গৃহ মন্ত্ৰালয়
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন শ্ৰী প্ৰণৱ মুখাৰ্জীৰ দেহাৱসানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শোক প্ৰকাশ
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন শ্ৰী প্ৰণৱ মুখাৰ্জীৰ দেহাৱসানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শোক প্ৰকাশ
“প্ৰণৱদা আছিল এজন অতিশয় অভিজ্ঞতাপূৰ্ণ নেতা যি ৰাষ্ট্ৰৰ প্ৰতি গভীৰভাৱে অনুৰক্ত আছিল; তেওঁৰ বিশাল কেৰিয়াৰ সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়”
আমাৰ মাতৃভূমিৰ প্ৰতি থকা প্ৰণৱদাৰ জীৱনৰ ক্ৰুটিহীন সেৱা আৰু অনবদ্য অৱদানক সদায়েই স্মৰণ কৰা হ’ব৷ তেওঁৰ দেহাৱসানৰ ফলত ভাৰতীয় ৰাজনীতিত এক বিশাল শূন্যৰ সৃষ্টি হ’ল
प्रविष्टि तिथि:
31 AUG 2020 7:34PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন শ্ৰী প্ৰণৱ মুখাৰ্জীৰ দেহাৱসানত শোক প্ৰকাশ কৰে৷ টুইটাৰত শ্ৰী অমিত শ্বাহে এইদৰে লিখিছে, ‘‘ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন শ্ৰী প্ৰণৱ মুখাৰ্জীৰ দেহাৱসানত গভীৰ শোক পাইছো৷’’
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, ‘‘প্ৰণৱদা আছিল এজন অতিশয় অভিজ্ঞতাপূৰ্ণ নেতা যি ৰাষ্ট্ৰৰ প্ৰতি গভীৰভাৱে অনুৰক্ত আছিল; তেওঁৰ বিশাল কেৰিয়াৰ সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ বিষয়৷’’
শ্ৰী অমিত শ্বাহে কয়, ‘‘আমাৰ মাতৃভূমিৰ প্ৰতি থকা প্ৰণৱদাৰ জীৱনৰ ক্ৰুটিহীন সেৱা আৰু অনবদ্য অৱদানক সদায়েই স্মৰণ কৰা হ’ব৷ তেওঁৰ দেহাৱসানৰ ফলত ভাৰতীয় ৰাজনীতিত এক বিশাল শূন্যৰ সৃষ্টি হ’ল৷ তেওঁৰ পৰিয়ালৰ সদস্য তথা অনুগামীসকলৰ প্ৰতি মই মোৰ গভীৰ সমবেদনা প্ৰকাশ কৰিছো৷ ওম শান্তি শান্তি শান্তি৷’’
*****
NW/RK/AD/SS/DDD/MANN
(रिलीज़ आईडी: 1650269)
आगंतुक पटल : 235