স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশত বিগত ২৪ ঘণ্টাত ৯ লাখৰো অধিক নমুনা পৰীক্ষা সম্পন্ন, ভাৰতত প্ৰায় ৩ কোটি ৯০ লাখ নমুনা পৰীক্ষা হৈছে

ভাৰতত অতিক্ৰম হ’ল আন এক মাইলৰ খুঁটি – আৰোগ্য লাভৰ মুঠ সংখ্যাই অতিক্ৰম কৰিলে ২.৫ মিলিয়ন

সক্ৰিয় আৰু আৰোগ্য লাভৰ সংখ্যাৰ মাজত প্ৰায় ১৮ লাখৰ ব্যৱধান সৃষ্টি

प्रविष्टि तिथि: 27 AUG 2020 1:58PM by PIB Guwahati

কাৰ্যকৰীভাৱে ক’ভিড-১৯ ৰ বিৰুদ্ধে চলোৱা সংগ্ৰামখনত ভাৰতে 'টেষ্ট, ট্ৰেক, ট্ৰিট' কৌশল গ্ৰহণ কৰিছে। এই কৌশলৰ অংগ হিচাপে নমুনা পৰীক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে যাতে আক্ৰান্তসকলৰ ৰোগ চিহ্নিত কৰি উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰিব পাৰি। সময়মতে নমুনা পৰীক্ষা আৰু চিকিৎসা সেৱা প্ৰদানৰ ফলত আক্ৰান্তসকলক হাস্পতালত ভৰ্তি কৰা অথবা পৰিয়ালৰ অন্যসকলৰ পৰা পৃথকে ৰখাৰ ক্ষেত্ৰত কাম সহজ হৈ পৰিছে। আনকি, আক্ৰান্তসকলক আগতীয়াকৈ উপযুক্ত চিকিৎসা সেৱাৰ আওতালৈ লৈ অহাও সম্ভৱ হৈছে। যাৰ ফলশ্ৰুতিত, কৰ’নাত মৃত্যু হাৰ ক্ৰমাৎ হ্ৰাস পাইছে। আৰোগ্য লাভৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে।

 

দেশত কৰ’নাৰ সংক্ৰমণ আৰু প্ৰতিৰোধৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ ফলত আজি পৰ্যন্ত নমুনা পৰীক্ষাৰ সংখ্যা প্ৰায় ৩ কোটি ৯০ লাখ। বিগত ২৪ ঘণ্টাত ৯ লাখ ২৪ হাজাৰ ৯৯৮ টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ফলত, মুঠ নমুনা পৰীক্ষাৰ সংখ্যা এতিয়ালৈ হৈছেগৈ ৩ কোটি ৮৫ লাখ ৭৬ হাজাৰ ৫১০।

 

অধিক সংখ্যক কৰ’না আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰা আৰু হাস্পতাল বা হোম আইছ’লেশ্যনৰ পৰা পৰিত্ৰাণ পোৱাৰ ফলত দেশত আৰোগ্য লাভৰ সংখ্যা আজি পৰ্যন্ত ২৫ লাখ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহ কাৰ্যকৰীভাৱে ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলত ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰত্যাশিত সাফল্য পোৱা গৈছে। এই সাফল্যৰ নিদৰ্শন হিচাপে কৰ’নাত আৰোগ্য লাভৰ সংখ্যা আজি পৰ্যন্ত বৃদ্ধি হৈছে ২৫ লাখ ২৩ হাজাৰ ৭৭১। দেশত বিগত ২৪ ঘণ্টাত কৰ’না আক্ৰান্ত ৫৬,০১৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ইয়াৰ ফলত ভাৰতত সুস্থতাৰ হাৰ আজি পৰ্যন্ত বৃদ্ধি হৈছে ৭৬.২৪ শতাংশ।

 

দেশত নিশ্চিতভাৱে কৰ’নাত আক্ৰান্তৰ সংখ্যাৰ (৭ লাখ ২৫ হাজাৰ ৯৯১ – ইয়াৰ আটাইকেইগৰাকীয়েই বৰ্তমান চিকিৎসাধীন হৈ আছে) তুলনাত সুস্থতাৰ সংখ্যা বৃদ্ধি হৈছে প্ৰায় ১৮ লাখ (১৭ লাখ ৯৭ হাজাৰ ৭৮০)। ধাৰাবাহিকভাবে আৰোগ্য লাভৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত দেশত মুঠ কৰ’নাত আক্ৰান্তৰ ২১.৯৩ শতাংশ নিশ্চিতভাৱে বা সক্ৰিয়ভাৱে আক্ৰান্ত হৈছে।

 

স্বাস্থ্য মন্ত্ৰালয়ৰ ক্লিনিকেল মেনেজমেণ্ট প্ৰ’ট’কল অনুযায়ী, আইচিইউ আৰু হাস্পতালত চিকিৎসা সেৱাৰ সৈতে জড়িত বিশেষজ্ঞ চিকিৎসকসকলৰ দক্ষতা বৃদ্ধিৰ মাধ্যমেৰে আক্ৰান্ত ৰোগীসকলৰ উপযুক্ত চিকিৎসা সেৱা প্ৰদান সুনিশ্চিত হৈছে। ইয়াৰ উপৰিও, সময়মতে এম্বুলেন্স সেৱা, হাস্পতালবোৰত পৰ্যাপ্ত যোগান আৰু শ্ৰেষ্ঠতম চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ ফলত ৰাষ্ট্ৰীয় স্তৰত কৰ’নাত মৃত্যু হাৰ ক্ৰমাৎ নিম্নমুখী হৈছে। এই হাৰ আজি পৰ্যন্ত আৰু হ্ৰাস পাইছে আৰু ১.৮৩ শতাংশ হৈছে। ১০ খন ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলত কৰ’নাত মৃত্যু হাৰ ৰাষ্ট্ৰীয় গড় হাৰৰ তুলনাত যথেষ্ট কম।

 

দেশত কৰ’না সংকটৰ সৈতে মোকাবিলা আৰু আক্ৰান্তসকলক চিহ্নিতকৰণৰ ক্ষেত্ৰত নমুনা পৰীক্ষাগাৰবোৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভু্মিকা পালন কৰিছে। এই বিষয়টো বিবেচনাত ৰাখিয়েই নমুনা পৰীক্ষাগাৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি কৰা হৈছে। এই পৰ্যন্ত দেশত নমুনা পৰীক্ষাগাৰৰ সংখ্যা ১,৫৫০ হৈছে। ইয়াৰ ভিতৰত চৰকাৰী পৰীক্ষাগাৰ ৯৯৩ টা আৰু বেচৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ৫৫৭ টা।

 

Description: Image

 

ক’ভিড-১৯ ৰ বিষয়ে সবিশেষ তথ্য জানিবৰ বাবে আৰু এই মহামাৰী প্ৰতিৰোধৰ বিষয়ে যিবোৰ নিৰ্দেশিকা জাৰি কৰা হৈছে সেয়া জানিবৰ বাবে https://www.mohfw.gov.in/ লিংকটোত ক্লিক কৰক অথবা টুইটাৰ হেণ্ডেল @MoHFW_INDIA ৰ সহায় ল’ব পাৰে।

 

ক’ভিড-১৯ ৰ বিষয়ে কোনো পৰামৰ্শ থাকিলে technicalquery.covid19[at]gov[dot]in  অথবা  ncov2019[at]gov[dot]in - এই দুটা ই-মেইলত যোগাযোগ কৰিব পাৰিব। টুইটাৰ হেণ্ডেল @CovidIndiaSeva তো প্ৰশ্ন কৰিব পাৰিব।

 

ইয়াৰ উপৰিও +৯১-১১-২৩৯৭ -৮০৪৬  বা ট’ল ফ্ৰী নম্বৰ ১০৭৫ তো ফোন কৰিব পাৰিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলত ক’ভিড–১৯ সংক্ৰান্তীয় হেল্পলাইন নম্বৰবোৰৰ তালিকা লাভ কৰিবলৈ তলৰ লিংকত ক্লিক কৰক -

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf.

 

****

MV/SJ/RD


(रिलीज़ आईडी: 1649450) आगंतुक पटल : 320
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam