উপ-ৰাষ্ট্ৰপতি সচিবালয়

অ’নামৰ প্ৰাক-সন্ধিয়া জনসাধাৰণক শুভেচ্ছা উপ-ৰাষ্ট্ৰপতিৰ

Posted On: 30 AUG 2020 1:17PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম.ভেংকায়া নাইডুৱে এক বাৰ্তাৰে অনামৰ প্ৰাক-সন্ধিয়া জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

তেওঁৰ বাৰ্তাৰ লিখিত ৰূপ নিম্নোক্ত ধৰণৰঃ

মই অনামৰ পবিত্ৰ ক্ষণত দেশৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

কেৰালাৰ সৎ, সাহসী আৰু দয়ালু ৰজা মহাবলীৰ সন্মানাৰ্থে অনাম উৎসৱ পালন কৰা হয়। এই দিৱস উপলক্ষে পৰম্পৰাগত খেল, সংগীত আৰু নৃত্যানুষ্ঠান আয়োজন কৰা হয়। আটকধুনীয়া ফুলৰ দলিছাৰে ৰজা মহাবলীক আদৰণি জনোৱা হয়।

এই অনামে আমাক সততা, দয়া-মমতা, নিঃস্বাৰ্থতা আৰু ত্যাগৰ শিক্ষা দিয়ে। মহান শাসক মহাবলীয়ে মানুহৰ মাজত এই গুণসমূহ বিলাইছে।

নাম হল পৰিয়াল আৰু বন্ধুবৰ্গ একগোট হোৱাৰ এক উৎসৱ। অৱশ্যে, এইবাৰ কোভিড-১৯ৰ প্ৰাভূৰ্ভাৱৰ বাবে মই জনসাধাৰণক আহ্বান জনাও যে সকলোৱে যাতে নিজৰ ঘৰতে অনুষ্টুপীয়াকৈ অনাম উদযাপন কৰে। আশা কৰো এই উৎসৱে আমাৰ দেশত শান্তি, সমৃদ্ধি আৰু সুখৰ এক নতুন যুগৰ সূচনা কৰিব।

**********

VRRK/MS/MSY/DP/MS



(Release ID: 1649949) Visitor Counter : 116