স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশত মুঠ ৪.৩৩ কোটি নমুনা পৰীক্ষাৰ ভিতৰত ১.২২ কোটি পৰীক্ষা বিগত ২ সপ্তাহত সম্পন্ন হৈছে

বিগত ২৪ ঘণ্টাত ১০ লাখৰো অধিক পৰীক্ষা সম্পন্ন

২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলযত প্ৰতি ১০ লাখ জন ব্যক্তি হিচাপে নমুনা পৰীক্ষাৰ হাৰ জাতীয় হাৰতকৈ অধিক

Posted On: 01 SEP 2020 3:11PM by PIB Guwahati

কেন্দ্ৰৰ টেষ্ট, ট্ৰাক আৰু ট্ৰিট নীতি অনুসৰণ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰে প্ৰচুৰ নমুনা পৰীক্ষা কৰাৰ ক্ষেত্ৰত সংক্ৰমিতসকলক ক্ষীপ্ৰতাৰে চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰাৰ ফলত সুস্থ হৈ উঠাৰ হাৰ বৃদ্ধি পাইছে।

দেশত মুঠ ৪,৩৩,২৪,৮৩৪ টা নমুনা পৰীক্ষাৰ ভিতৰত বিগত দুসপ্তাহত নমুনা পৰীক্ষা হৈছে ১,২২,৬৬,৫১৪ টা।

WhatsApp Image 2020-09-01 at 12.38.15 PM.jpeg

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰে ক্ৰমাৎ নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিছে। তামিলনাডু, উত্তৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰই এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। দেশত মুঠ নমুনা পৰীক্ষাৰ ভিতৰত এই তিনিখন ৰাজ্যত প্ৰায় ৩৪% পৰীক্ষা সম্পন্ন হৈছে।

WhatsApp Image 2020-09-01 at 10.53.34 AM.jpeg

বিগত ২৪ ঘন্টাত দেশত ১০,১৬,৯২০ টা নমুনা পৰীক্ষা হৈছে। প্ৰতিদিনে ১০ লাখতকৈ অধিক নমুনা পৰীক্ষাৰ ক্ষমতা অৰ্জনৰ ফলত সাপ্তাহিক নমুনা পৰীক্ষাৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। জানুৱাৰীৰ প্ৰথম সপ্তাহৰ হিচাপত বৰ্তমান প্ৰতি সপ্তাহে এই পৰীক্ষাৰ হাৰ চাৰি গুণ বৃদ্ধি পাইছে। 

দেশ জুৰি পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধি পাইছে। বৰ্তমান প্ৰতি ১০ লাখ জনৰ হিচাপত ৩১,৩৯৪ টা নমুনা পৰীক্ষা কৰা হৈছে। ২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০ লাখ জন ব্যক্তি হিচাপে নমুনা পৰীক্ষাৰ হাৰ জাতীয় হাৰতকৈ অধিক। যাৰ ভিতৰত গোৱা, দিল্লী, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত দৈনিক পৰীক্ষাৰ হাৰ সবাতোকৈ বেছি।

WhatsApp Image 2020-09-01 at 12.12.13 PM.jpeg

ক’ভিড-১৯ ৰ বিষয়ে বস্তুনিষ্ঠ তথ্যৰ বাবে আৰু এই মহামাৰী প্ৰতিৰোধৰ বিষয়ে যিবোৰ নিৰ্দেশিকা জাৰি কৰা হৈছে সেয়া জানিবৰ বাবে https://www.mohfw.gov.in/ লিংকত ক্লিক কৰক অথবা টুইটাৰ হেণ্ডেল @MoHFW_INDIA.- ৰো সহায় ল’ব পাৰে।

ক’ভিড-১৯ এৰ বিষয়ে কোনো পৰামৰ্শ দিবলগীয়া থাকিলে technicalquery.covid19[at]gov[dot]in  অথবা  ncov2019[at]gov[dot]in - এই দুটা  ই-মেইলত যোগাযোগ কৰিব পাৰিব। টুইটাৰ হেণ্ডেল @CovidIndiaSeva- তো প্ৰশ্ন কৰিব পাৰিব।

ইয়াৰ উপৰিও +৯১-১১-২৩৯৭ -৮০৪৬  অথবা ট’ল ফ্ৰী নম্বৰ ১০৭৫ ত ফোন কৰিব পাৰিব। বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড–১৯ সংক্ৰান্তীয় হেল্পলাইন নম্বৰসমূহৰ তালিকা লাভ কৰিবলৈ বিচাৰিলে তলৰ লিংকত ক্লিক কৰক -

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf

 

****

MV/SJ/RD



(Release ID: 1650499) Visitor Counter : 174