স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-উত্তৰ পৰিস্থিতিৰ সামগ্ৰিক প্ৰবন্ধন আৰু আৰোগ্য লাভৰ পৰৱৰ্তি পৰিস্থিতিত সকলো ক’ভিড-আক্ৰান্তৰ কল্যাণ সাধনৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিলে নতুন বিধি-ব্যৱস্থা

Posted On: 13 SEP 2020 2:40PM by PIB Guwahati

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহৰ ঘনিস্থ সহযোগিতাৰে ভাৰত চৰকাৰে কভিড-১৯ৰে মোকাবিলা কৰাৰ লগতে ইয়াৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰবন্ধন ব্যৱস্থাৰ নেতৃত্ব বহণ কৰিছে। বিগত সময়চোৱাত কভিড-১৯ৰ নিবাৰণ, প্ৰতিৰোধ আৰু উচিত প্ৰবন্ধনৰ বাবে বিভিন্ন ৰণ-কৌশলগত পদক্ষেপ গ্ৰহণ কৰা হৈছিল।

ভিডত তীব্ৰ ভাবে আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা বহু ৰোগীয়ে পৰৱৰ্তি সময়ত দুৰ্বলতা অনুভৱ কৰা, গাৰ বিষ, কাঁহ, ডিঙি চৰ-চৰোৱা, উশাহ-নিশাহ লোৱাত অসুবিধা পোৱাৰ দৰে কেতবোৰ সমস্যাত ভোগা পৰিলক্ষিত হৈছে। শোচনীয় ভাবে আক্ৰান্তসকলৰ লগতে আন ৰোগতো ভুগি থকাসকলে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিবলৈ সাধাৰণতকৈ কিছু অধিক সময়ৰ প্ৰয়োজন হয়।

এনে ৰোগীৰ লগতে সামগ্ৰিকভাবে সকলো কভিড আক্ৰান্তৰ কভিড-উত্তৰ পৰিস্থিতিত কল্যাণসাধনৰ বাবে এক প্ৰবন্ধন ব্যৱস্থাৰ বিশেষ প্ৰয়োজন হয়। এনে প্ৰেক্ষাপটতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এলানি কভিড-উত্তৰ প্ৰবন্ধনবিধি জাৰি কৰিছে। এই বিধি ব্যৱস্থা কভিড-ৰ পৰা আৰোগ্য লাভ কৰা লোকক ঘৰতে শুশ্ৰূষা কৰাত বিশেষ সহায়ক হব।

অৱশ্যে এই বিধি-ব্যৱস্থাৱলী নিবাৰণমূলক অথবা নিদানমূলক নহয়।

  1. ব্যক্তিগত পৰ্যায়ত কৰিবলগীয়া
    • ভিড-যোগ্য আচৰণাৱলী (মাস্কৰ ব্যৱহাৰ, সঘনে হাত ধোৱা, শাৰিৰীক ব্যৱধান অটুত ৰখা)অব্যাহত ৰখা।
    • যথেষ্ট পৰিমাণে কুহুমীয়া গৰম পানী খোৱা(যদি ই কোনো অসুবিধাৰ সৃষ্টি নকৰে)
    • কোনো অৰ্হতাসম্পন্ন আয়ুষ চিকিত্সকৰ পৰামৰ্শৰ আধাৰত আয়ুষসন্মত ৰোগ-প্ৰতিৰোধক ঔষধ গ্ৰহণ কৰা।
    • যদি দেহাই অনুমতি দিয়ে তেন্তে নিয়মীয়াকৈ ঘৰুৱা কাম-কাজ কৰা। পেছাদাৰী কাম-কাজত পৰ্যায়ক্ৰমে অংশগ্ৰহণ কৰা।
    • সীমিত ৰূপত ব্যায়াম আদিত মনোনিৱেশ কৰা।

 

  • দেহাই পৰা জোখৰে অথবা চিকিত্সকে দিয়া পৰামৰ্শ মৰ্মে দৈনিক যোগাসন, প্ৰাণায়াম আৰু ধ্যান আদি কৰা।
  • চিকিত্সকে দিয়া পৰামৰ্শৰ আধাৰত শ্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰা।
  • আৰামৰে আৰু দেহাই সহ্য কৰিব পৰা সীমাৰ ভিতৰত দৈনিক পুৱা-গধূলি খোজ কঢ়া।
    •  

সন্তুলিত পুষ্টিকৰ আহাৰ, বিশেষকৈ সহজে হজম কৰিব পৰা নতুকৈ ৰন্ধা কোমল খাদ্য গ্ৰহণ কৰা।

পৰ্যাপ্ত পৰিমাণে শোৱা আৰু আৰাম কৰা।

চিগাৰেট আৰু সুৰা গ্ৰহণৰ পৰা বিৰত থকা।

ভিড-ৰ বাবে অথবা দেহত ইতিমধ্যে থকা আন ৰোগৰ বাবে চিকিত্সকে দিয়া ঔষধ নিয়মীয়াকৈ গ্ৰহণ কৰা। ৰোগীয়ে ব্যৱহাৰ কৰা সকলো ঔষধৰ বিষয়ে পৰামৰ্শ প্ৰদানকাৰী চিকিত্সকক অৱগত কৰা।

দেহৰ উষ্ণতা, ৰক্ত চাপ, তেজৰ সৰ্কৰা(মধূমেহ ৰোগত আক্ৰান্তৰ ক্ষেত্ৰত জৰুৰী) অক্সিমিটাৰ(পৰামৰ্শ দিয়া থাকিলে)আদিৰে নিয়মীয়াকৈ ঘৰতে জোখ লোৱা।

শুকান কাঁহ, ডিঙি চৰ-চৰোৱাৰ সমস্যাত ভূগি থকাসকলে নিমখ পানীৰে কুলকুলোৱা আৰু নাকেৰে ভাপ উজোৱোৰ দিহা কৰা। চিকিত্সকৰ পৰামৰ্শ গ্ৰহণ কৰা, আয়ুষ-সন্মত বিধিৰে কাঁহ উপশমৰ ব্যৱস্থা কৰা।

অতিপাত জ্বৰ, উশাহ-নিশাহত সমস্যা অনুভৱ কৰা, অক্সিজেনৰ পৰ্যায় Sp02 < 95%ৰ কম হোৱা, বুকুৰ বিষ, নাড়ী-দুৰ্বলতা অনুভৱ কৰাৰ দৰে লক্ষণসমূহক সতৰ্ক হোৱাৰ আগতীয়া ইংগিত হিচপে গ্ৰহণ কৰা।

 

  1. সামাজিক পৰ্যায়ত গ্ৰহণ কৰিবলগীয়া
    • আৰোগ্য লাভ কৰোতাসকলে তেওঁলোকৰ অভিজ্ঞতাৰ ইতিবাচক দিশসমূহৰ কথা গণ-মাধ্যম, সমাজৰ নেতৃস্থানীয় ব্যক্তি, জনমত গঢ়োতা, ধৰ্মীয় গুৰু আদিৰ জৰিয়তে  তেওঁলোকৰ আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ আগত অৱগত কৰাৰ ব্যৱস্থা কৰাৰ লগতে অস্পৃশ্য অনুভৱ কৰাৰ প্ৰৱণতা নোহোৱা কৰাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা।
    • আৰোগ্য আৰু পুনৰসংস্থাপন(চিকিত্সা সংক্ৰান্তীয়, সামাজিক, পেশাগত আৰু জীৱিকা সংক্ৰান্তীয়)ৰ দিহা কৰাৰ বাবে স্বেচ্ছাসেৱী সংগঠন, সামাজিক সংগঠন আৰু অৰ্হতা সম্পন্ন পেছাদাৰসকলৰ সহযোগিতা গ্ৰহণ কৰা।
    • নেতৃস্থানীয় ব্যক্তি, স্বাস্থ্য-কৰ্মী, পৰামৰ্শদাতা আদিৰ সহযোগিতা কামনা কৰা। প্ৰয়োজন সাপেক্ষে মানসিক স্বাস্থ্য বিশেষজ্ঞৰ সহযোগিতা বিচৰা।
    • শাৰিৰীক ব্যৱধানবিধি মানি চলি যোগ, ধ্যান আদিৰ সমাৱেশী অনুষ্ঠানত অংশগ্ৰহণ কৰা।
  2. স্বাস্থ্য-সেৱা প্ৰদান ব্যৱস্থা স্থাপন কৰা
    • হাস্পটাল এৰাৰ প্ৰথম ৭দিনৰ ভিতৰত চিকিত্সকৰ পৰামৰ্শ গ্ৰহণ কৰা, বিশেষকৈ ইতিমধ্যে চিকিত্সা গ্ৰহণ কৰা চিকিত্সালয়খনত হলে ভাল।
    • পৰৱৰ্তি পৰ্যায়ৰ চিকিত্সা অথবা পুনঃপৰামৰ্শ গ্ৰহণৰ বাবে সমীপবৰ্তি চিকিত্সকৰ কাষলৈ যোৱা। নজনা-নুশুনা ঔষধৰ প্ৰয়োগৰ পৰা সতৰ্ক হোৱা।
    • ঘৰতে আচুতীয়াকৈ থকা লক্ষণযুক্ত ব্যক্তিয়ে সমীপবৰ্তি চিকিতসকৰ পৰামৰ্শ গ্ৰহণ কৰা।
    • শোচনীয় ভাবে আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰাৰ লগতে অধিক উন্নত চিকিত্সাৰ ব্যৱস্থা কৰা।

****

MV/SJ/KB



(Release ID: 1653912) Visitor Counter : 172