স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ অধিক হৈছে

একেৰাহে ছয় দিন ধৰি ভাৰতত প্ৰতিদিনে ৬০ সহস্ৰাধিক লোকে আৰোগ্য লাভ কৰিছে

আৰোগ্য পোৱা লোকৰ সংখ্যা সক্ৰিয় ৰোগীতকৈ ২.১ মিলিয়ন অধিক হৈছে

পোষ্ট কৰা হৈছে: 02 SEP 2020 4:57PM by PIB Guwahati

ভাৰতত আজি পৰ্যন্ত আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই ২৯ লাখৰ (২৯,০১,৯০৮) সীমা অতিক্ৰম কৰিছে৷ পূৰ্বৰ ২২ দিনৰ  তুলনাত ১০ লাখ লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে যোৱা কেৱল ১৭ দিনতে ১০ লাখ লোকে আৰোগ্য লাভ কৰিছে৷

ক’ভিড-১৯ৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱস্থাপনা দিনে দিনে উন্নত হ’বলৈ ধৰিছে৷ মে’ ২০২০ৰ পৰা ভাৰতত আৰোগ্য হোৱা লোকৰ সংখ্যা ৫৮ গুণ বৃদ্ধি পাইছে৷

WhatsApp Image 2020-09-02 at 10.56.00 AM.jpeg

১২ খন  ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৰাষ্ট্ৰীয় আৰোগ্য গড় সংখ্যাতকৈ আৰোগ্যৰ হাৰ অধিক প্ৰদৰ্শিত কৰিছে৷ মুঠ আৰোগ্যৰ পৰা মহাৰাষ্ট্ৰ আৰু তামিলনাডুৱে অকলে প্ৰায় ৩০% আৰোগ্যৰ হাৰ প্ৰদৰ্শিত কৰিছে৷

WhatsApp Image 2020-09-02 at 11.45.07 AM.jpeg

বিগত ২৪ ঘণ্টাত ৬২,০২৬ জনে আৰোগ্য লাভ কৰিছে৷ ভাৰতত ক’ভিড-১৯ৰ আৰোগ্যৰ হাৰ হ’ল ৭৬.৯৮%৷

সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যাই ২১ লাখৰ সীমা অতিক্ৰম কৰিছে৷

WhatsApp Image 2020-09-02 at 11.45.07 AM.jpeg

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****


(ৰিলিজ আই ডি : 1650701) অতিথি কক্ষ : 244