স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সৰ্বাধিক লোকৰ আৰোগ্য লাভেৰে ভাৰতত এই সংখ্যাই ৩০লাখৰ সীমা অতিক্ৰম কৰিলে ০.৫% ৰোগী ভেণ্টিলেটৰত, ২% আইচিইউ আৰু ৩.৫%তকৈ কম ৰোগীক অক্সিজেন প্ৰদান কৰিব লগা হৈছে

Posted On: 04 SEP 2020 3:18PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষা-চিনাক্ত-চিকিসা কৌশলৰ ফলত দেশত ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ নিম্নগামী হৈ আছে৷ দেশৰ আক্ৰান্ত লোকসকলৰ জীৱন ৰক্ষা কৰাৰ বাবে চিকিসা ব্যৱস্থা শক্তিশালী কৰাৰ দিশত অধিক গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ জৰিয়তে আৰোগ্যৰ হাৰ ব্যাপক হাৰত বৃদ্ধি পাইছে৷

ভাৰতত বিশ্বৰ তুলনাত কেৱল মৃত্যুৰ গড় হাৰেই নিম্নতম নহয়, বৰঞ্চ চিকিসাধীন ৰোগীৰ হাৰো সামান্য৷ শেহতীয়া তথ্য মতে দেশত ০.৫% ৰোগী ভেণ্টিলেটৰত, ২% আইচিইউ আৰু ৩.৫%তকৈ কম ৰোগীক অক্সিজেনৰ সহায় প্ৰদান কৰিব লগা হৈছে৷

Image

এই পদক্ষেপসমূহৰ ফলস্বৰূপে ভাৰতৰ মুঠ ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা আজি ৩০,৩৭,১৫১জনলৈ বৃদ্ধি পাইছে৷

বিগত ২৪ ঘণ্টাত ৬৬,৬৫৯গৰাকী লোকসহ ভাৰতত বিগত আঠ দিন একেৰাহে ৬০,০০০তকৈ অধিক লোক আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৭৭.১৫%লৈ উন্নীত হৈছে৷

ইয়াৰ ফলত আৰোগ্য আৰু চিকিসাধীন হৈ থকা ৰোগীৰ মাজৰ ব্যৱধান ২২লাখতকৈ অধিক হৈছে৷ বৰ্তমান দেশত ৮,৩১,১২৪জন ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷ এই সংখ্যা মুঠ আক্ৰান্ত ৰোগীৰ কেৱল ২১.১১%৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SJ/DB



(Release ID: 1651320) Visitor Counter : 195