পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

তেল আমদানিৰ ওপৰত ক’ভিড-১৯ ৰ প্ৰভাৱ

Posted On: 14 SEP 2020 2:19PM by PIB Guwahati

তেল আৰু প্ৰাকৃতিক গেছ ক্ষেত্ৰৰ সৈতে জড়িত ৰাষ্ট্ৰীয় সংস্থাসমূহে জনাইছে যে ক’ভিড-১৯ অতিমাৰীৰ কাৰণে দেশত লকডাউন জাৰি হোৱাৰ ফলত তেলৰ চাহিদা অভূতপূৰ্বভাৱে কমি গৈছে। যাৰ ফলত ৰাজহ আদায়ো হ্ৰায় পাইছে।

দেশত আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাত পেট্ৰ’লিয়ামজাত পণ্যৰ চাহিদা পুনৰ বৃদ্ধি পাইছে। চলিত বছৰৰ এপ্ৰিল মাহত পেট্ৰ’লিয়ামজাত পণ্যৰ চাহিদা আছিল ৯.৮৯ মিলিয়ন মেট্ৰিক টন। মে’ মাহত সেয়া বৃদ্ধি হৈ হৈছে ১৪.৬৩ মিলিয়ন মেট্ৰিক টন। জুন মাহত আৰু বৃদ্ধি পাই হৈছেগৈ ১৬.২৫ মিলিয়ন মেট্ৰিক টন। জুলাই মাহত পেট্ৰ’লিয়াম জাত পণ্যৰ চাহিদা ১৫.৬৮ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। আনহাতে এপ্ৰিল মাহত অপৰিশোধিত তেলৰ আমদানিৰ পৰিমাণ আছিল ১৬.৫৫ মিলিয়ন মেট্ৰিক টন। মে’ মাহত সেয়া কমি ১৪.৬১ মিলিয়ন মেট্ৰিক টন হৈছেগৈ। জুন মাহত অপৰিশোধিত তেলৰ আমদানিৰ পৰিমাণ আছিল ১৩.৬৮ মিলিয়ন মেট্ৰিক টন। জুলাই মাহত হ্ৰাস হৈ ১২.৩৪ মিলিয়ন মেট্ৰিক টন হৈছে।

ক’ভিড-১৯ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি হোৱাৰ উপৰি দেশব্যাপী লকডাউনৰ কাৰণে তেল উত্তোলনৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিছে। ২০১৯ ৰ এপ্ৰিল-জুন মাহৰ তুলনাত চলিত বছৰৰ সেই একেই সময়ত তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন সংস্থাৰ সৈতে জড়িত ৰাষ্ট্ৰীয় সংস্থাবোৰৰ আয়ৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পৰিছে।

আইঅ’চিএলে বিগত বছৰৰ এপ্ৰিল মাহৰ পৰা জুন মাহ পৰ্যন্ত ১৫০১৩৬.৭০ কোটি টকা আয় কৰিছিল। চলিত বছৰৰ এপ্ৰিলৰ পৰা জুন মাহ পৰ্যন্ত আইঅ’চিএলৰ আয় হৈছে ৮৮৯৩৬.৫৪ কোটি টকা। এইচপিচিএলে বিগত বছৰৰ এপ্ৰিলৰ পৰা জুনলৈ ৭৪,৫৩০ কোটি টকা আয় কৰাৰ বিপৰীতে এইবছৰ সেই একেই সময়ত আয় কৰিছে ৪৫,৮৮৫ কোটি টকা। বিগত বছৰৰ এপ্ৰিলৰ পৰা জুনলৈ বিপিচিএলৰ আয় হৈছিল ৮৫,৮৫৯.৫৯ কোটি টকা। এই বছৰ এপ্ৰিলৰ পৰা জুনলৈ তেওঁলোকে আয় কৰিছে ৫০৬১৬.৯২ কোটি টকা। জিএআইএলৰ বিগত বছৰৰ এপ্ৰিল – জুন মাহত আয় হৈছিল ১৮,২৭৬ কোটি টকা। এইবছৰ সেই একেই সময়ত তেওঁলোকে আয় কৰিছে মাত্ৰ ১২,০৬০ কোটি টকা।

 

লোকসভাত আজি এক লিখিত প্ৰশ্নৰ উত্তৰত এই কথা জনাইছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

*****

YKB/SK/RD



(Release ID: 1654431) Visitor Counter : 157