ৰাষ্ট্ৰপতি সচিবালয়

ছিংগাপুৰৰ ৰাষ্ট্ৰদূতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জমা দিলে তেওঁৰ পৰিচয় পত্ৰ

Posted On: 10 SEP 2020 12:14PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে আজি এক আভাসী সমাৰোহৰ জৰিয়তে ছিংগাপুৰ গণৰাজ্যৰ উচ্চায়ুক্ত মহামহিম মিঃ ছাইমন ৱং ৱাই কুৱেনৰ পৰিচয় পত্ৰ(লেটাৰ অৱ ক্ৰিডেন্স)গ্ৰহণ কৰে।

 

এই উপলক্ষে ৰাষ্ট্ৰপতিয়ে ছিংগাপুৰৰ উচ্চায়ুক্তক তেওঁৰ নিযুক্তিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ছিংগাপুৰ চৰকাৰে দেশখনত শেহতীয়াভাৱে সাধাৰণ নিৰ্বাচন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে ৰাষ্ট্ৰপতিয়ে অভিনন্দন জনাই কয় যে ভাৰত আৰু ছিংগাপুৰৰ মাজত দ্বিপাক্ষিক সম্বন্ধ অধিক মজবুত হৈছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদসহ বিভিন্ন বহুস্তৰীয় ফৰামত ভাৰতক কৰা শক্তিশালী সহযোগৰ বাবে তেওঁ ছিংগাপুৰক ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে কভিড-১৯ৰ সময়ছোৱাত পাৰস্পৰিক সহযোগিতাই দুয়োখন দেশৰ মাজত থকা বন্ধুত্ব আৰু বিশ্বাসৰ সম্পৰ্ক অধিক মজবুত কৰিছে।

 

 ********************************************************

VRRK/AKP/KG



(Release ID: 1653215) Visitor Counter : 182