PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 01 SEP 2020 6:23PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত যোৱা ২৪ ঘন্টাত ৬৫,০৮১ আৰোগ্য হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৬৯,৯২১ জন, ৮১৯ আক্ৰান্তৰ মৃত্যু

যোৱা পাঁচ দিনৰেপৰা প্ৰতি দিনে ৬০,০০০ ৰোধিককৈ আৰোগ্য লাভ কৰাৰ দৰে যোৱা ২৪ ঘন্টাটো ৬৫,০৮১ জন আক্ৰান্তই আৰোগ্য লাভ কৰিছে। মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ২৮,৩৯,৮৮২ ৰে, কভিড-১৯ত আক্ৰান্ত ৰোগগীসকলৰ ভিতৰত আৰোগ্য লাভৰ হাৰ ৭৭% লৈ বৃদ্ধি পায় সক্ৰিয় ঘটনাতকৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩.৬১ গুণ অধিক। আজি ৭,৮৫,৯৯৬ সক্ৰিয় ঘটনাৰ বিপৰীতে ভাৰতত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ২০.৫৩ লাখৰো অধিক।

অধিক বিৱৰণৰ বাবে

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ তথ্যত নতুন সংযোজন, আৰোগ্য লাভ আৰু মৃত্যুৰ সংখ্যা

অধিক বিৱৰণৰ বাবে

 

মুঠ ৪.৩৩ কোটি টেষ্টৰ, ভাৰতে যোৱা ২ সপ্তাহতে সম্পন্ন কৰিলে ১.২২ কোটিৰো অধিক টেষ্ট; যোৱা ২৪ ঘন্টাত ১ নিযুতৰো অধিক টেষ্ট সম্পন্ন;
ৰাষ্ট্ৰীয় গড়তকৈ ২২ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভাল টিপিএম

কেন্দ্ৰৰ টেষ্ট, ট্ৰেক, ট্ৰিট কৌশলৰ ভিত্তিত পথনিৰ্দেশক নীতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰদ্বাৰা যুদ্ধকালীন ক্ষীপ্ৰতাৰে টেষ্টিং সম্পন্ন কৰা হৈছে। টেষ্টিঙৰ মাত্ৰা বৃদ্ধিৰ বাবে সোনকালে চিনাক্ত হৈছে আৰু আৰোগ্য লাভৰ সংখ্যা বৃদ্ধি কৰিছে। এই নীতিক অনুসৰণৰদ্বাৰাই, আজি ভাৰতৰ মুঠ টেষ্টে ৪.৩ কোটি (৪,৩৩,২৪,৮৩৪) অতিক্ৰম কৰে। কেৱল যোৱা দুটা সপ্তাহতে ১,২২,৬৬,৫১৪ টা টেষ্ট সম্পন্ন হৈছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ব্যাপকভাৱে তেওঁলোকৰ টেষ্টিং সামৰ্থ্য বৃদ্ধি কৰি তুলিছে।

অধিক বিৱৰণৰ বাবে

 

’ভিড সৃষ্ট সংকটৰ সময়ত ক্ৰিটিকেল মেডিকেল প্ৰডাক্ট যোগানত অংশীদাৰ হিচাপে ভাৰতে পালন কৰা ভূমিকাই দেশখনৰ বিশ্বাস আৰু নিৰ্ভৰযোগ্যতাকে সূচিত কৰিলেঃ শ্ৰী পীয়ূষ গোয়েল

আজি ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানে যোগান শৃংখলৰ স্থিথিস্থাপকতা সন্দৰ্ভত এখনি মন্ত্ৰী পৰ্যায়ৰ ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰে। এই বৈঠকত ভাষণ প্ৰদান কৰি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোয়েলে কয় যে এটা পৰিয়াল হিচাপে বিশ্বখনক গণ্য কৰাতো ভাৰতৰ পৰম্পৰা, যিয়ে কেৱল মাত্ৰ সমতুল্য যোগান নিশ্চিত কৰিবলৈ ক’ভিড সৃষ্ট সংকটৰ সময়ছোৱাত ৰপ্তানি ক্ষেত্ৰখনত ক্ৰিটিকেল মেডিকেল প্ৰডাক্ট যোগানৰ অৰ্থে এটা মূল ভূমিকা পালন কৰিলে।এই সকলো ব্যৱস্থাই অংশীদাৰ হিচাপে আমাৰ বিশ্বাস আৰু নিৰ্ভৰযোগ্যতাকে সূচিত কৰিলে আৰু মই নিশ্চিত যোগান শৃংখলৰ স্থিতিস্থাপকতা নিশ্চিত কৰিবলৈ এই নতুন প্ৰচেষ্টাত আমাৰ উদ্যোগে গুৰুত্বপূৰ্ণ কাৰক হিচাপে ক্ৰিয়া কৰিলে।

অধিক বিৱৰণৰ বাবে

 

গৰীৱ কল্যাণ ৰোজগাৰ অভিযানে গ্ৰামাঞ্চলৰ লেকসকলক জীৱিকাৰ সুযোগ প্ৰদান কৰিলে হিতাধিকাৰীসকলৰ সফলতাৰ কাহিনী

’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত, গাঁৱলৈ ঘূৰি অহা গ্ৰামাঞ্চলৰ প্ৰব্ৰজিত শ্ৰমিক আৰু সমজাতীয় আন ক্ষতিগ্ৰস্থ লোকসকলক কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ প্ৰদানৰ অৰ্থে গৰীৱ কল্যাণ ৰোজগাৰ অভিযান (জিকেআৰএ)ৰ শুভাৰম্ভ কৰা হৈছিল। বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ এই ৬ ৰাজ্যৰ যিসকল প্ৰব্ৰজিত শ্ৰমিক তেওঁলোকৰ নিজা গাঁৱলৈ ঘূৰি আহিছে, সেইসকলক কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ অভিযানমূলকভাৱে এই অভিযান আৰম্ভ কৰা হয়। এতিয়া এই অভিযানে এই ৰাজ্যকেইখনৰ ১১৬ খন জিলাৰ নিবাসীসকলক জীৱিকাৰ সুযোগ প্ৰদান কৰিছে।

অধিক বিৱৰণৰ বাবে

 

এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ডৰ অব্যাহত থকা নেশ্যনেল পৰ্টেবিলিটি ক্লাষ্টাৰত লাডাখ আৰু লক্ষদ্বীপক সংহতকৰণ

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছৱানে শেহতীয়াভাৱে “এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড” পৰিকল্পনাৰ ৰূপায়ণত অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰে। ইয়াত আন ২ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু লক্ষদ্বীপক অন্তৰ্ভুক্তি সন্দৰ্ভত কাৰিকৰী দিশবোৰ চালি-জাৰি চাই, ২৪ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্তমানে থকা নেশ্যনেল পৰ্টেবিলিটি ক্লাষ্টাৰত এই দুই কেন্দ্ৰীয় শাসিত অঞ্চলক সংহতকৰণত অন্তৰ্ভুক্ত কৰাত অনুমোদন জনায়। নেশ্যনেল ক্লাষ্টাৰত উভয় কেন্দ্ৰীয় শাসিত অঞ্চলে ট্ৰায়েল সম্পূৰ্ণ কৰে আৰু আন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰে নেশ্যনেল পৰ্টেবিলিটি লেন-দেনত টেষ্টিং সম্পন্ন হয়।

