শক্তি মন্ত্ৰালয়

খচৰা বিদ্যুৎ (উপভোক্তাৰ অধিকাৰ) অধিনিয়ম, ২০২০ৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ ঐতিহাসিক উপভোক্তা-অনুকূল পদক্ষেপ; ৩০ ছেপ্টেম্বৰৰ ভিতৰত পৰামৰ্শ/মতামত আহ্বান

বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত সৰলীকৃত প্ৰক্ৰিয়াৰ প্ৰস্তাৱ; ১০ কিঃৱাঃ ল’ডলৈকে সংযোগৰ ক্ষেত্ৰত মাথো ২ খন নথিৰ প্ৰয়োজন হ’ব

ষাঠি দিন বা ততোধিক বিলম্বেৰে বিল পৰিবেশনত ২ ৰপৰা ৫% ৰেহাইৰ প্ৰস্তাৱ

উপভোক্তাৰ বহিৰ্গামী শ্ৰেণীক “প্ৰ’জুমাৰ” হিচাপে স্বীকৃতি

সামূহিক সেৱাৰ অৰ্থে ২৪x৭ ট’লফ্ৰী কল চেন্টাৰ, ৱেব-নিৰ্ভৰ আৰু ম’বাইল এপ্লিকেশ্যনৰ ব্যৱস্থাৰ চিন্তা-চৰ্চা

Posted On: 16 SEP 2020 10:25AM by PIB Guwahati

কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে প্ৰথমবাৰৰ কাৰণে বিদ্যুৎ উপভোক্তাৰ অধিকাৰৰ অৰ্থে অধিনিয়ম প্ৰস্তুত কৰি উলিয়াইছে। শক্তি খণ্ডটোত বিদ্যুৎ উপভোক্তাসকল হৈছে অতিশয় গুৰুত্বপূৰ্ণ পক্ষ। এখেতসকলৰ বাবেই খণ্ডটো বৰ্তি থাকিব পাৰিছে। সকলো নাগৰিকলৈ বিদ্যুৎ যোগান ধৰাৰ সমান্তৰালভাৱে এতিয়া উপভোক্তাৰ সন্তুষ্টিত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজনীয় হৈ উঠিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে, মূল সেৱাসমূহ চিনাক্ত কৰাটো বাঞ্চনীয় তথা ন্যূনতম সেৱা পৰ্যায় আৰু ষ্টেণ্ডাৰ্ড আগবঢ়োৱাটো প্ৰয়োজনীয়। যিয়ে এই সেৱাসমূহলৈ মনোযোগ আৰু এইসমূহ লাভ কৰাটো উপভোক্তাৰ অধিকাৰ হিচাপে স্থাপন কৰাটো মন্ত্ৰালয়ে দায়িত্ব হিচাপে গ্ৰহণ কৰিছে।

এই উদ্দেশ্য আগত ৰাখি, প্ৰথমবাৰৰ বাবে চৰকাৰখনৰদ্বাৰা বিদ্যুৎ (উপভোক্তাৰ অধিকাৰ) অধিনিয়ম, ২০২০ ৰ খচৰা প্ৰস্তুত কৰি উলিওৱা হৈছে।

ইয়াৰ মূল বৈশিষ্ট্যসমূহ হৈছে –

•সেৱাৰ বিশ্বাসযোগ্যতাঃ ডিছকমৰ অৰ্থে প্ৰতি বছৰে উপভোক্তাই প্ৰতি গড় সংখ্যা আৰু সময়সীমাৰ আউটেজৰ অৰ্থে এছইআৰচি।

•সংযোগৰ অৰ্থে সময়োচিত আৰু সৰলীকৃত প্ৰক্ৰিয়াঃ ১০ কিঃৱাঃ পৰ্যন্ত ল’ডৰ সংযোগৰ ক্ষেত্ৰত মাত্ৰ দুখন নথি আৰু অনুকূল সংযোগৰ ক্ষেত্ৰত ১৫০ কিঃৱাঃ পৰ্যন্ত ল’ডৰ বাবে ডিমাণ্ড চাৰ্জ নিৰ্ধাৰণ কৰা নহয়।

