PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 04 SEP 2020 6:08PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

অধিক ৰোগীৰ আৰোগ্য লাভেৰে, ভাৰতৰ মুঠ আৰোগ্য লাভে অতিক্ৰম কৰিলে ৩০ লাখ

বিশ্বৰ গড়তকৈ ভাৰতৰ আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ নিম্ন আৰু লক্ষ্যণীয়ভাৱে হ্ৰাস (বৰ্তমান ১.৭৪%) পোৱাই নহয়, বৰঞ্চ সক্ৰিয় ঘটনাসমূহৰ মাত্ৰ নগণ্য ৰোগীহে ভেন্টিলেটৰ ছাপ’ৰ্টত আছে। যাৰ হাৰ ০.৫%। তথ্য অনুসৰি, ২% ৰোগী আইচিইউ আৰু ৩.৫% তকৈয়ো কম ৰোগী অক্সিজেনৰ সুবিধাযুক্ত বিচনাত আছে। ইয়াৰ ফলশ্ৰুতিতেই, আজি ভাৰতৰ ক’ভিড-১০ৰপৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যাই ৩০ লাখ (৩০,৩৭,১৫১) অতিক্ৰম কৰে। যোৱা ২৪ ঘন্টাত ৬৬,৬৫৯ জনে আৰোগ্য লাভ কৰিছে।

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ টেষ্টত একেৰাহে নতুন শিখৰত আৰোহণ ভাৰতৰ, একেৰাহে ২য় দিনা ১১.৭০ লাখৰো অধিক নমুনা টেষ্ট সম্পন্ন, টেষ্টিঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ বিপৰীতে দৈনিক পজিটিভিটি হাৰ ৭.৫%ৰ নিম্ন আৰু সঞ্চয়ী পজিটিভিটি হাৰ ৮.৫%ৰ নিম্ন

দৈনিক ১০ লাখৰো টেষ্টৰ লক্ষ্যত উপনীত হোৱাৰ পাছত, ভাৰতে যোৱা দুটা দিনত ক’ভিড-১৯ৰ টেষ্টৰ ক্ষেত্ৰত নতুন শিখৰত আৰোহণ কৰিছে। যোৱা দুটা দিনত, সমগ্ৰ দেশতে ১১.৭০ লাখৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে। যোৱা ২৪ ঘন্টাত ১১,৬৯,৭৬৫ টা নমুনা পৰীক্ষা কৰা হয়। দৈনিক টেষ্টিঙৰ এনে বৰ্ধিত পৰিমাণৰ লক্ষ্যত বিশ্বৰ আন কোনো দেশেই উপনীত হ’ব পৰা নাই।

অধিক বিৱৰণৰ বাবে

আইপিএছলৈ নৱ-নিৰ্বাচিতসকলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

আজি চৰ্দাৰ বল্লভভাই পেটেল নেশ্যনেল পুলিছ একাডেমীৰ ‘দীক্ষান্ত পেৰেড কাৰ্যসূচী’ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইপিএছ শিক্ষানৱিছসকলেৰে মত-বিনিময় কৰে। এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় এই শিক্ষানুষ্ঠানখনিৰপৰা উত্তীৰ্ণ হৈ যোৱা প্ৰতিজন যুৱ আইপিএছ বিষয়াৰে তেওঁ মত-বিনিময় কৰি আহিছে কিন্তু এই বছৰ ক’ৰোনা মহামাৰীৰ বাবে তেখেতে তেওঁলোকক লগ কৰাত অসমৰ্থ হৈ পৰে। “কিন্তু মই নিশ্চিত যে মোৰ কাৰ্যকালতে, মই নিশ্চিতভাৱে একেস্থানতে আপোনালোকক লগ কৰিব পাৰিম,” তেওঁ লগতে কয়।

অধিক বিৱৰণৰ বাবে

ইউএছ-আইএছপিএফৰ আমেৰিকা-ভাৰত ২০২০ সন্মিলনত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ

কালি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা-ভাৰত ২০২০ সন্মিলনত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে। এই সন্মিলনখনিত সম্বোধন কৰি, শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় বিশ্ব মহামাৰীয়ে প্ৰতিজন ব্যক্তিকে প্ৰভাৱিত কৰিছে আৰু ই হৈছে আমাৰ সামৰ্থ্য, আমাৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা আৰু অৰ্থনৈতিক অৱস্থাৰ পৰীক্ষণৰ সময়। সাম্প্ৰতিক পৰিস্থিতিয়ে সতেজ মনস্তত্ত্বৰ পোষকতা কৰে। যি মনস্তত্ত্বত প্ৰোথিত হৈছে মানৱ কেন্দ্ৰিক উন্নয়নৰ ধাৰণা।