অধিক বিৱৰণৰ বাবে

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • পঞ্জাৱঃ ’ভিড ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ঘোষণা কৰে যে তেওঁৰ চৰকাৰে ছেপ্টেম্বৰৰ শেষলৈকে নগৰ অঞ্চলসমূহত বাধ্য-বাধকতা আৰোপ বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সমূহৰ ভিতৰত থাকিব ৰাজ্যখনৰ মুঠ ১৬৭ পৌৰ চহৰতে সপ্তাহন্তিক লকডাউন, সকলো মহানগৰতে সন্ধিয়া ৭ বজাৰপৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।
  • হিমাচল প্ৰদেশঃ ’ৰোনা ভাইৰাছ সন্দৰৰ্ভত জনসাধাৰণ অধিক সতৰ্ক হোৱা প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে, যোৱা কেইটামান দিনত ক’ভিড পজিটিভত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে তেওঁ এই আহ্বান জনাইছে।
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত, শেহতীয়াভাৱে আৰু ৭৮ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত কৰা হৈছে আৰু বৰ্তমান ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১২২০।
  • অসম: অসমত, ৩২৬৬ জন অধিক লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে আৰু সোমবাৰে ১৫৩১ জন লোকক ডিচাৰ্জ দিয়া হৈছে। মুঠ ঘটনাৰ সংখ্যা ১০৯০৪০ লৈ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৮৫৪৫৮ ক ডিচাৰ্জ দিয়া হয়। বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা ২৩২৭৩ আৰু অদ্যপি ৩০৬ জনৰ মৃত্যু হৈছে।
  • মণিপুৰ: মণিপুৰত, নতুনকৈ ১৪০ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে আৰু বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৮৯৪। শেহতীয়াভাৱে ৯১ জনে আৰোগ্য লাভ কৰাত আৰোগ্য লাভৰ হাৰ হৈছে ৬৯%।
  • মেঘালয়ঃ জনসাধাৰণৰ নিৰ্বাধ প্ৰবেশ নিষিদ্ধ প্ৰত্যাহাৰ নকৰাৰ বাবে মেঘালয় চৰকাৰৰ ওপৰত গৃহ পৰিক্ৰমা মন্ত্ৰণালয় ক্ষুন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত, উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টিংছুঙে এই স্থিতিৰ সপক্ষে কয় যে ক’ভিড মহামাৰীৰপৰা স্থানীয় জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাটো সৰ্বোচ্চ দায়িত্ব।
  • মিজোৰামঃ মিজোৰামত, মুঠ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১০১২ আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৪২৩।
  • নাগালেণ্ডঃ আজিৰপৰা নাগালেণ্ড চৰকাৰে আন্তঃ আৰু ৰাজ্যৰ ভিতৰত চলাচলৰ বাধ্যবাধকতা প্ৰত্যাহাৰ কৰিছে। ৩০ ছেপ্টেম্বৰলৈকে কন্টেইনমেন্ট এলেকাসমূহত লকডাউন অব্যাহত থাকিব। নাগালেণ্ডত পজিটিভ ঘটনাৰ সংখ্যা হৈছে ৩৯৫০ আৰু ইয়াৰে নিৰাপত্তা বাহিনীৰ ১৬৯২, ঘূৰি অহা ১২৬০, ট্ৰেচড কনটেক্ট ৭১৫ আৰু ফ্ৰন্টলাইন কৰ্মী ২৮৩।
  • ছিকিমঃ ছিকিমত, শেহতীয়াকৈ আৰু ১৮ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে, ১২৩৭ জনত ডিচাৰ্জ দিয়া হৈছে আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৪১৪।
  • কেৰালাঃ ’ভিড-১৯ৰ বাবে আজি ৰাজ্যখনত আৰু সাতজন লোকৰ মৃত্যু হয়। কালি ১,৫৩০ লোকৰ দেহত ক’ভিড-১৯ ধৰা পৰে।
  • তামিলনাডুঃ যোৱা ২৪ ঘন্টাত পুডুচেৰীত ৩৬৩ জন নতুনকৈ ক’ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু ১২ জনৰ মৃত্যু হৈছে। ইয়াত মুঠ আক্ৰান্তৰ সংখ্যা ১৪,৭৬৬, সক্ৰিয় ঘটনাৰ সংখ্যা ৪৮৫১ আৰু মুঠ মৃত্যুৰ সংখ্যা ২৪০।
  • কৰ্ণাটকঃ আগন্তুক কৰ্ণাটক বিধানসভাৰ অধিৱেশনৰ প্ৰাকক্ষণত, বিধায়কসকলৰ বাবে ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰা হৈছে।
  • অন্ধ্ৰ প্ৰদেশঃ আজি সমগ্ৰ অন্ধ্ৰ প্ৰদেশৰ ৫২ টা কেন্দ্ৰত জেইই মূল পৰীক্ষা অনুষ্ঠিত হয়। ’ভিড- ১৯ৰ নীতি-নিৰ্দেশনা মানি এই পৰীক্ষাত ৮২,৭৪৮ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত, ২৭৩৪ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে, ২৩২৫ জনে আৰোগ্য লাভ কৰিছে আৰু ০৯ জনৰ মৃত্যু হৈছে।
  • মহাৰাষ্ট্ৰঃ সোমবাৰে নতুনকৈ ১,৯৩৫ জন ক’ভিড-১৯ত আক্ৰান্ত হৈছে। যাৰ জৰিয়তে পুনেয়ে দিল্লীক অতিক্ৰম কৰে। ইয়াত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ১,৭৫,১০৫।
  • গুজৰাটঃ ৰাজকোটত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে, মহানগৰখনত মুখ্য় সচিব (স্বাস্থ্য) জয়ন্তী ৰবিৰ নেতৃত্বত জ্যেষ্ঠ স্বাস্থ্য বিষয়াৰ দল গৈ উপস্থিত হয়গৈ। যোৱা ২৪ ঘন্টাত গুজৰাটত, ১,২৮০ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৫,৬৩১।
  • ৰাজস্থানঃ যোৱা ২৪ ঘন্টাত ৰাজস্থানত নতুনকৈ ৬৭০ জনৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে, ১১৭ জনে আৰোগ্য লাভ কৰিছে আৰু ছজনৰ মৃত্যু হৈছে।
  • মধ্য প্ৰদেশঃ সোমবাৰে বিয়লিলৈকে তাৰ পূৰ্বৱৰ্তী ২৪ ঘন্টাত নতুনকৈ ১,৫৩২ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।

 

ফেক্ট চেক

***



(Release ID: 1650482) Visitor Counter : 274