PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 08 SEP 2020 6:30PM by PIB Guwahati

 

 

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতৰ মুঠ আৰোগ্য লাভে অতিক্ৰম কৰিলে ৩৩ লাখ; মুঠ ঘটনাৰ ৭৭% ৰোধিকৰ আৰোগ্য লাভ

অদ্যপি ভাৰতত ক’ভিড-১৯ত আক্ৰান্ত মুঠ ঘটনাৰ ৭৭%ৰোধিকে আৰোগ্য লাভ কৰিছে। মুঠ আৰোগ্য় লাভৰ সংখ্যাই ৩৩ লাখ (৩,৩২৩,৯৫০) অতিক্ৰম কৰিছে। এদিনত আৰোগ্য় লাভৰ সংখ্য়ায়ো নতুন শিখৰত আৰোহণ কৰিছে। যোৱা ২৪ ঘন্টাত ক’ভিড-১৯ ত আক্ৰান্ত ৭৩,৫২১ ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে।

 

৫ লাখ মুঠ ক’ভিড টেষ্টৰ শিখৰত আৰোহণ ভাৰতৰ, নিৰৱচ্ছিন্নভাৱে বৃদ্ধি পাইছে প্ৰতি নিযুতত টেষ্টৰ সংখ্যা, আজি ৩৬,৭০৩ ত অৱস্থান

ভাৰতে আজি ৫ লাখ অতিক্ৰমৰে মুঠ টেষ্টৰ নতুন শিখৰত আৰোহণ কৰে। ২০২০ৰ জানুৱাৰীত পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজিত মাত্ৰ এটা টেষ্টেৰে আজি ভাৰতৰ টেষ্টৰ সংখ্যা হয় ৫,০৬,৫০,১২৮ টা। দেশখনৰ বিস্তৃত টেষ্টিং ক্ষমতাৰ অধীনত যোৱা ২৪ ঘন্টাতে ১০,৯৮,৬২১ টা টেষ্ট কৰা হয়। দৈনিক গড় টেষ্টিং (সাপ্তাহিক হিচাপ)ৰ পৰিসংখ্যা প্ৰত্যক্ষ কৰিলে ইয়াৰ বৃদ্ধি প্ৰতীয়মান হয়।

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ৰ ‘ই সঞ্জীৱনী’ টেলিমেডিচিন সেৱাৰ ৩ লাখ টেলি-কনচালটেশ্যনৰ অভিলেখ, যোৱা ২০ দিনত ১ লাখ টেলি-কনচালটেশ্যন সম্পন্ন

টেলি-কনচালটেশ্যন আগবঢ়োৱা স্বাস্থ্য মন্ত্ৰালয়ৰ ‘ই সঞ্জীৱনী’ টেলিমেডিচিন সেৱাই, ৩ লাখ টেলি-কনচালটেশ্যন সম্পূৰ্ণ কৰিছে। ৯ আগষ্টত এই প্লেটফৰ্মে ১.৫ লাখ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত এখন বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে পৌৰহিত্য কৰে। এই প্লেটফৰ্মে পূৰ্বতকৈ এটা মাহৰ ভিতৰতে কনচালটেশ্যনৰ দুগুণ পঞ্জীয়নৰ অভিলেখ ৰচনা কৰে। যোৱা ২০ টা দিনতে এক লাখ টেলি-কনচালটেশ্যন সম্পন্ন হয়।

অধিক বিৱৰণৰ বাবে

 

প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ পুঁজি- এতিয়ালৈকে অগ্ৰগতি, পিএমজিকেপিৰ অধীনত ৪২ কোটিৰো অধিক দুখীয়া লোক লাভ কৰিলে ৬৮,৮২০ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য

১.৭০ লাখ কোটি টকাৰ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ পুঁজি (পিএমজিকেপি)ৰ অংশ হিচাপে, মহিলা আৰু দুখীয়া জ্যেষ্ঠ নাগৰিক আৰু কৃষকলৈ চৰকাৰখনে বিনামূলীয়া খাদ্য আৰু নগদ ধন প্ৰদানৰ কথা ঘোষণা কৰিছিল। এই পুঁজিৰ সুচল ৰূপায়ণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে নিৰৱচ্ছিন্নভাৱে ইয়াক পৰ্যবেক্ষণ কৰি আহিছে। পিএমজিকেপিৰ অধীনত ৪২ কোটিৰো অধিক দুখীয়া লোক লাভ কৰিলে ৬৮,৮২০ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য লাভ কৰিছে।

অধিক বিৱৰণৰ বাবে

 

ইএছআইচি হাস্পতাল আৰু ঔষধালয়, নয়দাত অনুপযুক্ত সেৱাৰ অভিযোগেৰে প্ৰকাশিত বাতৰি সন্দৰ্ভত ইএছআইচিৰ স্পষ্টীকৰণ 

নয়দাস্থিত ইএছআইচি হাস্পতাল আৰু ঔষধালয়ত ইএছআই আইপি আৰু তেওঁলোকৰ হিতাধিকাৰীসকলে যথোপযুক্ত সেৱা লাভ নকৰাৰ অভিযোগেৰে একাংশ বাতৰিকাককতত প্ৰকাশিত বাতৰি সন্দৰ্ভত ইএছআইচি এ স্পষ্টীকণ আগবঢ়াইছে। স্পষ্টীকৰণত কৈছে যে ইএছআইচি হাস্পতাল, নয়দাই আইপি আৰু তেওঁলোকৰ হিতাধিকাৰীসকললৈ সমৰ্পিত মেডিকেল কেয়াৰ আৰু সকলা ধৰণৰ ট্ৰিটমেন্ট সম্পৰ্কীয় সেৱা আগবঢ়াই আহিছে।

অধিক বিৱৰণৰ বাবে

 

গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত ৪ ছেপ্টেম্বৰ, ২০২০ লৈকে ৮,০৯,০০০ ৰোধিক কৰ্ম দিন সৃষ্টি ভাৰতীয় ৰেলৰ

গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত ৪ ছেপ্টেম্বৰ, ২০২০ লৈকে ৮,০৯,০০০ ৰোধিক কৰ্ম দিন সৃষ্টি কৰিলে ভাৰতীয় ৰেলে। ৬ খন ৰাজ্যত এয়া সম্ভৱপৰ হৈ উঠিছে। এই ৰাজ্য কেইখন হৈছে ঝাৰখণ্ড, বিহাৰ, মধ্য প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ। উল্লেখযোগ্য যে এই প্ৰকল্পৰ অধীনস্থ সকলোবোৰ দিশ ৰেল আৰু বাণিজ্য ও উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোয়েলে নিৰৱচ্ছিন্নভাৱে পৰ্যবেক্ষণ কৰি আহিছিল।

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কয়, ক’ভিডৰ পৰৱৰ্তী অৰ্থনীতত ইণ্ডিয়ান মাৰ্চেন্ট চেম্বাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ

কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম নিৰ্ভৰ ভাৰত অভিযান বাস্তৱায়িত কৰি তোলা আৰু ক’ভিডৰ পৰৱৰ্তী অৰ্থনীতিৰ আশু উন্নয়নৰ বাবে ইণ্ডিয়ান মাৰ্চেন্ট চেম্বাৰ (আইএমচি)ৰ ভূমিকা গুৰুত্বপূৰ্ণ। কালি আইএমচি চেম্বাৰ অৱ কমাৰ্ছ অৱ ইণ্ডাষ্ট্ৰীৰ ১১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনলাইনেৰে ভাষণ আগবঢ়াই, ডাঃ জিতেন্দ্ৰ সিঙে কয়, আইএমচিৰ এটা গৌৰৱোজ্জ্বল অতীত আছে তথা ইয়াৰ লিগেচীও মহান, ভৱিষ্যতৰ বাবেই ইয়াৰ ওপৰত সমানেই প্ৰত্যাশা আছে।