অধিক বিৱৰণৰ বাবে

ইউএছ-আইএছপিএফৰ আমেৰিকা-ভাৰত ২০২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ নিৰ্দিষ্ট বক্তাৰ ভাষণৰ পূৰ্ণপাঠ

অধিক বিৱৰণৰ বাবে

শ্ৰী পীয়ূষ গোয়েলে কয় দেশৰ ৰপ্তানি আৰু আমদানিয়ে ইতিবাচক প্ৰৱণতা প্ৰদৰ্শন কৰিছে; বাণিজ্য ঘাটি সংকুচিত হৈছে

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোয়েলে আজি ভিন্ন এক্সপ’ৰ্ট প্ৰম’শ্যন কাউন্সিল (ইপিচি)ৰ বিষয়-ববীয়াসকলেৰে মিলিত হয়। বৈঠকত দেশৰ বিশ্ব বাণিজ্য সম্পৰ্কীয় প্ৰসংগ, তৃণমূল পৰ্য়ায়ৰ পৰিস্থিতি আৰু ৰপ্তানিকাৰীসকলে সন্মুখীন হোৱা সমস্যাৰাজি সন্দৰ্ভত আলোচনা কৰা যায়। আৰম্ভণিতে অভিমত আগবঢ়াই, মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ৰপ্তানি তথা একেদৰে আমদানিয়ে ইতিবাচক প্ৰৱণতা প্ৰদৰ্শন কৰিছে।

অধিক বিৱৰণৰ বাবে

০৪-০৯-২০২০ অনুসৰি অভিলেখ সংখ্যক ১০৯৫.৩৮ লাখ হেক্টৰ ভূমিক আগুৰি লৈছে খাৰিফ শস্যই

চলিত খাৰিফ বতৰত, অভিলেখ সংখ্যক ১০৯৫.৩৮ লাখ হেক্টৰ মাটিক সাঙুৰি লোৱা হৈছে। আজিৰ তাৰিখত খাৰিফ শস্য সিঁচিবলৈ মাটি মোকলোৱাৰ ক্ষেত্ৰত মহামাৰী ক’ৰোনাই কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰা নাই। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে ভাৰত চৰকাৰৰদ্বাৰা গুঁটি, সাৰ, যন্ত্ৰ-পাতি আদিৰ সময়োচিত যোগানৰ বাবেই এই অভিলেখ অৰ্জন কৰিব পৰা হৈছে। মন্ত্ৰণালয়টো আৰু ৰাজ্য় চৰকাৰসমূহেও মিচন কাৰ্যক্ৰম আৰু ধ্বজাবাহী আঁচনিসমূহৰ সফল ৰূপায়ণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

