ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

২০২০-২১ বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্টলৈ ১৩% বিকাশেৰে এনএফএলে উৎপাদন কৰিছে ১৬.১১ লাখ টন ইউৰিয়া

সংশ্লিষ্ট সময়ছোৱাত সাৰৰ বিক্ৰী আৰু উৎপাদনত ব্যাপক বৃদ্ধি

Posted On: 11 SEP 2020 1:27PM by PIB Guwahati

নেশ্যনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেড চমুকৈ এনএফএলে ২০২০-২১ বিত্তীয় বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আগষ্ট মাহলৈ সময়ছোৱাত ১৬.১১ লাখ মেট্ৰিক টন উৎপাদনেৰে ইউৰিয়া সাৰ উৎপাদনৰ বাবে স্থিৰ কৰা লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ২০১৯-২০ বৰ্ষৰ একেই সময়ছোৱাত প্ৰতিষ্ঠানটোৱে উৎপাদন কৰিবলৈ সক্ষম হৈছিল ১৪.২৬ লাখ মেট্ৰিক টন সামগ্ৰী, অৰ্থাৎ এইবছৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে বিগত বৰ্ষৰ একেখিনি সময়ৰ তুলনাত ১৩% অধিক বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে।

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ সাৰ বিভাগৰ অধীনৰ এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এনএফলৰ মতে প্ৰতিষ্ঠানটোৱে ২০২০ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্ট মাহলৈ ২৩.৮১ লাখ মেট্ৰিক টন সাৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে, আৰু এই পৰিমাণ বিগত বৰ্ষৰ একেখিনি সময়ৰ তুলনাত ১৬% অধিক। উল্লেখ্য যে ২০১৯-২০ বৰ্ষৰ একেখিনি সময়তে প্ৰতিষ্ঠানটোৱে বিক্ৰী কৰিছিল ২০.৫৭ লাখ মেট্ৰিক টন সাৰ।

বিগত কেইটামান বৰ্ষত DAP, MoP, SSP আৰু কমপ্লেক্স সাৰ, ভেণ্টোনাইট ছালফাৰ, বীজ, জৈৱ উৰ্বৰক আৰু কৃষি ৰাসায়নিক সামগ্ৰীৰ নতুন নতুন ধৰণ উৎপাদন আৰম্ভ কৰি এনএফএলে একক সামগ্ৰী উৎপাদনকাৰীৰ পৰা বহুমুখী উৎপাদনকাৰীত পৰিণত হৈছে।

 

এনএফএলে এতিয়া কৃষকসকলৰ কৃষিকাৰ্যৰ বাবে সাৰ, ৰাসায়নিক সামগ্ৰী আৰু বীজ আদিৰ দৰে আটাইবোৰ জৰুৰী সামগ্ৰী একেখন মুধচৰ তলতে উপলব্ধ কৰোৱায়।

 

কোম্পানীটোৱে সম্প্ৰতি দেশৰ পাচটা ইউৰিয়া উৎপাদন কাৰখানা পৰিচালনা কৰি আছে। সেয়া ক্ৰমে পঞ্জাৱৰ নাংগাল আৰু বাথিণ্ডাত, হাৰিয়ানাৰ পানিপটত, মধ্যপ্ৰদেশৰ গুণা জিলাৰ বিজয়পুৰত দুটা কাৰখানা চলাই আছে এনএফএলে। ইয়াৰ উপৰিও বিজয়পুৰত এটা জৈৱিক সাৰ কাৰখানা আৰু পানিপটত এটা ভেণ্টোনাইট ছালফাৰ উৎপাদনৰ এটা কাৰখানা চলাই আছে।

 

*****

RCJ/RKM/RD


(Release ID: 1653455) Visitor Counter : 110