অধিক বিৱৰণৰ বাবে

 

১ এপ্ৰিলৰ পৰা মহামাৰীৰ সময়ছোৱাত ৯৪.৪১ লাখ ক্লেইম নিষ্পত্তি ইপিএফঅ’ৰ

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰোপিত বাধ্য-বাধকতা সত্বেও, ইপিএফঅ’য়ে এপ্ৰিল-আগষ্ট, ২০২০ৰ সময়ছোৱাত ৯৪.৪১ লাখ ক্লেইম নিষ্পত্তিকৰণৰ জৰিয়তে ইয়াৰ সদস্যসকললৈ ৩৫,৪৪৫ কোটি টকা আগবঢ়াবলৈ সক্ষম হৈছে। এই সময়ছোৱাত, ইপিএফঅ’য়ে ৩২%ৰোধিক অধিক ক্লেইম নিষ্পত্তি কৰিছে। যোৱা বৰ্ষৰ এই সময়ছোৱাত ক্লেইম নিষ্পত্তিৰ হাৰতকৈ চলিত বৰ্ষত এই বৃদ্ধিৰ হাৰ প্ৰায় ১৩%।

অধিক বিৱৰণৰ বাবে

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • পঞ্জাৱঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে লকডাউনত অধিক শিথিলতাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি, চহৰীয়া অঞ্চলসমূহৰ নন-এচেনচিয়েল শ্বপসমূহ শনিবাৰে মুকলি কৰাৰ নিৰ্দেশ দিয়া হৈছে।
  • হাৰিয়ানাঃ ক’ভিড-১৯ মহামাৰী সৃষ্ট সংকটত সুযোগলৈ ৰূপান্তৰিত কৰাৰ অৰ্থে, হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে অনলাইন এডমিশ্যন প্লেটফৰ্মৰ উদ্বোধন কৰে। ইয়াৰ জৰিয়তে, নতুন শিক্ষা বৰ্ষৰ কাৰণে মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলে স্নাতক পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰিব পাৰিব।
  • হিমাচল প্ৰদেশঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ সন্দৰ্ভত অনুষ্ঠিত সন্মিলনত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বন্দৰু দত্তাত্ৰেয়ই কয় যে এই নীতিখনি ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য় হিচাপে ইয়াৰ জনসাধাৰণে সংকল্প গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ক’ৰোনা মহামাৰীৰ সময়ছোৱাত ৰাজ্যখনত অনলাইনৰ জৰিয়তে শিক্ষাগ্ৰহণৰ মাত্ৰা বৃদ্ধি পাইছে। কিন্তু ইয়াৰ অৰ্থে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলক যথোচিত প্ৰশিক্ষণ প্ৰদানৰ পোষকতা কৰে ৰাজ্যপালগৰাকীয়ে।
  • অৰুণাচল প্ৰদেশঃ শেহতীয়াভাৱে ৰাজ্যখনত নতুনকৈ ১৮০ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২৪ জন ৰোগীয়ে ডিচাৰ্জ লাভ কৰিছে। ৰাজ্যখনত বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৫৭৬ টা আৰু আৰোগ্য লাভৰ হাৰ ৬৯ শতাংশ।
  • অসমঃ যোৱা ২৪ ঘন্টাত, অসমত ক’ভিড-১৯ৰপৰা আৰোগ্য লাভ কৰাৰ পাছত ২২৫০ জনক ডিচাৰ্জ দিয়া হয়। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যাই ১২৮২৪৪ স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত ৯৯০৭৩ জনক ডিচাৰ্জ দিয়া হৈছে আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৮৭৯৮।
  • মণিপুৰঃ মণিপুৰত শেহতীয়াকৈ ৮৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। ১৯৪ জনৰ আৰোগ্য লাভেৰে হাৰ হয় ৭৫ শতাংশ। ৰাজ্যখনত বৰ্তমানে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৭১০।