অধিক বিৱৰণৰ বাবে

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • হাৰিয়ানাঃ ক’ভিড-১৯ মহামাৰী সন্দৰ্ভত আনলক-৪ ৰ নীতি-নিৰ্দেশনাৰে, হাৰিয়ানে চৰকাৰে ৰাজ্যখনত চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণৰ অৰ্থে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (এছঅ’পি) জাৰি কৰিছে। সেই অনুসৰি, চিত্ৰগ্ৰহণৰ সময় যিমান পাৰি সিমান কম কৰিবলৈ আৰু সৰ্বাধিক ৫০ জন শিল্পী-কলা-কুশলীকহে গোট খাবলৈ অনুমতি প্ৰদান কৰিছে।
  • পঞ্জাৱঃ পঞ্জাৱ চৰাকাৰে ৰাজ্যখনত ক’ভিড টেষ্টিঙৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰিবলৈ চৰকাৰী হাস্পতালত ইয়াক বিনামূলীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একেদৰে, ব্যক্তিগত হাস্পতালত টেষ্টিঙৰ ক্ষেত্ৰত ইয়াৰ মাচুল সৰ্বাধিক ২৫০ টকা নিৰ্ধাৰণ কৰি দিয়ে।
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত, শেহতীয়াভাৱে ২১৪ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে আৰু এজন লোকৰ মৃত্যু হৈছে। এতিয়ালৈকে ৰাজ্যখনত আঠজন আক্ৰান্তই মৃত্যুবৰণ কৰিছে।
  • অসমঃ অসমত নতুনকৈ ৩০৫৪ লোক ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে আৰু কালি ১৯৭১ আক্ৰান্তই আৰোগ্য লাভ কৰে। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ১১৮৩৩৩ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা ২৭,৩০৩ আৰু মুঠ ৩৩০ জন আক্ৰান্তৰ মৃত্যু হৈছে।
  • মণিপুৰঃ মণিপুৰত, নতুনকৈ ১০২ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে আৰু ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য় লাভ কৰিছে ১৬৭ জন আক্ৰান্তই। ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ ৭২ শতাংশ। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৮০৩ টা।
  • মিজোৰামঃ মিজোৰামত, কালি ৰাজ্যখনত নতুনকৈ ছজন লোক ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হয়। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা হৈছে ১০৪৬ টা। অসম আৰু ত্ৰিপুৰাৰে থকা সীমান্তত বাধ্যতামূলক ৰেপিড এন্টিজেন টেষ্ট মিজোৰাম চৰকাৰে উঠাই দিয়ে। অৱশ্যে ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ থাৰ্মেল স্ক্ৰীণিং আৰু প্ৰাথমিক নীতি-নিয়ম মানি চলিব লাগিব।
  • নাগালেণ্ডঃ নাগালেণ্ডত, আৰটি-পিচিআৰৰ জৰিয়তে টেষ্টিঙৰ বাবে মুঠ ৩৯,৭৬৯ টা নমুনা প্ৰেৰণ কৰা হৈছে। একেদৰে, ট্ৰুনাট যন্ত্ৰৰ জৰিয়তে টেষ্ট কৰিবলৈ অদ্যপি প্ৰেৰণ কৰা মুঠ নমুনাৰ সংখ্যা হৈছে ২৩,৬৩৮ টা।
  • কেৰালাঃ কালি ৰাজ্যখনত নতুনকৈ ১,৫৫৩ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা হৈছে ২১,৫১৬। ইফালে ভিন্ন জিলাসমূহৰ মুঠ ১.৯২ লাখ লোক কোৱাৰেন্টাইনত আছে। মৃত্যুৰ মুঠ সংখ্যা হৈছে ৩১৫।
  • তামিলনাডুঃ পুডুচেৰীত ২০ জনৰ মৃত্য়ুকে ধৰি এদিনতে সৰ্বাধিক লোক ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে এদিনতে ১৩ জন আক্ৰান্তই মৃত্যুবৰণ কৰিছিল। শুকুৰবাৰে পুৱা ১০ বজাত অন্ত পৰাৰ পূৰ্ববৰ্তী ২৪ ঘন্টাত ৫৯১ জন লোক নতুনকৈ ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে।
  • কৰ্ণাটকঃ জুলাইৰ পাছত কৰ্ণাটকত শেহতীয়াভাৱে অধিক লোকে ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। বৃহস্পতিবাৰে ১০৪ জন লোকৰ মৃত্যুকে ধৰি ৰাজ্যখনত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৬০৫৪।
  • অন্ধ্ৰ প্ৰদেশঃ আৰোগ্যশ্ৰী আঁচনি ৰূপায়ণ নকৰা অন্ধ্ৰ প্ৰদেশৰ হাস্পতালসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে। ইফালে, বিশাখাপট্টনমত ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৩৯ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ ২৪৭৮ লোক ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে। একে সময়তে, ২০১১ আক্ৰান্তই আৰোগ্য লাভ কৰিছে আৰু ১০ জন আক্ৰান্তই মৃত্যমুখত পৰিছে।
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা আৰু পশু পালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী সুনীল কেডাৰ (৫৯)ৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰ জৰিয়তে তেওঁ হৈ পৰিল ৰাজ্য়খনৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱা ৬ষ্ঠজন মন্ত্ৰী। বৃহস্পতিবাৰে, ৰাজ্যখনত ১৮,১০৫ জন লোক নতুনকৈ ক’ভিড-১৯ ত আক্ৰান্ত হয়। ইয়াৰ জৰিয়তে মুঠ আক্ৰান্তৰ সংখ্যা হয় ৮.৪৩ লাখ। কেৱল মুম্বাইতে আক্ৰান্ত হৈছে ১.৫০ লাখ।
  • গুজৰাটঃ বৃহস্পতিবাৰে, ক’ভিড-১৯ পজিটিভত ১ লাখ লোক আক্ৰান্ত হোৱা দেশৰ ১১ সংখ্যক ৰাজ্য হৈ পৰে গুজৰাট। ৰাজ্যখনত শেহতীয়াকৈ ১,৩২৫ জন লোক নতুনকৈ এই ভাইৰাছৰদ্বাৰা আক্ৰান্ত হৈছে। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ১,০০,৩৭৫।
  • ৰাজস্থানঃ ৰাজ্যস্থান চৰকাৰে ক’ৰোনাত আক্ৰান্ত লোকক ব্যক্তিগত হাস্পতালত ট্ৰিটমেন্টৰ ক্ষেত্ৰত মূল্য নিৰ্ধাৰণ কৰি দিয়ে। সেই অনুসৰি, দৈনিক ৫ ৰপৰা ৯,৯০০ টকাহে ল’ব পাৰিব ব্যক্তিগত হাস্পতালৰ কৰ্তৃপক্ষই। ৰাজ্যখনত আজিৰ তাৰিখত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৬,০৬৭ লাখ।
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত বৃহস্পতিবাৰে সৰ্বাধিক ১,৬৭২ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হয় ৬৮,৫৮৬ জন।

 



(Release ID: 1651462) Visitor Counter : 181