বিত্ত মন্ত্ৰালয়

বেংকৰ ধাৰকসকলক সাহায্য প্ৰদানৰ মূল্যায়ন ক্ষেত্ৰত চৰকাৰক সহায় কৰিব বিশেষজ্ঞ কমিটীয়ে

Posted On: 10 SEP 2020 7:27PM by PIB Guwahati

সুদ ৰেহাই তথা অন্যান্য প্ৰাসংগিক বিষয়ক লৈ গজেন্দ্ৰ বাৰ্মা আৰু ইউঅ’আইৰ মাজত উচ্চতম ন্যায়ালয়ত চলি থকা শুনানিক লৈ বিভিন্ন চিন্তাৰ উদ্ৰেক হৈছে৷

ইয়াৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিক মূল্যায়ন বাবে এক বিশেষজ্ঞ কমিটী গঠন কৰা হৈছে, যাতে এই বিষয়টোৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ভালদৰে অৱগত কৰিব পাৰে৷

বিশেষজ্ঞ কমিটীখন হৈছে-

(i) শ্ৰী ৰাজীৱ মেহঋষি, ভাৰতৰ কেগৰ প্ৰাক্তন অধ্যক্ষ৷

(ii) ড০ ৰবীন্দ্ৰ এইচ. ধোলাকিয়া, প্ৰাক্তন অধ্যাপক, আইআইএম আহমেদাবাদ আৰু প্ৰাক্তন সদস্য, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি কমিটী৷

(iii) শ্ৰী বি. শ্ৰীৰাম, প্ৰাক্তন পৰিচালন সঞ্চালক, ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু আইডিবিআই বেংক৷

কমিটীৰ চৰ্তাৱলী নিম্নোলিখিত ধৰণৰঃ

(i) ক’ভিড-১৯ সম্পৰ্কীয় ম’টেৰিয়ামৰ বাবে সুদ ৰেহাই দিলে ৰাষ্ট্ৰীয় অৰ্থনীতি আৰু বিত্তীয় সুস্থিৰতা পৰিবলগীয়া প্ৰভাৱ মাপ কৰা৷

(ii) এই ক্ষেত্ৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ বিত্তীয় সমস্যা নিৰ্মূলকৰণ আৰু ল’বলগীয়া পদক্ষেপৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা৷

(iii) বৰ্তমানৰ পৰিস্থিতিত প্ৰয়োজনীয় যিকোনো পৰামৰ্শ আগবঢ়োৱা/নিৰীক্ষণ কৰা৷

এই কমিটীখনে এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব৷ ভাৰতীয় ষ্টেট বেংকে কমিটীখনক সচিবীয় সমৰ্থন আগবঢ়াব৷ এই উদ্দেশ্য কমিটীয়ে বেংক আৰু অন্যান্য অংশীদাৰৰ সৈতে প্ৰয়োজনীয় আলোচনাত মিলিত হ’ব পাৰিব৷

***

RM/KMN/DB



(Release ID: 1653139) Visitor Counter : 223