প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেদাৰনাথ ধামত অব্যাহত থকা উন্নয়নমূলক কাম-কাজ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

Posted On: 09 SEP 2020 6:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেদাৰনাথ ধামত অব্যাহত থকা উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। এই পৰ্যালোচনাত অধিক তীৰ্থযাত্ৰীৰ সমান্তৰালভাৱে পৰ্যটকৰ দৰ্শনৰ অৰ্থে কেদাৰনাথত আন্তঃগাঁথনিৰ উন্নয়ন সাধনত গুৰুত্ব আৰোপ কৰা যায়।

প্ৰধানমন্ত্ৰীয়ে তীৰ্থযাত্ৰী-অনুকূল আৰু পৰিবেশ-অনুকূল সা-সুবিধাৰ ব্যৱস্থাৰ পোষকতা কৰে। তেওঁ তদুপৰি কেদাৰনাথ আৰু ইয়াৰ চৌপাশৰ এলেকাৰ পৰৱৰ্তী উন্নয়ন সাধনৰ অংশ হিচাপে অব্যাহত থকা প্ৰচেষ্টাত শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰাৰ আহ্বান জনায়।

***

VRRK/SH/SB



(Release ID: 1652784) Visitor Counter : 95