প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ক্ৰীড়াবিদসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ; মেজৰ ধ্যান চাঁদলৈ শ্ৰদ্ধাঞ্জলি

Posted On: 29 AUG 2020 10:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ক্ৰীড়াবিদসকলক শুভেচ্ছা জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে কিংবদন্তী ভাৰতীয় হকী খেলুৱৈ মেজৰ ধ্যান চাঁদৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হৈছে আমাৰ বিশিষ্ট ক্ৰীড়াবিদসকলৰ স্মৰণীয় সাফল্যক উযাপনৰ দিন, যিসকলে বিভিন্ন খেলৰ জৰিয়তে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে আমাৰ দেশক গৌৰৱান্বিত কৰিছে৷ তেওঁলোকৰ তপস্যা আৰু দৃঢ়তা অসাধাৰণ৷

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আমি মেজৰ ধ্যান চাঁদক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো, যিগৰাকী খেলুৱৈৰ হকীৰ লাঠিৰ যাদু কোনেও পাহৰিব নোৱাৰে৷ আজি আমাৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ সফলতাত অসাধাৰণ সমৰ্থন আগবঢ়োৱা পৰিয়াল, প্ৰশিক্ষক আৰু সহযোগীসকলক প্ৰশংসা কৰাৰো দিন৷

ভাৰত চৰকাৰে ক্ৰীড়াক জনপ্ৰিয় কৰা আৰু ভাৰতৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলক সহায় কৰাৰ বাবে বহুতো প্ৰচেষ্টা হাতত হৈছে৷ একেসময়তে মই সকলোকে তেওঁলোকৰ জীৱনত ক্ৰীড়া আৰু ফিটেনেছ অনুশীলনক দৈনিক কাম-কাজত অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান জনাইছো৷ এইবোৰৰ জৰিয়তে যথেষ্ট পৰিমাণে উপকৃত হ’ব পাৰি৷ সকলো সুখী আৰু সুস্থ হৈ থাকক তাকে কামনা কৰিলো৷

***

VRRK/SH/DB



(Release ID: 1649447) Visitor Counter : 274