ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ভাইৰেল হৈছে খাদীৰ ই-মাৰ্কেট প’ৰ্টেল; থলুৱা সামগ্ৰীক সমৰ্থন জনাইছে ভাৰতীয়ই

Posted On: 09 SEP 2020 11:48AM by PIB Guwahati

খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগৰ অনলাইন মাৰ্কেটিং অংশই কেভিআইচি ই-প’ৰ্টেলৰ জৰিয়তে সমগ্ৰ ভাৰতৰ কাৰিকৰসকলক তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰাত সুবিধা প্ৰদান কৰিছে৷ চলিত বৰ্ষৰ ৭ জুলাই তাৰিখে খাদী ফে’চ মাস্কৰ অনলাইন বিক্ৰী মুকলি কৰা হৈছিল আৰু আজি প্ৰায় ১৮০ বিধ সামগ্ৰী এই ই-মাৰ্কেট প্লেটফ’ৰ্মত উপলব্ধ হৈছে৷

কেভিআইচিৰ সামগ্ৰীসমূহত হাতে বোৱা কাপোৰ যেনে মুছলিন, ছিল্ক, ডেনিম আৰু কটন, ৰিতু বেৰীৰ ইউনিছেক্স বিচাৰ বস্ত্ৰ, খাদীৰ ছিগনেচাৰ হাতৰ ঘড়ী, বিভিন্ন ধৰণৰ মৌ, হাৰ্বেল আৰু গ্ৰীণ টী, হাৰ্বেল ঔষধ আৰু চাবোন, পাপৰ, মিঠাতেল ইত্যাদি অন্তৰ্ভুক্ত কৰা হৈছে৷ কেভিআইচিয়ে অনলাইন সামগ্ৰীত প্ৰতিদিনে ১০টাকৈ নতুন সামগ্ৰী সংযোজিত কৰি আছে আৰু চলিত বৰ্ষৰ ২ অক্টোবৰলৈ অতি কমেও এহেজাৰটা সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে৷ দুমাহতকৈও কম  সময়ৰ ভিতৰতে কেভিআইচিৰ সৈতে প্ৰায় ৪০০০ গ্ৰাহক সংযোজিত হৈছে৷

গ্ৰাহকসকলেও খাদী সামগ্ৰীৰ অনলাইন বিক্ৰীৰ ক্ষেত্ৰত আগ্ৰহ প্ৰদৰ্শন কৰিছে৷ দিল্লীৰ এজন খাদীৰ নিয়মীয়া গ্ৰাহকে  অসমত সেই একেটা সামগ্ৰী বিচাৰি পোৱা নাছিল৷ কিন্তু ই-মাৰ্কেটে এতিয়া তেওঁক ঘৰৰ দুৱাৰমুখতে নিজৰ ঈপ্সিত সামগ্ৰী পোৱাৰ সুবিধা কৰি দিলে৷

কেভিআইচিয়ে ৩১খন ৰাজ্য আৰু আন্দামান তথা নিকোবাৰকে ধৰি কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ পৰা অনলাইন অৰ্ডাৰ লাভ কৰিছে৷ কেভিআইচিৰ অৰ্ডাৰসমূহৰ ন্যূনতম মূল্য হ’ল ৫৯৯ টকা৷  ইয়াৰ বাবে খাদীয়ে ডাক বিভাগৰ সৈতে চুক্তি স্থাপন কৰিছে৷

কেভিআইচিৰ অনলাইন সামগ্ৰীত মোদী কুৰ্তা আৰু মোদী জেকেট, খাদী ৰূমাল, মচলা, হাৰ্বেল নীমৰ কাঠ, চেম্পু, মুখৰ প্ৰসাধন, গৰুৰ গোবৰ আৰু মুত্ৰ, যোগাভ্যাসৰ কাপোৰ, বিভিন্ন খাদ্য সামগ্ৰী আদি উপলব্ধ৷

******

RCJ/IA/MANN



(Release ID: 1652600) Visitor Counter : 215