•নতুন সংযোগ আৰু প্ৰচলিত সংযোগৰ আধুনিকীকৰণত মেট্ৰ’ চিটিত টাইম পিৰিয়ড ৭ দিনতকৈ অধিক নহয়, আন পৌৰ এলেকাত ১৫ দিন আৰু গ্ৰামাঞ্চলত ৩০ দিনৰ অধিক নহয়।

•ষাঠি দিন বা ততোধিক পলমেৰে বিল পৰিবেশনত ২ ৰপৰা ৫% ৰেহাই।

•নগদ, চেক, ডেবিট কাৰ্ড, নেট বেংকিং ইত্যাদিৰ জৰিয়তে বিল পৰিশোধৰ বিকল্প পিছে ১০০০ টকা বা ততোধিক বিল মাথো অনলাইন মাধ্যমেৰেহে পৰিশোধ কৰিব পৰা যাব।

•ডিছ কানেকশ্যন, ৰি কানেকশ্যন, মিটাৰ ৰিপ্লেচমেন্ট, বিলিং, পেমেন্ট ইত্যাদি সম্পৰ্কীয় সুবিধা।

•বহিৰ্গামী শ্ৰেণীৰ উপভোক্তাক “প্ৰ’জুমাৰ” হিচাপে স্বীকৃতি প্ৰদান।

•সেৱাৰ বিলম্বৰ ক্ষেত্ৰত ডিছকমৰদ্বাৰা ক্ষতিপূৰণ প্ৰদান কৰা হ’ব। যিমানদূৰ সম্ভৱ ক্ষতিপূৰণক স্বয়ংক্ৰিয় কৰাৰ চেষ্টা চলোৱা হৈছে আৰু ইয়াক বিলেৰে সংযোজিত কৰা যাব।

•নতুন সংযোগ, ডিছ কানেকশ্যন, ৰি কানেকশ্যন, সংযোগৰ সাল-সলনি, নাম আৰু সৱিশেষ সলনি কৰা, ল’ড সলনি, মিটাৰৰ ৰিপ্লেচমেন্ট, যোগান হীনতা ইত্যাদিৰ দৰে সমূহীয়া সেৱাৰ বাবে ২৪x৭ ট’ল ফ্ৰী কল চেন্টাৰ, ৱেব-নিৰ্ভৰ আৰু ম’বাইল এপ্লিকেশ্যন প্ৰৱৰ্তন কৰা হ’ব। ইয়াত এছএমএছ/ইমেইল এলাৰ্ট, অনলাইন ষ্টেটাছ ট্ৰেকিং আৰু অট’ এস্কেলেশ্যনৰ সংযোজন ঘটিব।

•উপভোক্তাৰ অভিযোগ নিষ্পত্তিৰ সুগমতাৰ অৰ্থে মহকুমা পৰ্যায়ৰপৰা আৰম্ভ কৰি ভিন্ন পৰ্যায়ত উপভোক্তাৰ ২-৩ প্ৰতিনিধিৰে উপভোক্তা অভিযোগ নিষ্পত্তি ফৰাম।

৯ ছেপ্টেম্বৰ, ২০২০ ৰপৰা শক্তি মন্ত্ৰালয়ৰপৰা অধিনিয়মৰ খচৰা প্ৰচাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত মন্ত্ৰালয়ে ৩০ ছেপ্টেম্বৰ, ২০২০ ৰ ভিতৰত উপভোক্তাসকলৰপৰা মতামত/মন্তব্য/পৰামৰ্শ আহ্বান কৰিছে। সকলোবোৰ পৰামৰ্শ গ্ৰহণৰ পাছত মন্ত্ৰালয়ে ইয়াৰ চূড়ান্ত কৰিব।

Click here to see PDF on draft Electricity (Rights of Consumers) Rules, 2020

RCJ/M/SB



(Release ID: 1655109) Visitor Counter : 173