উপ-ৰাষ্ট্ৰপতি সচিবালয়

উপ-ৰাষ্ট্ৰপতিয়ে পৰামৰ্শ আগবঢ়াইছে যে মধ্যাহ্ন ভোজন আঁচনিত গাখীৰ অন্তৰ্ভুক্ত হোৱা উচিত

কোভিড-১৯ মহামাৰীৰ সময়ছোৱাত মুৰ্গী পালন আৰু দুগ্ধ উৎপাদন খণ্ডক সুৰক্ষিত কৰিবলৈ চৰকাৰে হাতত লোৱা পদক্ষেপৰ বিষয়ে উপ-ৰাষ্ট্ৰপতিক জনোৱা হয়

Posted On: 07 SEP 2020 1:50PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম.ভেংকায়া নাইডুৱে আজি পৰামৰ্শ আগবঢ়াই যে শিশুৰ পুষ্টিৰ স্তৰ উন্নত কৰিবলৈ মধ্যাহ্ন ভোজন অথবা পুৱাৰ আহাৰৰ সৈতে গাখীৰ প্ৰদান কৰা উচিত।

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰানীৰ সৈতে পুষ্টি সন্দৰ্ভত আলোচনা কৰি ৰাষ্ট্ৰপতি শ্ৰী নাইডুৱে এই পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতিক নিশ্চয়তা দিয়ে যে কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজনত গাখীৰ অন্তৰ্ভুক্ত কৰিবলৈ সকলো ৰাজ্যক আহ্বান জনাব।

ইয়াৰ পূৰ্বে, আজি পুৱা পশুপালন আৰু দুগ্ধপালন বিভাগৰ সচিব শ্ৰী অতুল চতুৰ্বেদীয়ে উপ-ৰাষ্ট্ৰপতি নিৱাসত উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু মহামাৰী কোভিড-১৯ৰ সময়ছোৱাতপশুপালন আৰু দুগ্ধপালন খণ্ডৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ বিস্তৃতভাৱে অৱগত কৰায়।

তেওঁ উপ-ৰাষ্ট্ৰপতিক জানিবলৈ দিয়ে যে চৰকাৰে পশুপালন খণ্ডৰ ব্যৱসায়ক উদগণি যোগাই আছে আৰু বিভিন্ন ধৰণে সমৰ্থন আগবঢ়াইছে। দুগ্ধ সমবায়সমূহক সুসংগঠিত খণ্ড হিচাপে গঢ়ি তুলিবলৈও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখা বুলিও তেওঁ শ্ৰী নাইডুক অৱগত কৰায়।

****

VRRK/MS/MSY/DP/MS



(Release ID: 1652025) Visitor Counter : 138