  • মেঘালয়ঃ মেঘালয়ত সক্ৰিয় ঘটনাৰ সংখ্যাই ১৪৫৭ স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত ৩১৪ জন বিএছএফ আৰু সশস্ত্ৰ বাহিনীসমূহৰ। এতিয়ালৈকে ৰাজ্যখনত ১৫৬০ ক’ভিড আক্ৰান্তই আৰোগ্য লাভ কৰিছে।
  • মিজোৰামঃ কালি মিজোৰামত নজন লোক ক’ভিডত আক্ৰান্ত হৈছে। ৰাজ্য়খনত মুঠ ঘটনাৰ সংখ্যাই ১১২৩ স্পৰ্শ কৰাৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩৯১।
  • নাগালেণ্ডঃ নাগালেণ্ডৰ ৰাজধানী ক’হিমাত বাছসমূহৰ আসন গ্ৰহণৰ বাবে বিশেষ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। বাছৰ ভিতৰত কোনো আৰোহীকে থিয় হৈ যাবলৈ দিয়া নহ’ব।
  • ছিকিমঃ আজি ১৯ জন লোকৰ দেহত ক’ভি ধৰা পৰে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৫৩৮ আৰু ১৪০৩ আক্ৰান্তই আৰোগ্য লাভ কৰাতে হাস্পতালৰপৰা ডিচাৰ্জ দিয়া হৈছে।
  • কেৰালাঃ কালি কেৰালাত নতুনকৈ ১,৬৪৮ জন লোক ক’ভিড-১৯ ত আক্ৰান্ত হয়। বৰ্তমানে ট্ৰিটমেন্ট লাভ কৰি আছে ২২,০৬৬ জন আক্ৰান্তই আৰু সমগ্ৰ ৰাজ্যখনত ২,০০,৬৫১ লোক কোৱাৰেন্টাইনত আছে।
  • তামিল নাডুঃ যোৱা ২৪ ঘন্টাত পুডুচেৰীত ক’ভিডত আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১.৯ শতাংশলৈ বৃদ্ধি পাইছে। এই সমযোৱাত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৪৪০ জন লোক।
  • কৰ্ণাটকঃ সাম্প্ৰতিক ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰখনে অনাড়ম্বৰভাৱেই জাতীয় অনুষ্ঠান উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ ঘটনাই পাঁচ-লাখৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমান এই পৰিমাণ হৈছে ৫,০৬,৪৯৩। সোমবাৰে মৃত্যু হোৱা লোকৰ সংখ্যাই ৪,৪৮৭ স্পৰ্শ কৰে। 
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্য়খনত ২৩৯২ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। একে সময়তে ২৩৪৬ জনে আৰোগ্য লাভ কৰিছে আৰু ১১ জনে মৃত্য়ুবৰণ কৰিছে।
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ চৰকাৰখনে ব্যক্তিগত লেবৰটৰীত সম্পাদিত হোৱা আৰটি-পিচিআৰ ক’ভিড-১৯ টেষ্টৰ মূল্য় হ্ৰাস কৰিছে. সেই অনুসৰি, যোৱা মাহত ১,৯০০ টকাৰ বিপৰীতে বৰ্তমান এই ব্যয় হৈছে ১,২০০ টকা।
  • মধ্য প্ৰদেশঃ ৰাজ্য় চৰকাৰখনে ৩১ অক্টোবৰৰ ভিতৰত ৩,৬০০ অক্সিজেন বেড আৰু ৫৬৪ খন আইচিইউ বেড সংস্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
  • চত্তীশগড়ঃ ৰাজ্যখনত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যাই ৪৭,২৮০ স্পৰ্শ কৰিছেগৈ। শেহতীয়াকৈ আক্ৰান্ত হৈছে ২,০১৭ জন লোক। একে সময়তে ১৫ জন লোকৰ প্ৰাণ হানি হোৱাত মুঠ মৃত্যুৰ সংখ্যা হৈ পৰে ৩৯৫।

 

ফেক্ট চেক

 

***  



(Release ID: 1652470) Visitor Counter : 278