰকাৰী সাহায্য আৰু দ্রুত ঋণ পৰিশোধ কৰিলে শতাংশ সাহ ভাট্টা পাব৷

কেন্দ্ৰই সিদ্ধান্ত লৈছে যে বেংকৰ পৰা যিসকল কৃষকসকলে বার্ষিক শতাংশ সুদত ঋণ পাব তেওঁলোকৰ দুইশতাংশ ঋণৰ পৰিমাণ চৰকাৰ পুৰণ কৰিব আৰু শতাংশ সুদ, কৃষকসকলে নির্দিষ্ট সময়ৰ ভিতৰত পুৰণ কৰিলে তেওঁলোকক অতিৰিক্ত সুবিধা প্ৰদান কৰা হ’ব৷ ইয়াৰ ফলত যিসকল কৃষকে লাখ টকালৈকে ঋণ ল’ব তেওঁলোকৰ বার্ষিক শতাংশ হাৰত সুদ দিলেই হ’ব৷ কৃষকসকলৰ হ্স্ৰম্যাদী ঋণত সুদৰ ওপৰত চৰকাৰী সাহায্যৰ এই সুবিধাত কিষাণ ক্রেডিট কার্ডৰ জৰিয়তেও পাব৷ বিগত কেইবা সপ্তাহত যিহেতু বহু কৃষকে বেংকৰ শাখাত তেওঁলোকৰ ঋণ পৰিশোধ কৰিবলৈ যাব পৰা নাই, সেই ক্ষেত্ৰত কেবিনেটৰ এই সিদ্ধান্তৰ ফলত তেওঁলোক উপকৃত হ’ব৷

দৰিদ্ৰ লোকসকলৰ যত্নত চৰকাৰৰ প্ৰধান লক্ষ্য
প্ৰধানমন্ত্রীৰ নেতৃত্বত চৰকাৰে দৰিদ্ৰ আৰু সমাজৰ পিছ পৰা পৰা শ্ৰেণী লোকসকলক সকলো সময়তে গুৰুত্ব দি আহিছে৷ ক’ৰোনা মহামাৰীৰ বাবে যিদিনৰ পৰা লকডাউন ঘোষণা কৰা হৈছে চৰকাৰে সেই দিনৰে পৰা দৰিদ্ৰতম লোকৰ চাহিদাৰ বিষয়টো বিবেচনা কৰিছে। লকডাউন আৰম্ভ হোৱাৰ দুদিনৰ ভিতৰত ২৬ মার্চত প্ৰধানমন্ত্রী গৰিব কল্যাণ পেকেজ ঘোষণা কৰা হৈছে৷

৮০ কোটি লোকক খাদ্য সুৰক্ষাত অন্তৰ্ভূক্ত কৰাটো নিশ্চিত কৰি তেওঁলোকৰ বেংকক একাউণ্টত টকা প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে৷ এই টকা ২০ কোটি মহিলাৰ বেংক একাউণ্টৰ লগতে দৰিদ্ৰ বিধবা, প্ৰবীণ নাগৰিক আৰু দিব্যাংগসকলৰ একাউণ্টটো প্ৰেৰণ কৰা হৈছে৷ পিএম কিষাণ যোজনাৰ অধীনত কৃষকৰ একাউণ্টটো পোনপটীয়াকৈ ধন প্ৰেৰণ কৰা হৈছে৷


আত্মনির্ভৰ ভাৰত অভিযানত এক দেশ এক ৰেচন কার্ড ব্যৱস্থাৰ অধীনত যিসকলৰ ৰেচন কার্ড নাই তেওঁলোকৰো বিনামূলীয়াকৈ খাদ্যশস্য যোগান কৰা হৈছে৷ তেওঁলোকৰ আয়ত্ত্বৰ ভিতৰত ঘৰ ভাড়াৰ বাবে যেনে ব্যৱস্থা কৰা হৈছে, একেদৰে প্ৰব্ৰজিত শ্ৰমিকৰ কল্যাণত বিভিন্ন প্ৰচেষ্টা লোৱা হৈছে৷

কৃষকসকলৰ কল্যানাৰ্থে প্ৰভূত সংস্কাৰ কৰা হৈছে। তেওঁলোকৰ সংস্থাপন বৃদ্ধি নিশ্চিত কৰিবলৈ বাধানিষেধৰ পৰা ৰেহাই দিয়া হৈছে৷ একেদৰে কৃষি আন্তঃগাঁথনি আৰু বিনিয়োগৰ প্ৰস্তাৱ দিয়া হৈছে৷ মীনপালনৰ দৰে বিভিন্ন কাম-কাজত আর্থিক পেকেজৰো ব্যৱস্থা কৰা হৈছে।
এইদৰে কেন্দ্ৰই প্ৰতিটো পদক্ষেপত সমাজৰ প্রান্তীয় লোকসকলৰ চাহিদা পূৰণত বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছে৷

***

VRRK/SH/DB



(Release ID: 1655240) Visitor Counter : 206