স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশৰ দৈনিক নমুনা পৰীক্ষাত অপ্ৰত্যাশিত অগ্ৰগতি

দেশত বিগত ২৪ ঘন্টাত ১১ লাখ ৭০ হাজাৰতকৈ অধিক ক’ভিড নমুনা পৰীক্ষা সম্পন্ন

এইপৰ্যন্ত ৪ কোটি ৫০ লাখৰো অধিক নমুনা পৰীক্ষা সম্পন্ন

Posted On: 03 SEP 2020 11:59AM by PIB Guwahati

দেশত বিগত দুদিন ধৰি দৈনিক ভিত্তিত ১০ লাখৰো অধিক নমুনা পৰীক্ষাৰ অগ্ৰগতিৰ হাৰ অব্যাহত ৰাখি এইপৰ্যন্ত দৈনিক নমুনা পৰীক্ষাৰ সংখ্যাত অপ্ৰত্যাশিত অগ্ৰগতি দেখা গৈছে।

দেশত বিগত ২৪ ঘন্টাত ১১ লাখ ৭২ হাজাৰ ১৭৯ টা নমুনা পৰীক্ষা হৈছে। নমুনা পৰীক্ষাত এই সাফল্য অৰ্জনৰ লগে লগে সামগ্ৰিকভাৱে নমুনা পৰীক্ষাৰ সংখ্যা কোটি ৫৫ লাখ হাজাৰ ৩৮০ হৈছে।

দেশত ভিড-১৯ নমুনা পৰীক্ষাত দৈনিক অগ্ৰগতিৰ হাৰৰ দিশৰ পৰা যি সাফল্য অৰ্জন হৈছে, সেয়া সংশ্লিষ্ট সকলো পক্ষৰ সক্ৰিয় উদ্যোগ তথা অৱদানৰ পৰিণাম। বিগত জানুৱাৰী মাহৰ শেষপৰ্যন্ত দৈনিক নমুনা পৰীক্ষাৰ সংখ্যা আছিল ১০, তাৰ পৰিৱৰ্তে এইপৰ্যন্ত সেয়া হৈছেগৈ ১১ লাখৰো অধিক।

WhatsApp Image 2020-09-03 at 10.40.39 AM.jpeg

ভাৰতৰ দৈনিক ভিত্তিত গড় নমুনা পৰীক্ষাৰ সংখ্যা বিশ্বৰ অন্যতম সৰ্বাধিক। ধাৰাবাহিকভাৱে এনেদৰে অধিক সংখ্যক দীৰ্ঘ সময় ধৰি নমুনা পৰীক্ষাত অগ্ৰগতিৰ বিষয়টোৱে দেশৰ স্বাস্থ্য পৰিকাঠামোৰ লগতে উন্নত নমুনা পৰীক্ষাৰ বিষয়টোকো প্ৰতিফলিত কৰে। স্বাভাৱিকতেই নমুনা পৰীক্ষাৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাত মৃত্যুৰ হাৰ নিম্নমুখী হৈছে। আনকি, অধিক সংখ্যক নমুনা পৰীক্ষাৰ ফলত নিশ্চিতভাৱে আক্ৰান্তৰ সংখ্যাও স্বাভাৱিকভাৱেই হ্ৰাস পাইছে।

 

নমুনা পৰীক্ষাৰ এই অগ্ৰগতি সম্ভৱ হৈছে দেশৰ সুবিস্তৃত নমুনা পৰীক্ষাগাৰসমূহৰ নেটৱৰ্কৰ দ্ৰুত সম্প্ৰসাৰণৰ ফলত। ভাৰতত আজি পৰ্যন্ত নমুনা পৰীক্ষাগাৰৰ সংখ্যা ,৬২৩। ইয়াৰ ভিতৰত চৰকাৰী নমুনা পৰীক্ষাগাৰ ,০২২ আৰু বেচৰকাৰী নমুনা পৰীক্ষাগাৰৰ সংখ্যা ৬০১ টা।

 

নমুনা পৰীক্ষাৰ হাৰ দৈনিক ভিত্তিত বৃদ্ধি কৰাৰ লক্ষ্যৰে অত্যাধুনিক থ্ৰুপুট বা কম সময়তে অধিক ফলাফল প্ৰদান কৰাৰ উপযোগী যন্ত্ৰ স্থাপন কৰা হৈছে। ইতিমধ্যেই কলকাতাৰ নেশ্যনেল ইনষ্টিটিউট ফৰ কলেৰা এণ্ড এন্টেৰিক ডিজিজেছ চিকিৎসা  প্ৰতিষ্ঠান এনেধৰণৰ যন্ত্ৰ আৰম্ভ কৰা হৈছে। ইতিমধ্যেই কলকাতাৰ লগতে দিল্লী, মুম্বাই, পাটনা আৰু নয়ডাত ,৮০০ এই ধৰণৰ যন্ত্ৰ আৰম্ভ কৰা হৈছে। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, অত্যাধুনিক এই যন্ত্ৰবোৰে ন্যূনতম মানুহৰ হস্তক্ষেপ অবিহনেই দৈনিক গড়ে ,০০০ টা নমুনা পৰীক্ষাৰ ফলাফল প্ৰদান কৰিব পাৰে।

 

ভিড-১৯ বিষয়ে বস্তুনিষ্ঠ তথ্যৰ বাবে আৰু এই মহামাৰী প্ৰতিৰোধৰ বিষয়ে যিবোৰ নিৰ্দেশিকা জাৰি কৰা হৈছে সেয়া জানিবৰ বাবে https://www.mohfw.gov.in/ লিংকত ক্লিক কৰক অথবা টুইটাৰ হেণ্ডেল @MoHFW_INDIA.- ৰো সহায় পাৰে।

 

ভিড-১৯ এৰ বিষয়ে কোনো পৰামৰ্শ দিবলগীয়া থাকিলে technicalquery.covid19[at]gov[dot]in  অথবা  ncov2019[at]gov[dot]in - এই দুটা  -মেইলত যোগাযোগ কৰিব পাৰিব। টুইটাৰ হেণ্ডেল @CovidIndiaSeva- তো প্ৰশ্ন কৰিব পাৰিব।


ইয়াৰ উপৰিও +৯১-১১-২৩৯৭ -৮০৪৬  অথবা ফ্ৰী নম্বৰ ১০৭৫ ফোন কৰিব পাৰিব। বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ভিড১৯ সংক্ৰান্তীয় হেল্পলাইন নম্বৰসমূহৰ তালিকা লাভ কৰিবলৈ বিচাৰিলে তলৰ লিংকত ক্লিক কৰক -

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf

 

****

MV/SJ/RD



(Release ID: 1651055) Visitor Counter : 160