গৃহ মন্ত্ৰালয়

আন্তৰ্জাতিক সাক্ষৰতা দিৱসত দেশবাসীক শুভেচ্ছা কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

‘ প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ চৰকাৰে শিশুসকলৰ সবলীকৰণ কৰা আৰু “সকলোৰে বাবে শিক্ষা” অভিযানৰ দিশত নিৰলসভাৱে কাম কৰি আছে’

“মোদী চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি, বেটী বচাও-বেটী পঢ়াও, সমগ্ৰ শিক্ষা অভিযান আদি সংস্কাৰে শিক্ষাৰ প্ৰতি দায়বদ্ধতা প্ৰতিফলিত কৰে ”

আন্তৰ্জাতিক সাক্ষৰতা দিৱস ২০২০-এ “কভিড-১৯ সংকট আৰু তাৰ বাহিৰতো শিক্ষাদান আৰু গ্ৰহণৰ বিষয়” ত আলোকপাত কৰে

प्रविष्टि तिथि: 08 SEP 2020 1:33PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আন্তৰ্জাতিক সাক্ষৰতা দিৱসত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এক টুইটযোগে শ্ৰী অমিত শ্বাহে কয়, প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ চৰকাৰে শিশুসকলৰ সবলীকৰণ কৰিছে আৰু সকলোৰে বাবে শিক্ষা অভিযানৰ দিশত ৰাষ্ট্ৰীয় শিক্ষা নীতি, বেটী বচাও-বেটী পঢ়াও, সমগ্ৰ শিক্ষা অভিযান আদি সংস্কাৰৰ জৰিয়তে নিৰলসভাৱে কাম কৰি আছে।

 

 

আন্তৰ্জাতিক সাক্ষৰতা দিৱস ২০২০-এ কভিড-১৯ সংকট আৰু তাৰ বাহিৰতো শিক্ষাদান আৰু গ্ৰহণৰ বিষয় বিশেষভাৱে শিক্ষাবিদসকল আৰু পৰিৱৰ্তিত শিক্ষানীতিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। থীমটোৱে আজীৱন শিক্ষাৰ দৃষ্টিকোণেৰে সাক্ষৰতা শিক্ষাক গুৰুত্ব প্ৰদান কৰিছে আৰু সেয়ে মূলতঃ যুৱসমাজ আৰু প্ৰাপ্তবয়স্কৰ ওপৰত দৃষ্টি নিবদ্ধ কৰে।

 

******

NW/RK/PK/DDD/AD/KG

 


(रिलीज़ आईडी: 1652510) आगंतुक पटल : 209
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Malayalam