তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

দেশে এগৰাকী উত্তম সন্তানক হেৰুৱালে : প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰৰ শোক

प्रविष्टि तिथि: 31 AUG 2020 7:59PM by PIB Guwahati

ভাৰতৰ ভুতপূৰ্ব ৰাষ্ট্ৰপতি শ্ৰী প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰে গভীৰ শোক প্ৰকাশ কৰে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক শোক বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয়, ভাৰত ৰত্ন শ্ৰী প্ৰণৱ মুখাৰ্জীৰ ৰূপত ভাৰতে এগৰাকী মহান সন্তাক হেৰুৱালে। শ্ৰী মুখাৰ্জী এগৰাকী বুদ্ধিজীৱিয়েই নাছিল, তেওঁ দৰাচলতেই এগৰাকী সুদক্ষ সিদ্ধান্ত গ্ৰহণকাৰী,এগৰাকী পৰিকল্পক আৰু বহুকেইটাবছৰ ধৰি সংসদৰ মৰুদণ্ড স্বৰূপো আছিল। তেওঁ দেশৰ শাসন আৰু প্ৰশাসন ব্যৱস্থাত নিজৰ দক্ষতা প্ৰতিপন্ন কৰি গৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁ নিজৰ দায়িত্ব স্পষ্ট বোধগম্যতা আৰু মৰ্যাদাৰে নিৰ্বহণ কৰি গৈছে

শ্ৰী মুখাৰ্জীৰ ভাষণসমূহ প্ৰকাশ কৰাৰ বাবে অনুমতি বিচৰাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে শ্ৰী জাৱড়েকাৰে।  উল্লেখ্য যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দৰেই এই সম্পৰ্কীয় অনুমতি প্ৰদান কৰিছিল।

 

Saurabh Singh/KB


(रिलीज़ आईडी: 1650243)
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Hindi , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada